Class 7 Assamese | lesson 4 | জনমভূমি। Jonombhumi


      জনমভূমি


          নিজৰ ওপজা ঠাইখন সকলো মানুহৰে অতি প্ৰিয়। এই ওপজা ঠাইখনতে প্ৰতিগৰাকী ব্যক্তিৰ জীৱন কালৰ অনেক স্মৃতি জড়িত হৈ থাকে, যিবোৰ স্মৃতিয়ে স্বদেশৰ প্ৰতি ব্যক্তিৰ অনুৰাগ বঢ়ায়। কবি নলিনীবালা দেৱীয়ে তেওঁৰ ওপজা ঠাইখনক জীৱনে-মৰণে ভালপোৱাৰ কথা কবিতাটিৰ মাজেৰে প্ৰকাশ কৰিছে। 


Class 7 Assamese | lesson 4 | জনমভূমি | Seba book




লেখকৰপৰিচয়- নলিনীবালা দেৱী

     নলিনীবালা দেৱীৰ জন্ম হৈছিল 1898 চনত বৰপেটাত। তেখেতে স্বাধীনতা সংগ্ৰামী কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈৰ জীয়ৰী। নলিনীবালা দেৱীৰ উল্লেখযোগ্য কবিতা পুথিসমূহ হ'ল সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ, পৰশমণি আদি। ইয়াৰ উপৰিও মীৰাবাঈ, শেষ পূজা, পাৰিজাতৰ অভিষেক আদি শিশু নাটিকৰ লগতে আত্মজীৱনীও লিখি থৈ গৈছে।



ক - পাঠভিত্তিক ক্ৰিয়া


(1) উত্তৰ দিয়া। 

(ক) কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে?

উত্তৰঃকবিয়ে আইৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে ।


(খ) কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইত শেষ জিৰণি লবলৈ ইচ্ছা প্ৰকাশ কৰিছে?

উত্তৰঃ কবিৰ ভাগৰুৱা আত্মাই আইৰ কোলাত অৰ্থাৎ নিজৰ জনমভূমিতে শেষ জিৰণি লবলৈ ইচ্ছা প্ৰকাশ কৰিছে।


(গ) কবিয়ে পখী হৈ ক'ত বাহ ল'ম বুলি কৈছে?
উত্তৰঃ কবিয়ে পখী হৈ ওখ বিৰিখত বাহ ল'ম বুলি কৈছে।


(ঘ) কবিয়ে হিমালয় পৰ্বতৰ ক'ত আৰু কি হৈ ৰ'ব বুলি কৈছে?

উত্তৰঃ কবিয়ে হিমালয় পৰ্বতৰ শুকুলা টিঙত থকা মানসী বিলত ফুলি ৰ'ব বুলি কৈছে। 


(2) কবিতাটোৰ পৰা অন্ত্যমিল থকা শব্দবোৰ বাছি লিখা। 

উত্তৰঃ

      পুৱাত ---      সন্ধিয়াত

      কোলাত ---   ছায়াত

       বিৰিখত ---  গীতত

       হৈ ---           ৰৈ

      জেউতি ---    আৰতি 

       বিলত  ---    চৰণত।


(3) তলৰ শব্দবোৰৰ অৰ্থ মিলাই লিখা। 

শব্দ                               অৰ্থ

পখী                              আদি

শীতলী                          চেনেহ

সোণোৱালী                   চৰাই

মৰম                             পৰ্বতৰ আগ বা ওখ ভাগ

প্ৰথম                             চেঁচা, শীতল

টিং                                সোন-বৰণীয়া


উত্তৰঃ 

শব্দ                               অৰ্থ 

পখী                              চৰাই

শীতলী                          চেঁচা, শীতল

সোণোৱালী                   সোন-বৰণীয়া

মৰম                              চেনেহ

প্ৰথম                              আদি

টিং                                পৰ্বতৰ আগ বা ওখ ভাগ।



Go to class 7 English
Go to class 7 অসমীয়া
Go to class 7 গণিত
Go to class 7 বিজ্ঞান
Go to class 7 সমাজ বিজ্ঞান
Go to class 7 Hindi
Go to অসমীয়া ব্যাকৰণ



(4) 'মুদিম আকৌ চকু

       তোমাৰ কোলাতে শুই

       জীৱনৰ শেষ সন্ধিয়াত'।

ওপৰৰ কবিতাফাঁকিৰ গদ্যৰূপ হ'ল - জীৱনৰ শেষ সন্ধিয়াত তোমাৰ কোলাত শুই আকৌ চকু মুদিম। এই উদাহৰণটো চাই তলৰ কবিতা কেইফাকি গদ্যৰূপত লিখা। 


(ক) সোণোৱালী মেঘ হৈ

                 ৰঙা হাঁহি বিৰিঙাম

                       শেঁতা পৰা দুখনি ওঁঠত।

উত্তৰঃ  শেঁতা পৰা ওঁঠ দুখনিত সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম।


(খ) আকাশৰ তৰা হৈ

              ৰ লাগি চাই ৰ'ম

                      সেউজীয়া শুৱনি জেউতি। 

উত্তৰঃ আকাশৰ তৰা হৈ সেউজীয়া শুৱনি জেউতি ৰ লাগি চাই ৰ'ম।


(5) পাঠত থকা 'জনমভূমি' কবিতাংশৰ মূলভাব লিখা। 

উত্তৰঃ  নিজৰ ওপজা ঠাইখন সকলো মানুহৰে অতি প্ৰিয়। এই ওপজা ঠাইখনতে প্ৰতিগৰাকী ব্যক্তিৰ জীৱন কালৰ অনেক স্মৃতি জড়িত হৈ থাকে, যিবোৰ স্মৃতিয়ে স্বদেশৰ প্ৰতি ব্যক্তিৰ অনুৰাগ বঢ়ায়। কবি নলিনীবালা দেৱীয়ে তেওঁৰ ওপজা ঠাইখনক জীৱনে-মৰণে ভালপোৱাৰ কথা কবিতাটিৰ মাজেৰে প্ৰকাশ কৰিছে। 

           কবিয়ে যেনেদৰে আইৰ কোলাত জনমৰ প্ৰথম চকু মেলিছিল  তেনেদৰে জীৱনৰ শেষ সন্ধিয়াত আইৰ কোলাতেই শুই চকু মুদাৰ কথা কৈছে। অৰ্থাৎ কবিয়ে যিখন ঠাইত জন্ম লৈছে তাতেই মৃত্যুবৰণ কৰিবলৈ বিচাৰিছে। কবিৰবাবে জনমভূমিখন বৰ আপোন, সেয়েহে মৰাৰ পিছতো পুনৰ সেই ঠাইতে ঘূৰি আহিব বিচাৰে। কবিৰ কল্পনাত, মৃত্যুৰ পিছত তেওঁৰ  আত্মাই পখী হৈ আকাশৰ বুকুত উৰি ফুৰিব, আপোন জনমভূমিৰ ওখ বিৰিখত বাহ লব আৰু পুৱা সুৱদি গীত জুৰিব। পৰ্বতৰ শুকুলা টিঙত গৈ মানসী বিলত ফুলি ৰ'ব।

          কবিয়ে মৃত্যুৰ পিছত নদী হৈ ওপজা ঠাইখনৰ চৰণ ধুব আৰু মাটি হৈ মিলি যাব ওপজা ঠাইখনৰ বুকুত। সোণোৱালী মেঘ হৈ জনমভূমিত ৰঙা হাঁহি বিৰিঙাব।
            


খ- ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)


(7) উপযুক্ত স্থানত যতি চিহ্ন প্ৰয়োগ কৰি তলৰ পদ্য কেইফাকি পুনৰাই লিখা। 

পুঁৱতিৰ লগে লগে                জগাম তোমাক নিতে
                 বনৰীয়া সুৱদি গীতত
আকাশৰ তৰা হৈ                  ৰ লাগি চাই ৰ'ম
                সেউজীয়া শুৱনি জেউতি
জোনাকত মিল হৈ                 বিমান পথত ৰৈ
                 ওৰে ৰাতি কৰিম আৰতি

উত্তৰঃ 
পুঁৱতিৰ লগে লগে                জগাম তোমাক নিতে
                 বনৰীয়া সুৱদি গীতত।
আকাশৰ তৰা হৈ                  ৰ লাগি চাই ৰ'ম
                সেউজীয়া শুৱনি জেউতি,
জোনাকত মিল হৈ                 বিমান পথত ৰৈ
                 ওৰে ৰাতি কৰিম আৰতি।


(8) তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।

জনম, শেষ, ছাঁ, ওখ, ৰাতি, দুখীয়া

উত্তৰঃ জনম- মৰণ

           শেষ- আৰম্ভ

           ছাঁ- পোহৰ

           ওখ- চাপৰ

           ৰাতি- দিন

           দুখীয়া- ধনী।


(9) বন্ধনীৰ ভিতৰত থকা শব্দবোৰৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি ভাগে ভাগে লিখা। 
( ভাল, ল'ৰা, ক'লা, কাউৰী, নীলা, আকাশ, লেতেৰা, সৰু, মাছ, পানী, গাখীৰ, বগা)

উত্তৰঃ বিশেষ্য পদঃ- ল'ৰা, কাউৰী, আকাশ, মাছ, পানী আৰু গাখীৰ। 

বিশেষণ পদঃ- ভাল, ক'লা, নীলা, লেতেৰা, সৰু আৰু বগা।



                    *****************

Go to class 9
Go to class 8
Go to class 7
Go to class 6
Go to class 5
Go to class 4
Go to class 3
Go to class 3
Go to class 2
Go to class 1
Go English Grammar 
Go to অসমীয়া ব্যাকৰণ
Go to Job Advertise
Go to Job news

#Please daily visit for new updates











No comments:

Post a Comment

Please do not enter any spam link in the comment box.