প্ৰত্যয়
১। প্রত্যয় কাক বোলে?
উ : প্রকৃতি বা মূলৰ লগত যিবোৰ বর্ণ বা বর্ণসমষ্টি যোগ হৈ নতুন নতুন অর্থ যুক্ত শব্দৰ সৃষ্টি কৰে, তাকেই প্রত্যয় বোলে। যেনেঃ ফুল + অনি = ফুলনি। চুৰ + অনী = চুৰুনী।
২। অসমীয়া ভাষাত প্রত্যয় কেইবিধ আৰু কি কি? সূত্ৰ লিখি উদাহৰণ দিয়া।
উ : অসমীয়া ভাষাত প্রত্যয় চাৰিবিধ। যেনেঃ
(ক) কৃৎ প্রত্যয়।
(খ) তদ্ধিত প্রত্যয়।
(গ) স্ত্রী প্রত্যয়।
(ঘ) বিভক্তি বাচক প্রত্যয়।
(ক) কৃৎ প্রত্যয়ঃ ধাতু বা ক্রিয়াৰ মূলৰ লগত যিবোৰ প্রত্যয় যোগ হৈ নতুন পদ গঠন হয়, তাকেই কৃৎ প্রত্যয় বোলে।
যেনেঃ লিখ্ + অক = লিখক
কৰ্ + ওৱা = কৰোৱা (পাঁচনি ধাতু)
(খ) তদ্ধিত প্রত্যয়ঃ প্রতিপাদিক বা নাম শব্দৰ পিছত যিবোৰ প্রত্যয় যোগ হৈ নতুন শব্দৰ সৃষ্টি হয়, তাকেই তদ্ধিত প্রত্যয় বোলে। যেনেঃ
দয়া + আলু = দয়ালু
গাঁও + অলীয়া = গাঁৱলীয়া
অসম + ঈয়া = অসমীয়া।
(গ) স্ত্রী প্ৰত্যয়ঃ নাম শব্দৰ স্ত্রী লিংগ বুজাবলৈ শব্দৰ পিছত যিবোৰ চিন যোগ হয়, তাকেই স্ত্রী প্ৰত্যয় বোলে। যেনেঃ
উকিল + অনী = উকিলনী
ৰান্ধ + অনী = ৰান্ধনী
গাল + পোৰা + ঈ = গালপোৰী
(ঘ) বিভক্তিবাচক প্ৰত্যয়ঃ নাম শব্দ বা ক্ৰিয়া বাচক শব্দৰ লগত যিবোৰ চিন যোগ হৈ পদ গঠন হয়, তাকেই বিভক্তি বোলে। বিভক্তিবোৰকো প্ৰত্যয়ৰ চিন বুলি গণ্য কৰা হয়। যেনেঃ
কৰ্ + আ = কৰা
ফুল + এ = ফুলে
৩। নিৰ্দিষ্টতাবাচক প্ৰত্যয় কাক বোলে ? উদাহৰণ দিয়া।
উঃ নিৰ্দিষ্টকৈ বুজাবলৈ বিশেষ্য শব্দৰ পিছত কিছুমান প্ৰত্যয় যোগ দিয়া হয়। এইবোৰকেই নিৰ্দিষ্টতাবাচক প্ৰত্যয় বোলে। এই প্ৰত্যয়বোৰ বিশেষ্য শব্দৰ উপৰি বিশেষণ, সংখ্যাবাচক শব্দ নাইবা প্ৰথম আৰু দ্বিতীয় পুৰুষৰ বাহিৰে আন কিছুমান সৰ্বনামৰ পাছত যোগ হয়। যেনেঃ মানুহ + টো = মানুহটো, হাত + খন = হাতখন, তিনি + টা = তিনিটা আদি।
৪। কেইটামান নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ উদাহৰণ দিয়া।
উঃ- -আখিঃ কল আখি, -কুৰাঃ জুইকুৰা, -খনঃ হাতখন, -চপৰাঃ মাটিচপৰা, -কোছাঃ চাবিকোছা, -জাকঃ চৰাইজাক, -পাফঃ ফুলপাহ আদি।
অসমীয়া ব্যাকৰণৰ সকলো প্ৰশ্নোত্তৰ পাবলৈ- CLICK HERE
প্ৰত্যয়বাচক বিভিন্ন চিনসমূহঃ
অণী - ধৰ + অণী = ধৰণী (কৃৎ বাচ্যত)
অতি - চল্ + অতি = চলতি
ওঁতা - খা + ওঁতা = খাওঁতা
অন - শো + অন = শোৱন
অনি - ৰান্ধ + অনি = ৰান্ধনি (পুং)
অনীয়া - মাগ্ + অনীয়া = মাগনীয়া
অৰীয়া - নাওঁ + অৰীয়া = নাৱৰীয়া
আৰু - লিখ + আৰু = লিখাৰু
উৰী - কান্দ + উৰী = কান্দুৰী (স্ত্রী)
ইব - মৰ + ইব = মৰিব
ইল - যা + ইল = গ'ল
ইলত - যা + ইলত = গ'লত
ঈয়া - গৰু + ৰাখ + ঈয়া = গৰখীয়া
উৱা - বহ + উৱা = বহুৱা
অক - লিখ + অক = লিখক
অন্ত - চল্ + অন্ত = চলন্ত
অঁতী (স্ত্রী) - খা + অঁতী = খাৱঁতী
অনা - বাজ + অনা = বাজনা
অনী - ৰান্ধ্ + অনী = ৰান্ধনী (স্ত্রী)
অনিয়াৰ - মাগ + অনিয়াৰ = মগনিয়াৰ
আ - শো + আ = শোৱা
উৰা - কান্দ্ + উৰা = কান্দুৰা
ই - হাঁহ + ই = হাঁহি
ব - খা + ব = খাব
ইলে - যা + ইলে = গ'লে
অৰুৱা - বাট + অৰুৱা = বাটৰুৱা
ওঁতে - খা + ওঁতে = খাওঁতা।
সংস্কৃত কৃৎ প্ৰত্যয়ৰ চিনঃ
তব্য - কৃ + তব্য = কৰ্তব্য
ন্যাৎ - ভজ্ + ন্যাৎ = ভাগ্য, ভাজ্য
ক্যপ্ - হন্ + ক্যপ্ = হত্যা
শানচ্ - বৃৎ + শানচ্ = বৰ্তমান
ক্তিন - শক্ + ক্তিন = শক্তি
অনট - ভু + অনট = ভৱন
শালা - ধৰ্ম + শালা = ধৰ্মশালা
অতী - খীৰ + অতী = খীৰতী
অতিয়াৰ - সাঁচ + অতিয়াৰ = সাঁচততিয়াৰ
অৰি - ফুল + অৰি = ফুলৰি
অৰীয়া - বন + অৰীয়া = বনৰীয়া
আম - ফুল + আম = ফুলাম
আৰ - কুম্ভ + আৰ = কুমাৰ
আঙ - খৰ + আঙ = খৰাং
আলী - ভোগ + আলী = ভোগালী
আল - গুৰি + আল = গুৰিয়াল
ইলা - কাম + ইলা = কামিলা
ঈ - পঞ্জাৱ + ঈ = পঞ্জাৱী
উৱাল - পাহ + উৱাল = পাহুৱাল
উকা - লাজ + উকা = লাজুকা
ময় - বোকা + ময় = বোকাময়
উৱৈ - খেল + উৱৈ = খেলুৱৈ
অনীয়া - দৃশ + অনীয়া = দৰ্শনীয়
যৎ - শ্ৰু + যৎ = শ্ৰব্য
শতৃ - মহ্ + শতৃ = মহৎ
ক্ত - পূজ + ক্ত = পূজিত
ঘঞ - প্ৰ-সদ + ঘঞ = প্ৰসাদ
অ - হিনস্ + অ = সিংহ
অচ - সৃপ + অচ = সৰ্প
অতি - বাপ + অতি = বাপতি
অতীয়া - তল + অতীয়া = তলতীয়া
অন - প্ৰত্যয় + অন = পতিয়ন
আই - চাফ্ + আই = চাফাই
আন - শুষ্ক + আন = শুকান
আমি - মূৰ্খ + আমি = মূৰ্খামি
আৰী - সোণ + আৰী = সোণাৰী
আলি - বেজ + আলি = বেজালি
ইয়াল - মৰম + ইয়াল = মৰমিয়াল
ইয়া - মাজ + ইয়া = মজিয়া
ইল - ৰং + ইল = ৰঙিল
ইলি - মাহ + ইলি = মাহিলি
উৱা - পেট + উৱা = পেটুৱা
উক - ভাব + উক = ভাবুক
কুৱা - তেনে + কুৱা = তেনেকুৱা
হাল - জুই + হাল = জুহাল।
তলত কিছুমান গুৰুত্বপূৰ্ণ শব্দৰ প্ৰত্যয় ভাঙি দেখুৱা হ'লঃ
ঢুলীয়া= ঢোল + ঈয়া
প্ৰত্যেক= প্ৰতি + এক
চুৱাপাতনি= চুৱা + পাত + অনি
বজৰুৱা= বজাৰ + উৱা
বাঢ়নী= বাঢ় + অনী
লোহাৰ= লৌহ + আৰ
মাহেকীয়া= মাহ + এক + ঈয়া
যজ্ঞ= যজ্ + ন
বিহগী= বিহগ + ঈ
নয়ন= নে + অন
নিপুণতা= নিপুণ + অতা
বৰ্তমান= বৃৎ + শানচ্
সামাজিক= সমাজ + ইক
নাচন = নাচ + অন
সামগ্ৰিক= সমগ্ৰ + ইক
বিদেশী= বিদেশ + ঈ
খেতিয়ক= খেতি + অক
বেজালি= বেজ + আলি
বাটৰুৱা= বাট + অৰুৱা
তলতীয়া= তল + অতীয়া
সাদিনীয়া= সাদিন + ঈয়া
লিখাৰু= লিখ + আৰু
গন্তব্য= গম্ + তব্য
খঙাল= খং + আল
গায়ক = গৈ + অক
সেউজীয়া= সেউজ+ ঈয়া।
…….……


মৰমিয়াল।
ReplyDeleteBononi
DeleteSir pdf
Deleteমৰম + ইয়াল
DeleteThank you
ReplyDeleteTq
ReplyDeletepatyay bhanga " bhashan "
ReplyDeleteSo good for students
ReplyDeletecan you please give other words...means at least of all letters and all word that are likely to be important
ReplyDelete😍😍😍😍😍😍😍
ReplyDeleteOoopoo[ooo[oo[oooooo
ReplyDeleteখেতিয়ক
ReplyDeleteভৌগলিক,ফুলনি, শাৰীৰিক all are must important ☺️
ReplyDeleteঅসমীয়া অলংকাৰ আঙঠি
ReplyDeleteঅসমীয়া অলংকাৰ গলপতা
অসমীয়া অলংকাৰ ঢোলবিৰি
মায়াবিহ wordbur vangi dioksunn
ReplyDeleteদন্দুৰা word tu দন্দুৰ+ আ hobo neki
ReplyDeleteThanks
ReplyDeleteThanks
ReplyDelete