Assamese grammar khndabakya_খণ্ডবাক্য আৰু জতুৱা ঠাঁচৰ দ্বাৰা বাক্যৰচনা। make sentence in assamese


 

খণ্ডবাক্য আৰু জতুৱা ঠাঁচৰ দ্বাৰা বাক্যৰচনা।


📚 খণ্ডবাক্য আৰু জতুৱা ঠাঁচৰ দ্বাৰা বাক্যৰচনা

ধোদৰ পচলা (এলেহুৱা) – আজিৰ তীব্র প্রতিযোগিতাৰ যুগত ধোদৰ পচলা হৈ থাকিলে জীৱনত সফলতা আশা কৰিব নোৱাৰি।

কাণে কাণ মাৰি (কোনোমতে) – কাণে কাণ মাৰি পৰীক্ষাত উত্তীর্ণ হোৱাটোৱেই ছাত্র-ছাত্রীৰ উদ্দেশ্য হ'ব নালাগে।

কাণ-সমনীয়া (সমান) – ৰাম অমলৰ কাণ-সমনীয়া বন্ধু।

কাণ কৰ (মনোযোগ দিয়া) – ছাত্ৰ-ছাত্ৰীয়ে শিক্ষক-শিক্ষয়িত্ৰীৰ কথালৈ কাণ কৰিব লাগে।

পেট-পা (মনৰ কথাৰ বুজ পোৱা) – আজিৰ যুগত এজন লোকে আন এজন লোকৰ পেট পোৱা জটিল।

পেট-ফুলা (পেটৰ অসুখ) – ভোজৰ খাদ্য খাই হৰিৰ পেট ফুলি ঢোলৰ নিচিনা হৈছে।

পেট-হ (গৰ্ভৱতী হয়) – ৰামে যেতিয়া সীতাক বনবাস দিছিল তেতিয়া সীতাৰ পেট হৈছিল।

পেট পচা (কথা খুলি নোকোৱা লোক) – পেট পচা লোকক কোনেও ভাল নাপায়।

পেট মচা (নুমলীয়া সন্তান) – সহদেৱ কুন্তীদেৱীৰ পেট মচা সন্তান আছিল যদিও কুন্তীয়ে পঞ্চ পাণ্ডৱক সমান দৃষ্টিৰে চাইছিল।

পেট ভাটৌ (গোপন কথা প্রকাশ কৰা লোক) – পেট ভাটৌ লোকক সকলো কথা ক'লে বিপদত পৰাৰ সম্ভাৱনাই অধিক।

ন-দিক (ডাঠি কোৱা) – ক্রিকেট খেলত শচীন তেণ্ডুলকাৰে শৰণ কৰিবই বুলি নদি ক'ব নোৱাৰি।

অথই সাগৰ (মহা বিপদ) – বানপানীয়ে অসমৰ খেতিপথাৰ বিধ্বস্ত কৰি অসমীয়া ৰাইজক অথই সাগৰত পেলালে।

বিনা মেঘে বজ্রপাত (আকস্মিক বিপদ) – কৈকেয়ীৰ বৰ দুটাৰ কথা শুনি ৰজা দশৰথ ৰজাৰ ওপৰত বিনা মেঘে বজ্রপাতহে পৰিল।

কপালৰ ঘাম মাটিত পেলা (কঠোৰ শ্ৰম) – খেতিয়কে কপালৰ ঘাম মাটিত পেলাই শস্য উৎপাদন কৰে।

কঁকালত টঙালি মাৰ (মনোবল বান্ধ) – লাচিতৰ সৈন্যসকলে ককালত টঙালি মাৰি মোগল সৈন্যৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আগবাঢ়ি আহিছিল।

কঁকাল পৰ (দুর্বল হ) – দেউতাকৰ মৃত্যুৰ পাছত ৰামচন্দ্ৰৰ কঁকাল পৰিল।

কঁকাল হাল (বুঢ়া হোৱা) – কঁকাল হালিলে মানুহৰ কার্যক্ষমতা নাইকিয়া হয় আৰু সকলোৰে অৱহেলাৰ পাত্র হয়।

আলাখৰ লাডু (অতি মৰমৰ) – প্ৰতিগৰাকী মাতৃৰ বাবে নিজৰ কেঁচুৱাটি আলাখৰ লাডু।

ডলাৰ বগৰী (থিতাপি নোহোৱা) – ডলাৰ বগৰীৰ ডৰে থাকিলে জীৱনত উন্নতি লাভ কৰিব নোৱাৰি।

মূৰ দেৱা (শ্রদ্ধা কৰা) – আমি প্রত্যেকেই জ্ঞানীজনৰ ওচৰত, জ্যেষ্ঠজনৰ ওচৰত মূৰ দোৱাব লাগে।

মুখ ফুলা (অভিমান কৰা) – ল'ৰা-ছোৱালীয়ে সাধাৰণ কথাতে মাক বাপেকৰ আগত মুখ ফুলায়।

মাটিৰ মানুহ (সহজ-সৰল লোক) – মহাত্মা গান্ধী মাটিৰ মানুহ আছিল।

চকুত লগা (ধুনীয়া) – আজিকালি প্রত্যেকেই চকুত লগাকৈ এটা ঘৰ সজাৰ কথা চিন্তা কৰে।

টুপাই বুৰ মাৰ (সমূলি মিছা কোৱা) – অপৰাধী ব্যক্তিয়ে সদায়েই টুপাই বুৰ মাৰি ভাল পায়।

খাই পাত ফলা (অশলাগী লোক) – খাই পিত ফলা লোকৰ আদৰ নাই।

চকুৰ কুটা দাঁতৰ শাল (শত্রু) – পঞ্চপাণ্ডৱ দুর্যোধনৰ চকুৰ কুটা দাঁতৰ শাল আছিল।

তলানলা (আঁগ-গুৰি নোহোৱা) – ঘটনাৰ তলা-নলা নোপোৱাকৈ মাত মাতিব নাপায়।

আঁঠু ল (সেৱা কৰ) – আমি গুৰুজনাৰ ওচৰত আঁঠু ল’ব লাগে।

চকু চৰহা (আনৰ ভাল দেখিব নোৱাৰা) – চকু চৰহা ব্যক্তিৰ সমাজত আদৰ নাই।

চকু উঠা (ঈর্ষান্বিত হোৱা) – আজিকালি এজনে উন্নতি কৰা দেখিলে আন মানুহৰ প্রায়ে চকু উঠে।

হাত লৰ (চোৰ স্বভাৱৰ) – হাত লৰ মানুহক কেতিয়াও বিশ্বাস কৰিব নালাগে।

মন পা (মনৰ কথা বুজা) – মানুহৰ মন পাবলৈ কঠিন।

হাত দীঘল (ক্ষমতাশালী) – হাত দীঘল মানুহক সকলোৱে সমীহ কৰে।

চকু ফুৰাই চা (ওপৰে ওপৰে চা) – কিতাপত চকু ফুৰাই চোৱাতকৈ বিষয়বস্তু আয়ত্ত কৰিবলৈ চেষ্টা কৰিব লাগে।

মাটি কৰ (কষ্ট কৰ) – খেতিয়কে কঠোৰ পৰিশ্ৰম কৰি খেতি কৰিছিল কিন্তু বানপানীয়ে খেতি পথাৰ নষ্ট কৰি খেতিয়কৰ শ্ৰম মাটি কৰি দিলে।

হাত পাত (সহায় বিচৰা) – আনৰ ওচৰত হাত পতাতকৈ নিজে কষ্ট কৰি উপার্জন কৰা বস্তুৰ আমেজ বেলেগ।

কাণ কটা (নিলাজ) – কাণ কটা মানুহৰ সংগৰ পৰা পৰাপক্ষত আঁতৰি থাকিব লাগে।

মন মাৰ (নিৰৎসাহ) – পৰীক্ষাৰ ফলাফলে সীতাৰ মন মাৰি পেলালে।

চিলিম ছিগা (আশা ভংগ হোৱা) – দেউতাকৰ মৃত্যুৱে ৰহিমৰ চিলিম চিঙিলে।

জাকত জিলিকা (অতি ধুনীয়া) – তাজমহল এটি জাকত-জিলিকা স্মৃতিস্তম্ভ।

যক্ষৰ ধন (কৃপনৰ ধন) – যক্ষৰ ধন থাকিলেও তাৰ পৰা ৰাইজৰ/সমাজৰ একো উপকাৰ নহয়।

যাচি কিল খোৱা (নিজে নিজৰ বিপদ চপাই লোৱা) – জনা বুজা মানুহে যাচি কিল খাব নিবিচাৰে।

পাবত গজা (অস্বাভাৱিক) – পাবত গজা নেতাসকলৰ পৰা সমাজৰ একো উন্নতি নহয়।

চকু মেলি চা (সহানুভূতি দেখুওৱা) – দুখীয়া, দুর্দশাগ্রস্ত লোকক চকু মেলি চাৰ লাগে।

হাড়ক মাটি কৰ (অতি কষ্ট কৰা) – হাড়ক মাটি কৰি খেতিয়কে শস্য উৎপাদন কৰে।

মৰণত শৰণ দি (জীৱনক তুচ্ছ কৰি) – সৈনিকসকলে মৰণত শৰণ দি হ'লেও নিজৰ কৰ্তব্য সম্পাদন কৰে।

পানীত হাঁহ নচৰা (অতি শোচনীয়া অৱস্থা) – বান বিধ্বস্ত খেতিয়কৰ অৱস্থা পানীত হাঁহ নচৰা বিধৰ হয়।

বিধি পথালি (অন্তৰায় / বাধা) – কোনো ব্যক্তিৰে কর্মপথত বিধি পথালি দিয়া উচিত নহয়।

জয়ঢোল কোবোৱা (নিজৰ গুণ নিজে বখনা) – জ্ঞানীলোকে কেতিয়াও জয়ঢোল কোবাই নুফুৰে।

অৰণ্য ৰোদন (অনুনয় বিনয় অথলে যোৱা) – গৰাখহনীয়াত সর্বহাৰা হোৱা ৰাইজে সাহায্যৰ বাবে অশেষ কাকূতি-মিনতি কৰিলে, কিন্তু সকলোবোৰ অৰণ্য ৰোদনতহে পৰিণত হ'ল।

সময়ৰ শৰ (সুযোগৰ সদ্ব্যব্যৱহাৰ) – সময়ৰ শৰ সময়ত মাৰিলেহে আশা কৰা ফল লাভ কৰিব পাৰি।

হুৱা-দুৱা (হৈ-চৈ, হাহাকাৰ) – সভাত উপস্থিত লোকৰ বোমাতংকত হুৱা-দুৱা লাগিল।

উপজি পুৱা (নিচেই পুৱা) – ছাত্র-ছাত্রীয়ে উপজি পুৱাতে উঠি অধ্যয়ন কৰিব লাগে।

উঠি-পৰি লাগ (যত্ন কৰা) – আশানুৰূপ ফল পাবলৈ হ'লে আমি কামত উঠি পৰি লাগিব লাগিব।

গা-ঘেলা (ধুন-পেচ মাৰি ফুৰা) – গা-ঘেলাই ফুৰা লোকক কোনেও ভাল নাপায়।

কপাল ফুলা (সৌভাগ্য উপস্থিত হোৱা) – লটাৰীত এক লাখ টাকা পোৱাত ৰহিমৰ কপাল ফুলিল।

কপাল ফুটা (দুর্ভাগ্যই দেখা দিয়া) – হৰিৰ দেউতাক শয্যাশায়ী হোৱাৰ পৰা হৰিৰ কপাল ফুটিল।

চুকৰ ভেকুলী (একো নজনা লোক) – আজিৰ বিশ্বত চুকৰ ভেকুলী হৈ থাকিলে সকলোৱে ঠগাই খাব।

মুখলৈ চা (আশা কৰ) – আনৰ মুখলৈ চাই থাকিলে এতিয়া কাৰৰ পেট নভৰে।

কণাৰ লাখুটি (অসহায়ৰ সহায়) – ল'ৰা-ছোৱালী হালেই বৃদ্ধ মাক বাপেকৰ বাবে কণাৰ লাখুটি স্বৰূপ।

হাত ধৰ (সহায় কৰ) – বিপদৰ সময়ত মানুহৰ হাত ধৰা উচিত।

হাত টান (কৃপণ) – হাত টান ব্যক্তিয়ে উপার্জন কৰাৰ যি কষ্ট তাকহে জানে, উপভোগ কৰিব নাজানে।

চকুৰ মণি (অতি আদৰৰ) – মাক বাপেকৰ বাবে তেওঁলোকৰ সন্তান সদায়ে চকুৰ মণি।

পানীৰ তলৰ কাঁইট (অজাত শত্রু) – আমি সজাগ হৈ নাথাকিলে পানীৰ তলৰ কাঁইটে যিকোনো সময়তে বিপদ ঘটাব পাৰে।

বগলী ভকত (বাহিৰে শান্ত, ভিতৰি দুষ্ট) – বগলী ভকত শ্ৰেণীৰ মানুহ সমাজৰ ঘোৰ অনিষ্টকাৰী।

আটোমটোকাৰি (পৰিপাটী) – আমি প্রত্যেকেই নিজৰ ঘৰখন আটোমটোকাৰিকৈ ৰাখিবলৈ চেষ্টা কৰিব লাগে।

ভাত মাৰ (জীৱিকাৰ উপায় নোহোৱা কৰ) – অসমত হোৱা বিধ্বংসী বানে সাধাৰণ কৃষকৰ ভাত মাৰিলে।

চকুৰ পচাৰতে (হঠাতে) – বাছখন চকুৰ পচাৰতে বাগৰি পৰিল; ঘটনাৰ একো উৱা-দিহেই নাপালোঁ।

গা-বাই চা (চেষ্টা কৰি চা) – ইমানকৈ গা-বাই-চোৱাৰ পাছতো ভাল ফল পোৱা নগ’ল।

ঊনৈশ-বিশ (ইফাল-সিফাল) – তুমি ঘৰৰ বস্তুবোৰ উনৈশ-বিশ নকৰিবা।

সাতামপুৰুষীয়া (চিৰকলীয়া) – সাতাম পুৰুষীয়া ৰীতি-নীতি কিছুমান মুহূর্ততে এৰি দিয়াটো কঠিন।


📖 অসমীয়া ব্যাকৰণৰ সকলো প্ৰশ্নোত্তৰ পাবলৈ — CLICK HERE

No comments:

Post a Comment

Please do not enter any spam link in the comment box.