Class 9| Assamese| পাঠ-২ মানৱ বন্দনা।


 মানৱ বন্দনা

                                চন্দ্ৰকুমাৰ আগৰৱালা


Class 9| Assamese| পাঠ-২ মানৱ বন্দনা।


প্ৰশ্নাৱলী

ভাব-বিষয়ক

১। চমু উত্তৰ লিখাঃ

(ক) 'মানুেহই পৰা‍ৎপৰ' বোলা কথাষাৰৰ অৰ্থ কি?

উত্তৰঃ মানুহেই পৰাৎপৰ বােলা কথাষাৰৰ অর্থ

হ'ল- মানুহেই শ্রেষ্টতকৈও শ্রেষ্ট, পৰমসত্য।



(খ) মানুহক ময়াপী জীৱ বোলাৰ অৰ্থ কি?

উত্তৰ: এই সংসাৰত মানুহৰ আগমন আৰু গমন এটা চিৰন্তন গতি।

অৰ্থাৎ মানুহৰ জন্ম আৰু মৃত্যু চিৰসত্য। ই যেন এক মায়া সদৃশ। সেয়েহ মানুহক মায়াপী জীৱ বুলিছে।



(গ) পাদ্য- অর্ঘ্য লৈ মানুহক পূজা কৰাৰ অর্থ

কি?

উত্তৰঃ পাদ্য- অর্ঘ্য লৈ মানুহক পূজা কৰাৰ অর্থ

হ'ল- দেৱতাৰ পূজাৰ সলনি মানৱ পূজাৰ

আয়ােজন কৰা ।




২/ ‘মানৱ বন্ধনা’ কবিতাটিৰ সাৰাংশ তােমাৰ

নিজৰ কথাৰে লিখা।

উত্তৰঃ কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ মানৱ বন্দনা' কবিতাটিত মানৱ ধৰ্মৰ শ্ৰেষ্ঠত্ব প্রতিপন্ন হৈছে । পৃথিৱীলৈ অনাদি কালৰ পৰা মানুহৰ অহা-যােৱা চলিছে। অন্তহীন মানৱ হোতেৰে প্লাবিত এই পৃথিৱীক সেয়েহে মৰ্ত্য অর্থাৎ মৃত্যুলােক বােলা উচিত নহয় । মানৱ জনম মানুহৰ বাবে কাম কৰি অতিবাহিত কৰিবলৈ কবিয়ে আহব্বান জনাইছে । কাৰণ মানুহক মৰম কৰিব জনিলেহে প্রকৃত ধর্ম আচৰণ কৰা হয় ।

          এই পৃথিৱীত আমি লগ সংগ আদি বিভিন্ন ৰূপত মানুহকে পাওঁ । মানুহ শ্রেষ্টতকৈও শ্রেষ্ঠ, পৰম সত্য। সেই শ্রেষ্ঠ মানুহৰ বাসভূমি পৃথিৱী স্বর্গতকৈও শ্রেষ্ঠ। মানুহেই দেৱতা , মাসেই সেৱাৰ যােগ্য । মানুহতকৈ শ্রেষ্ঠ আন কোননা নাই । সেয়েহে কবিয়ে দেৱ পূজাৰ সলনি মানৱ পূজাৰ আয়ােজন কৰি মানুহক মানৱ ধর্ম পালন কৰিবলৈ উপদেশ দিছে।




৪। তাৎপৰ্য বাখ্যা কৰাঃ

(ক) মানৱী জনম        দিয়া উটুৱাই

              মানৱী কৰম সোঁতে,

    মানুহৰ মৰম         বুজিবা মানুহে

               ধৰম যে মৰমতে।


উত্তৰঃ  মানৱী জনম         দিয়া উটুৱাই

                     মানৱী কৰম সোঁতে,

           মানুহৰ মৰম           বুজিবা মানুহে

                      ধৰম যে মৰমতে।

            উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ` মানব বন্দনা ʼ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

     মানুহৰ পাৰস্পাৰিক মৰম চেনেহৰ জৰিয়তে যে এই মৰততেই সৰগৰ সুখ লাভ কৰিব পাৰি এই কথাকেই কবিতাফাঁকিত প্ৰকাশ পাইছে।

             পৃথিবী ঘাইকৈ মানুহৰ বাসস্থান। মানৱী জনমৰ সাৰ্থকতা কৰ্মৰ মাজেৰে প্রকাশ পায়। মানুহৰ কৰ্মই নিৰ্দ্ধাৰণ কৰে তেওঁৰ জীৱনৰ স্থায়িত্ব তথা ফল। ভাল কামে মানুহক দিয়ে স্বর্গসুখ। কবিয়ে মানুহক সেয়েক র্মতত ব্ৰতী হ'ব কৈছে। সেই কর্ম এনে হোৱা উচিত যি মানুহৰ কল্যাণ সাধন কৰে। মৰমেই মানুহৰ ধৰ্ম হােবা উচিত বুলিও কবিয়ে কৈছে। অর্থাৎ প্রত্যেক মানুহেই পৰস্পৰক মৰম কৰা উচিত। মানুহে নিজৰ আদৰ বুজিলেহে পৃথিবী সুন্দৰ হব। কবিতাফাকিৰ মাজেৰে কবিয়ে মানবতাবাদৰ জয়গান গাইছে।



(খ) মানুহেই দেৱ        মানুহেই সেৱ

          মানুহ বিনে নাই কোৱ,

      কৰা কৰা পূজা     পাদ্য অঘ্য লই

          জয় জয় জয় মানৱ দেৱ।


উত্তৰঃ মানুহেই দেৱ       মানুহেই সেৱ

               মানুহ বিনে নাই কেৱ

         কৰা কৰা পূজা       পাদ্য অৰ্ঘ্য লই

               জয় জয় জয় মানৱ দেৱ

           উক্ত কবিতাফাঁকি ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

           মানুহে মানুহক দেৱতা জ্ঞান কৰি সেৱা কৰা প্ৰসংগত উক্ত কবিতাফাঁকি উল্লেখ কৰা হৈছে।

           মানুহ জীৱশ্রেষ্ঠ। মানুহৰ মাজতে দেৱত্ব নিহিত হৈ আছে। শ্রেষ্ঠতম বুলি স্বীকাৰ কৰি যি দেৱতাক আমি সেৱা কৰোঁ সেই দেৱতাৰ শক্তি কবিয়ে মানুহৰ মাজতেই প্রত্যক্ষ কৰিছে। সেয়ে তেওঁৰ মতে মানুহেই সেৱাৰ যােগ্য। নিজ শক্তিৰে পূথিবীতেই স্বর্গ গঢ়ি তুলিব পৰা মানৱৰ জয়গান গাবলৈ কবিয়ে সকলােকে আহ্বান জনাইছে। কেৱল সেৱাই নহয়, পৃথিৱীক স্বৰ্গলৈ ৰূপান্তৰ কৰিব পৰা শক্তিৰ অধিকাৰী মানবৰ ভৰি ধুৱাই নানা উপকৰণেৰে পুজা কৰিবলৈ দিহা দিছে।



৫। সমাৰ্থক শব্দ লিখাঃ

মানুহ, সংগ, পৃথিৱী, সোঁত, স্বৰ্গ, দেৱ


মানুহ ---- নৰ, মানৱ, মানুহ

সংগ ------- লগ, বন্ধু, সাহচৰ্য

পৃথিৱী ----- ধৰা, বসুমতী

সোঁত-------- ঢৌ, লহৰ, প্ৰবাহ

স্বৰ্গ --------- সৰগ, সুৰলোক

দেৱ --------- দেৱতা, সুৰ




৬। সংস্কৃত কৰ্ম, ধৰ্ম আদি শব্দৰ পৰা কৰম, ধৰম আদি শব্দৰ উপত্তি হৈছে। এনে কিছুমান শব্দ বাছি এখন তালিকা প্ৰস্তুত কৰা।


উত্তৰ:   কৰ্ম ------ কৰম

             ধৰ্ম ------ ধৰম

             মৰ্ত্য ----- মৰত ।

অসমীয়া ব্যাকৰণৰ সকলো প্ৰশ্নোত্তৰ পাবলৈ- CLICK HERE


Please visit for other Questions and answers.

                                ★★★


নবম শ্ৰেণীৰ অসমীয়া

Group A: বাধ্যতামূলক



               পদ্যাংশ

  1. বৰগীত - শিশুলীলা
  2. মানৱ বন্দনা
  3. গীত আৰু ছবি
  4. প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক
  5. মোৰ দেশ



                  গদ্যাংশ

  1. অন্যৰ প্ৰতি ব্যৱহাৰ
  2. সময়
  3. অন্ধবিশ্বাস আৰু ক-সংস্কাৰ
  4. ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য
  5. পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন
  6. যুজ
  7. লোকসংস্কৃতি



        Group B


                 পদ্যাংশ

  1. হনুমন্তৰ লংকাদৰ্শন
  2. সুখ


                গদ্যাংশ

  1. চোৰধৰা
  2. সন্মান






Class 9 Assames

Class 9 English

Class 9 Mathematics

Class 9 Social Science

Class 9 Geography

Class 9 Hindi

Class 9 General Science



Select Class for Question & answer: 

Class 10 দশম শ্ৰেণী

Class 9 নৱম শ্ৰেণী

Class 8 অষ্টম শ্ৰেণী

Class 7 সপ্তম শ্ৰেণী

Class 6 ষষ্ঠ শ্ৰেণী

Class 5 পঞ্চম শ্ৰেণী

Class 4 চতুৰ্থ শ্ৰেণী

Class 3 তৃতীয় শ্ৰেণী

Class 2 দ্বিতীয় শ্ৰেণী

Class 1 প্ৰথম শ্ৰেণী

GK সাধাৰণ জ্ঞান




No comments:

Post a Comment

Please do not enter any spam link in the comment box.