Class 9 Maths Assamese Medium| Chapter 2 Exercise 2.1 Solutions in Assamese | নৱম শ্ৰেণী গণিত অনুশীলনী ২.১


Class 9 Maths Chapter 2 Exercise 2.1 Solutions in Assamese | নৱম শ্ৰেণী বহুপদ অনুশীলনী ২.১

নৱম শ্ৰেণীৰ গণিতৰ দ্বিতীয় অধ্যায় "বহুপদ" (Polynomials) ৰ অনুশীলনী 2.1 ৰ আটাইকেইটা প্ৰশ্নৰ সম্পূৰ্ণ আৰু শুদ্ধ সমাধান তলত পৰীক্ষাত লিখিব পৰাকৈ আগবঢ়োৱা হ'ল।

অন্যান্য অনুশীলনীসমূহ (Other Exercises):

অনুশীলনী (Exercise) সমাধান (Solutions)
অনুশীলনী 2.2 Click Here
অনুশীলনী 2.3 Click Here
অনুশীলনী 2.4 Click Here
অনুশীলনী 2.5 Click Here

প্ৰশ্ন 1: .তলৰ কোনকেইটা ৰাশি এটা চলকযুক্ত বহুপদ আৰু কোনকেইটা নহয়? তোমাৰ উত্তৰৰ যুক্তি দিয়া।

(i) 4x2 - 3x + 7
উত্তৰ: ই এটা চলকযুক্ত বহুপদ।
যুক্তি: ইয়াত কেৱল এটা চলক x আছে আৰু চলকৰ সূচকসমূহ (2 আৰু 1) পূৰ্ণসংখ্যা।
(ii) y2 + √2
উত্তৰ: ই এটা চলকযুক্ত বহুপদ।
যুক্তি: ইয়াত কেৱল এটা চলক y আছে আৰু চলকৰ সূচক (2) এটা পূৰ্ণসংখ্যা।
(iii) 3√t + t√2
উত্তৰ: ই এটা চলকযুক্ত বহুপদ নহয়।
যুক্তি: ইয়াত প্ৰথম পদটোত চলক t ৰ সূচক হ'ল 1/2 (যিহেতু √t = t1/2), যিটো পূৰ্ণসংখ্যা নহয়।
(iv) y + 2/y
উত্তৰ: ই এটা চলকযুক্ত বহুপদ নহয়।
যুক্তি: ইয়াত দ্বিতীয় পদটোত চলক y ৰ সূচক হ'ল -1 (যিহেতু 2/y = 2y-1), যিটো পূৰ্ণসংখ্যা নহয়।
(v) x10 + y3 + z50
উত্তৰ: ই এটা চলকযুক্ত বহুপদ নহয়।
যুক্তি: ইয়াত তিনিটা ভিন্ন চলক (x, y আৰু z) আছে। গতিকে ই এটা চলকযুক্ত বহুপদ হ'ব নোৱাৰে।

প্ৰশ্ন 2: তলৰ প্ৰতিটোৰে x2 ৰ সহগ লিখা:

(i) 2 + x2 + x
উত্তৰ: x2 ৰ সহগ = 1

(ii) 2 - x2 + x3
উত্তৰ: x2 ৰ সহগ = -1

(iii) (π/2)x2 + x
উত্তৰ: x2 ৰ সহg = π/2

(iv) √2x - 1
উত্তৰ: x2 ৰ সহগ = 0 (যিহেতু ৰাশিটোত x2 পদটো নাই)

(v) (2x - 3)(x2 - 3x + 1)
উত্তৰ: x2 ৰ সহগ = -9
(যুক্তি: ৰাশিটো পূৰণ কৰিলে হয় 2x3 - 6x2 + 2x - 3x2 + 9x - 3 = 2x3 - 9x2 + 11x - 3)

প্ৰশ্ন 3: 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা একপদৰ একোটাকৈ উদাহৰণ দিয়া।

উত্তৰ:

  • 35 মাত্ৰাযুক্ত দ্বিপদৰ উদাহৰণ: x35 + 1
  • 100 মাত্ৰাযুক্ত একপদৰ উদাহৰণ: x100

প্ৰশ্ন 4: .তলৰ বহুপদবোৰৰ মাত্ৰা লিখা:

(i) 5x3 + 4x2 + 7x
উত্তৰ: মাত্ৰা = 3 (যিহেতু চলক x ৰ সৰ্বোচ্চ সূচক 3)

(ii) 4 - y2
উত্তৰ: মাত্ৰা = 2 (যিহেতু চলক y ৰ সৰ্বোচ্চ সূচক 2)

(iii) 5t - √7
উত্তৰ: মাত্ৰা = 1 (যিহেতু চলক t ৰ সৰ্বোচ্চ সূচক 1)

(iv) 3
উত্তৰ: মাত্ৰা = 0 (যিহেতু 3 হ'ল এক অশূন্য ধ্ৰুৱক বহুপদ, যাক 3x0 বুলি লিখিব পাৰি)

প্ৰশ্ন 5: তলৰ ৰৈখিক, দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰ শ্ৰেণী বিভাজন কৰা:

প্ৰশ্ন বহুপদৰ শ্ৰেণী বিভাজন
(i) x2 + x দ্বিঘাত বহুপদ
(ii) x - x3 ত্ৰিঘাত বহুপদ
(iii) y + y2 + 4 দ্বিঘাত বহুপদ
(iv) 1 + x ৰৈখিক বহুপদ
(v) 3t ৰৈখিক বহুপদ
(vi) r2 দ্বিঘাত বহুপদ
(vii) 7x3 ত্ৰিঘাত বহুপদ

বহুবিকল্পী প্ৰশ্নোত্তৰ (MCQs / Objectives):

প্ৰশ্ন 6: উক্তি-1: শূন্য বহুপদৰ মাত্রা সংজ্ঞাবদ্ধ নহয়।
উক্তি-2: .অশূন্য ধ্ৰুৱক বহুপদটোৰ মাত্ৰা শূন্য।
শুদ্ধ বিকল্পটো বাছি উলিওৱা-

উত্তৰ: (a) উক্তি -1 আৰু উক্তি -2 দুয়োটাই সত্য।

প্ৰশ্ন 7: তলৰ কোনটো ধ্ৰুৱক বহুপদ— (i) 5 (ii) x (iii) 0 (iv) 5x

উত্তৰ: (c) (i) আৰু (iii)

প্ৰশ্ন 8: স্তম্ভ-I ৰ লগত স্তম্ভ -II মিলোৱা।
(A) শূন্য বহুপদৰ শূন্য → R (যিকোনো বাস্তৱ সংখ্যা)
(B) √2 বহুপদটোৰ মাত্ৰা → P (শূন্য)
(C) .শূন্য বহুপদটোৰ মাত্রা → Q (সংজ্ঞাবদ্ধ নহয়)

উত্তৰ: (b) A → R, B → P, C → Q

প্ৰশ্ন 9: যদি (3x-1)7 = a7x7 + a6x6 + ... + a0 তেন্তে সহগবোৰৰ যোগফল হ'ব—

উত্তৰ: (b) 128 (যুক্তি: x = 1 বহুৱালে, (3(1)-1)7 = 27 = 128)

আশা কৰোঁ নৱম শ্ৰেণীৰ গণিতৰ এই সমাধানখিনিয়ে ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰিব। কিবা প্ৰশ্ন থাকিলে তলৰ কমেন্ট বক্সত জনাব পাৰে।

No comments:

Post a Comment

Please do not enter any spam link in the comment box.