ধোদৰ পচলা (এলেহুৱা) – আজিৰ তীব্র প্রতিযোগিতাৰ যুগত ধোদৰ পচলা হৈ থাকিলে জীৱনত সফলতা আশা কৰিব নোৱাৰি।
কাণে কাণ মাৰি (কোনোমতে) – কাণে কাণ মাৰি পৰীক্ষাত উত্তীর্ণ হোৱাটোৱেই ছাত্র-ছাত্রীৰ উদ্দেশ্য হ'ব নালাগে।
কাণ-সমনীয়া (সমান) – ৰাম অমলৰ কাণ-সমনীয়া বন্ধু।
কাণ কৰ (মনোযোগ দিয়া) – ছাত্ৰ-ছাত্ৰীয়ে শিক্ষক-শিক্ষয়িত্ৰীৰ কথালৈ কাণ কৰিব লাগে।
পেট-পা (মনৰ কথাৰ বুজ পোৱা) – আজিৰ যুগত এজন লোকে আন এজন লোকৰ পেট পোৱা জটিল।
পেট-ফুলা (পেটৰ অসুখ) – ভোজৰ খাদ্য খাই হৰিৰ পেট ফুলি ঢোলৰ নিচিনা হৈছে।
পেট-হ (গৰ্ভৱতী হয়) – ৰামে যেতিয়া সীতাক বনবাস দিছিল তেতিয়া সীতাৰ পেট হৈছিল।
পেট পচা (কথা খুলি নোকোৱা লোক) – পেট পচা লোকক কোনেও ভাল নাপায়।
পেট মচা (নুমলীয়া সন্তান) – সহদেৱ কুন্তীদেৱীৰ পেট মচা সন্তান আছিল যদিও কুন্তীয়ে পঞ্চ পাণ্ডৱক সমান দৃষ্টিৰে চাইছিল।
পেট ভাটৌ (গোপন কথা প্রকাশ কৰা লোক) – পেট ভাটৌ লোকক সকলো কথা ক'লে বিপদত পৰাৰ সম্ভাৱনাই অধিক।
ন-দিক (ডাঠি কোৱা) – ক্রিকেট খেলত শচীন তেণ্ডুলকাৰে শৰণ কৰিবই বুলি নদি ক'ব নোৱাৰি।
অথই সাগৰ (মহা বিপদ) – বানপানীয়ে অসমৰ খেতিপথাৰ বিধ্বস্ত কৰি অসমীয়া ৰাইজক অথই সাগৰত পেলালে।
বিনা মেঘে বজ্রপাত (আকস্মিক বিপদ) – কৈকেয়ীৰ বৰ দুটাৰ কথা শুনি ৰজা দশৰথ ৰজাৰ ওপৰত বিনা মেঘে বজ্রপাতহে পৰিল।
কপালৰ ঘাম মাটিত পেলা (কঠোৰ শ্ৰম) – খেতিয়কে কপালৰ ঘাম মাটিত পেলাই শস্য উৎপাদন কৰে।
কঁকালত টঙালি মাৰ (মনোবল বান্ধ) – লাচিতৰ সৈন্যসকলে ককালত টঙালি মাৰি মোগল সৈন্যৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আগবাঢ়ি আহিছিল।
কঁকাল পৰ (দুর্বল হ) – দেউতাকৰ মৃত্যুৰ পাছত ৰামচন্দ্ৰৰ কঁকাল পৰিল।
কঁকাল হাল (বুঢ়া হোৱা) – কঁকাল হালিলে মানুহৰ কার্যক্ষমতা নাইকিয়া হয় আৰু সকলোৰে অৱহেলাৰ পাত্র হয়।
আলাখৰ লাডু (অতি মৰমৰ) – প্ৰতিগৰাকী মাতৃৰ বাবে নিজৰ কেঁচুৱাটি আলাখৰ লাডু।
ডলাৰ বগৰী (থিতাপি নোহোৱা) – ডলাৰ বগৰীৰ ডৰে থাকিলে জীৱনত উন্নতি লাভ কৰিব নোৱাৰি।
মূৰ দেৱা (শ্রদ্ধা কৰা) – আমি প্রত্যেকেই জ্ঞানীজনৰ ওচৰত, জ্যেষ্ঠজনৰ ওচৰত মূৰ দোৱাব লাগে।
মুখ ফুলা (অভিমান কৰা) – ল'ৰা-ছোৱালীয়ে সাধাৰণ কথাতে মাক বাপেকৰ আগত মুখ ফুলায়।
মাটিৰ মানুহ (সহজ-সৰল লোক) – মহাত্মা গান্ধী মাটিৰ মানুহ আছিল।
চকুত লগা (ধুনীয়া) – আজিকালি প্রত্যেকেই চকুত লগাকৈ এটা ঘৰ সজাৰ কথা চিন্তা কৰে।
টুপাই বুৰ মাৰ (সমূলি মিছা কোৱা) – অপৰাধী ব্যক্তিয়ে সদায়েই টুপাই বুৰ মাৰি ভাল পায়।
খাই পাত ফলা (অশলাগী লোক) – খাই পিত ফলা লোকৰ আদৰ নাই।
চকুৰ কুটা দাঁতৰ শাল (শত্রু) – পঞ্চপাণ্ডৱ দুর্যোধনৰ চকুৰ কুটা দাঁতৰ শাল আছিল।
তলানলা (আঁগ-গুৰি নোহোৱা) – ঘটনাৰ তলা-নলা নোপোৱাকৈ মাত মাতিব নাপায়।
আঁঠু ল (সেৱা কৰ) – আমি গুৰুজনাৰ ওচৰত আঁঠু ল’ব লাগে।
চকু চৰহা (আনৰ ভাল দেখিব নোৱাৰা) – চকু চৰহা ব্যক্তিৰ সমাজত আদৰ নাই।
চকু উঠা (ঈর্ষান্বিত হোৱা) – আজিকালি এজনে উন্নতি কৰা দেখিলে আন মানুহৰ প্রায়ে চকু উঠে।
হাত লৰ (চোৰ স্বভাৱৰ) – হাত লৰ মানুহক কেতিয়াও বিশ্বাস কৰিব নালাগে।
মন পা (মনৰ কথা বুজা) – মানুহৰ মন পাবলৈ কঠিন।
হাত দীঘল (ক্ষমতাশালী) – হাত দীঘল মানুহক সকলোৱে সমীহ কৰে।
চকু ফুৰাই চা (ওপৰে ওপৰে চা) – কিতাপত চকু ফুৰাই চোৱাতকৈ বিষয়বস্তু আয়ত্ত কৰিবলৈ চেষ্টা কৰিব লাগে।
মাটি কৰ (কষ্ট কৰ) – খেতিয়কে কঠোৰ পৰিশ্ৰম কৰি খেতি কৰিছিল কিন্তু বানপানীয়ে খেতি পথাৰ নষ্ট কৰি খেতিয়কৰ শ্ৰম মাটি কৰি দিলে।
হাত পাত (সহায় বিচৰা) – আনৰ ওচৰত হাত পতাতকৈ নিজে কষ্ট কৰি উপার্জন কৰা বস্তুৰ আমেজ বেলেগ।
কাণ কটা (নিলাজ) – কাণ কটা মানুহৰ সংগৰ পৰা পৰাপক্ষত আঁতৰি থাকিব লাগে।
মন মাৰ (নিৰৎসাহ) – পৰীক্ষাৰ ফলাফলে সীতাৰ মন মাৰি পেলালে।
চিলিম ছিগা (আশা ভংগ হোৱা) – দেউতাকৰ মৃত্যুৱে ৰহিমৰ চিলিম চিঙিলে।
জাকত জিলিকা (অতি ধুনীয়া) – তাজমহল এটি জাকত-জিলিকা স্মৃতিস্তম্ভ।
যক্ষৰ ধন (কৃপনৰ ধন) – যক্ষৰ ধন থাকিলেও তাৰ পৰা ৰাইজৰ/সমাজৰ একো উপকাৰ নহয়।
যাচি কিল খোৱা (নিজে নিজৰ বিপদ চপাই লোৱা) – জনা বুজা মানুহে যাচি কিল খাব নিবিচাৰে।
পাবত গজা (অস্বাভাৱিক) – পাবত গজা নেতাসকলৰ পৰা সমাজৰ একো উন্নতি নহয়।
চকু মেলি চা (সহানুভূতি দেখুওৱা) – দুখীয়া, দুর্দশাগ্রস্ত লোকক চকু মেলি চাৰ লাগে।
হাড়ক মাটি কৰ (অতি কষ্ট কৰা) – হাড়ক মাটি কৰি খেতিয়কে শস্য উৎপাদন কৰে।
মৰণত শৰণ দি (জীৱনক তুচ্ছ কৰি) – সৈনিকসকলে মৰণত শৰণ দি হ'লেও নিজৰ কৰ্তব্য সম্পাদন কৰে।
পানীত হাঁহ নচৰা (অতি শোচনীয়া অৱস্থা) – বান বিধ্বস্ত খেতিয়কৰ অৱস্থা পানীত হাঁহ নচৰা বিধৰ হয়।
বিধি পথালি (অন্তৰায় / বাধা) – কোনো ব্যক্তিৰে কর্মপথত বিধি পথালি দিয়া উচিত নহয়।
জয়ঢোল কোবোৱা (নিজৰ গুণ নিজে বখনা) – জ্ঞানীলোকে কেতিয়াও জয়ঢোল কোবাই নুফুৰে।
অৰণ্য ৰোদন (অনুনয় বিনয় অথলে যোৱা) – গৰাখহনীয়াত সর্বহাৰা হোৱা ৰাইজে সাহায্যৰ বাবে অশেষ কাকূতি-মিনতি কৰিলে, কিন্তু সকলোবোৰ অৰণ্য ৰোদনতহে পৰিণত হ'ল।
সময়ৰ শৰ (সুযোগৰ সদ্ব্যব্যৱহাৰ) – সময়ৰ শৰ সময়ত মাৰিলেহে আশা কৰা ফল লাভ কৰিব পাৰি।
হুৱা-দুৱা (হৈ-চৈ, হাহাকাৰ) – সভাত উপস্থিত লোকৰ বোমাতংকত হুৱা-দুৱা লাগিল।
উপজি পুৱা (নিচেই পুৱা) – ছাত্র-ছাত্রীয়ে উপজি পুৱাতে উঠি অধ্যয়ন কৰিব লাগে।
উঠি-পৰি লাগ (যত্ন কৰা) – আশানুৰূপ ফল পাবলৈ হ'লে আমি কামত উঠি পৰি লাগিব লাগিব।
গা-ঘেলা (ধুন-পেচ মাৰি ফুৰা) – গা-ঘেলাই ফুৰা লোকক কোনেও ভাল নাপায়।
কপাল ফুলা (সৌভাগ্য উপস্থিত হোৱা) – লটাৰীত এক লাখ টাকা পোৱাত ৰহিমৰ কপাল ফুলিল।
কপাল ফুটা (দুর্ভাগ্যই দেখা দিয়া) – হৰিৰ দেউতাক শয্যাশায়ী হোৱাৰ পৰা হৰিৰ কপাল ফুটিল।
চুকৰ ভেকুলী (একো নজনা লোক) – আজিৰ বিশ্বত চুকৰ ভেকুলী হৈ থাকিলে সকলোৱে ঠগাই খাব।
মুখলৈ চা (আশা কৰ) – আনৰ মুখলৈ চাই থাকিলে এতিয়া কাৰৰ পেট নভৰে।
কণাৰ লাখুটি (অসহায়ৰ সহায়) – ল'ৰা-ছোৱালী হালেই বৃদ্ধ মাক বাপেকৰ বাবে কণাৰ লাখুটি স্বৰূপ।
হাত ধৰ (সহায় কৰ) – বিপদৰ সময়ত মানুহৰ হাত ধৰা উচিত।
হাত টান (কৃপণ) – হাত টান ব্যক্তিয়ে উপার্জন কৰাৰ যি কষ্ট তাকহে জানে, উপভোগ কৰিব নাজানে।
চকুৰ মণি (অতি আদৰৰ) – মাক বাপেকৰ বাবে তেওঁলোকৰ সন্তান সদায়ে চকুৰ মণি।
পানীৰ তলৰ কাঁইট (অজাত শত্রু) – আমি সজাগ হৈ নাথাকিলে পানীৰ তলৰ কাঁইটে যিকোনো সময়তে বিপদ ঘটাব পাৰে।
বগলী ভকত (বাহিৰে শান্ত, ভিতৰি দুষ্ট) – বগলী ভকত শ্ৰেণীৰ মানুহ সমাজৰ ঘোৰ অনিষ্টকাৰী।
আটোমটোকাৰি (পৰিপাটী) – আমি প্রত্যেকেই নিজৰ ঘৰখন আটোমটোকাৰিকৈ ৰাখিবলৈ চেষ্টা কৰিব লাগে।
ভাত মাৰ (জীৱিকাৰ উপায় নোহোৱা কৰ) – অসমত হোৱা বিধ্বংসী বানে সাধাৰণ কৃষকৰ ভাত মাৰিলে।
চকুৰ পচাৰতে (হঠাতে) – বাছখন চকুৰ পচাৰতে বাগৰি পৰিল; ঘটনাৰ একো উৱা-দিহেই নাপালোঁ।
গা-বাই চা (চেষ্টা কৰি চা) – ইমানকৈ গা-বাই-চোৱাৰ পাছতো ভাল ফল পোৱা নগ’ল।
ঊনৈশ-বিশ (ইফাল-সিফাল) – তুমি ঘৰৰ বস্তুবোৰ উনৈশ-বিশ নকৰিবা।
সাতামপুৰুষীয়া (চিৰকলীয়া) – সাতাম পুৰুষীয়া ৰীতি-নীতি কিছুমান মুহূর্ততে এৰি দিয়াটো কঠিন।


No comments:
Post a Comment
Please do not enter any spam link in the comment box.