Rameshwari Vidyalai Class 7 | Science | Chapter 4 | বায়ু আৰু অক্সিজেন
১। উত্তৰ লিখা:
১। বায়ুৰ উপাদানসমূহৰ নাম আৰু আয়তন হিচাপে শতকৰা পৰিমাণ লিখা।
উত্তৰঃ
| গেছ | আয়তন হিচাপে শতকৰা পৰিমাণ |
|---|---|
| নাইট্ৰ'জেন | ৭৮.০৯% |
| অক্সিজেন | ২০.৯৪% |
| আৰ্গন | ০.৯৩% |
| কাৰ্বন-ডাই-অক্সাইড | নগণ্য পৰিমাণ |
| নিঅন, হিলিয়াম, মিথেন আদি | অতি কম পৰিমাণ |
২। বায়ুৰ প্ৰধান উপাদান দুটা কি কি? উপাদান দুটাৰ সংকেত আৰু আয়তন হিচাপে শতকৰা পৰিমাণ লিখা।
উত্তৰঃ
| উপাদান | সংকেত | আয়তন হিচাপে শতকৰা পৰিমাণ |
|---|---|---|
| নাইট্ৰ'জেন | N₂ | ৭৮.০৯% |
| অক্সিজেন | O₂ | ২০.৯৪% |
৩। বায়ুত যে অক্সিজেন আছে তাক কেনেদৰে প্ৰমাণ কৰিবা?
উত্তৰঃ এটা মমবাতি জ্বলাই পানীৰে পূৰ্ণ পাত্ৰত থোৱা হয়। জ্বলি থকা মমবাতিটোৰ ওপৰত এটা কাঁচৰ গিলাচ ওলোটাই দিয়া হয়। কিছু সময় পিছত মমবাতিটো নুমাই যায় আৰু গিলাচৰ ভিতৰত পানীৰ স্তৰ ওপৰলৈ উঠি আহে। ইয়াৰ পৰা বুজা যায় যে মমবাতি জ্বলিবলৈ বায়ুৰ অক্সিজেন ব্যৱহাৰ হৈছে। সেয়ে বায়ুত অক্সিজেন আছে বুলি প্ৰমাণ হয়।
৪। পৰীক্ষাগাৰত অক্সিজেন প্ৰস্তুতিৰ বৰ্ণনা দিয়া।
উত্তৰঃ পৰীক্ষাগাৰত পটাছিয়াম ক্ল'ৰেট (KClO₃) আৰু মেংগানিজ-ডাই-অক্সাইড (MnO₂) মিহলাই পৰীক্ষা নলীত লৈ উত্তাপ দিয়া হয়। MnO₂ অনুঘটক হিচাপে কাম কৰে। উত্তাপ দিয়াত পটাছিয়াম ক্ল'ৰেট ভাঙি অক্সিজেন উৎপন্ন হয়। উৎপন্ন হোৱা অক্সিজেন পানী অপসাৰণ পদ্ধতিৰে সংগ্ৰহ কৰা হয়।
ৰাসায়নিক সমীকৰণঃ
2KClO₃ → 2KCl + 3O₂
৫। উদ্যোগিকভাবে অক্সিজেন কেনেদৰে প্ৰস্তুত কৰা হয় বৰ্ণনা কৰা।
উত্তৰঃ উদ্যোগিকভাৱে বায়ুক উচ্চ চাপ দি তৰল অৱস্থালৈ পৰিৱৰ্তন কৰা হয়। তাৰ পিছত ভগ্নাংশীয় পাতন পদ্ধতিৰে প্ৰথমে নাইট্ৰ'জেন পৃথক কৰা হয় আৰু তাৰ পিছত অক্সিজেন সংগ্ৰহ কৰা হয়।
৬। অনুঘটক কি? এটা অনুঘটন বিক্রিয়া লিখা।
উত্তৰঃ যি পদাৰ্থই নিজে অপৰিৱৰ্তিত হৈ থাকি কোনো ৰাসায়নিক বিক্ৰিয়াৰ গতি বৃদ্ধি বা হ্ৰাস কৰে, তাক অনুঘটক বোলে।
এটা অনুঘটন বিক্ৰিয়াঃ
2KClO₃ (MnO₂) → 2KCl + 3O₂
৭। অক্সিজেনৰ দুটা ভৌতিক ধর্ম লিখা।
উত্তৰঃ
১। অক্সিজেন এবিধ বৰণহীন আৰু গোন্ধহীন গেছ।
২। নিম্ন উষ্ণতাত অক্সিজেন গেছ তৰল অৱস্থালৈ পৰিৱৰ্তন কৰিব পাৰি।
৮। অক্সিজেনৰ দুটা ৰাসায়নিক ধৰ্ম লিখা।
উত্তৰঃ
১। অক্সিজেন নিজে দাহ্য নহয়, কিন্তু দহনত সহায় কৰে।
২। অক্সিজেনে ধাতু আৰু অধাতুৰ লগত বিক্ৰিয়া কৰি অক্সাইড উৎপন্ন কৰে।
৯। অক্সিজেনৰ জীৱৰ অপৰিহাৰ্য্য মৌল, কথাষাৰ ব্যাখ্যা কৰা।
উত্তৰঃ অক্সিজেন সকলো জীৱৰ বাবে অপৰিহাৰ্য মৌল। সকলো জীৱই শ্বাস-প্ৰশ্বাস কাৰ্যত বায়ুৰ অক্সিজেন গ্ৰহণ কৰে। এই অক্সিজেনে খাদ্যবস্তুৰ লগত বিক্ৰিয়া কৰি শক্তি উৎপন্ন কৰে আৰু কাৰ্বন-ডাই-অক্সাইড সৃষ্টি হয়। উদ্ভিদে এই কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰি সালোক-সংশ্লেষণৰ জৰিয়তে খাদ্য প্ৰস্তুত কৰে আৰু পুনৰ অক্সিজেন উৎপন্ন কৰে। সেয়েহে জীৱ আৰু উদ্ভিদৰ মাজত অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইডৰ সমতা বজাই থাকে।
১০। অক্সিজেন তিনিটা ব্যৱহাৰ লিখা।
উত্তৰঃ
১। ৰোগীৰ উশাহ-নিশাহত অসুবিধা হ'লে অক্সিজেন মিহলোৱা বায়ু চিলিণ্ডাৰৰ দ্বাৰা যোগান ধৰা হয়।
২। অক্সি-হাইড্ৰ'জেন শিখাত অক্সিজেন ব্যৱহাৰ কৰা হয়।
৩। ৰকেট ইঞ্জিনত জুলীয়া অক্সিজেন ব্যৱহাৰ কৰা হয়।
১১। অক্সি-এছিটিলিন শিখা কি? এই শিখাৰ ব্যৱহাৰ লিখা।
উত্তৰঃ অক্সিজেন আৰু এছিটিলিন গেছৰ মিশ্ৰণ জ্বলাই পোৱা অতি উষ্ণ শিখাক অক্সি-এছিটিলিন শিখা বোলে। এই শিখাৰ উষ্ণতা প্ৰায় ৩৩০০° চেলচিয়াছ।
ব্যৱহাৰঃ
১। ধাতু কটাত ব্যৱহাৰ কৰা হয়।
২। ধাতু জোৰা লগোৱা (Welding) কাৰ্যত ব্যৱহাৰ কৰা হয়।
১২। অক্সিজেন উপস্থিতি সাব্যস্ত কৰা এটা পৰীক্ষা বর্ণনা কৰা।
উত্তৰঃ জ্বলি থকা আঙঠাৰ টুকুৰা এটা অক্সিজেন থকা পাত্ৰত সুমুৱাই দিলে আঙঠাটো অধিক উজ্জ্বলকৈ জ্বলি উঠে। এই পৰীক্ষাৰ দ্বাৰা অক্সিজেনৰ উপস্থিতি সাব্যস্ত কৰিব পাৰি।
১৩। অক্সাইড কি? অক্সাইড কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ ধাতু বা অধাতুৰ লগত অক্সিজেন যুক্ত হৈ গঠিত হোৱা দ্বি-মৌলিক পদাৰ্থক অক্সাইড বোলে।
অক্সাইড তিনি প্ৰকাৰৰ। সেইবোৰ হ'ল—
১। ক্ষাৰকীয় অক্সাইড
২। আম্লিক অক্সাইড
৩। প্ৰশম অক্সাইড
১৪। তলত দিয়া অক্সাইডসমূহৰ শ্ৰেণী বিভাগ কৰা:
Al₂O₃, Na₂O, CaO, P₂O₅, SO₂, H₂O, N₂O, CO.
উত্তৰঃ
| ক্ষাৰকীয় অক্সাইড | আম্লিক অক্সাইড | প্ৰশম অক্সাইড |
|---|---|---|
| Na₂O, CaO | P₂O₅, SO₂ | Al₂O₃, H₂O, N₂O, CO |
১৫। অক্সি-হাইড্ৰ'জেন শিখা কি? ইয়াৰ ব্যৱহাৰ লিখা।
উত্তৰঃ ২ : ১ আয়তনত হাইড্ৰ'জেন আৰু অক্সিজেন গেছৰ মিশ্ৰণ জ্বলাই পোৱা শিখাক অক্সি-হাইড্ৰ'জেন শিখা বোলে। এই শিখাৰ উষ্ণতা প্ৰায় ২৬০০° চেলচিয়াছ।
ব্যৱহাৰঃ
১। তাম, লো আদি ধাতু গলাবলৈ ব্যৱহাৰ কৰা হয়।
২। ধাতু জোৰা লগোৱা আৰু কটাৰ কামত ব্যৱহাৰ কৰা হয়।
১৬। জলজ প্রাণীয়ে উশাহত অক্সিজেন কেনেদৰে গ্ৰহণ কৰে লিখা।
উত্তৰঃ জলত অক্সিজেন সামান্য পৰিমাণে দ্ৰৱীভূত হৈ থাকে। মাছ আদি জলজ প্ৰাণীয়ে ফুলৰ সহায়ত পানীত দ্ৰৱীভূত অক্সিজেন গ্ৰহণ কৰি উশাহ-নিশাহ লয়।
১৭। তলত দিয়া বিক্ৰিয়াবোৰৰ ৰাসায়নিক সমীকৰণ লিখা।
(ক) পানীৰ মাজেৰে কাৰ্বন-ডাই-অক্সাইড গেছ চালিত কৰিলে।
উত্তৰঃ
CO₂ + H₂O → H₂CO₃
(খ) উশাহত লোৱা অক্সিজেনে খাদ্যবস্তুৰ লগত বিক্ৰিয়া কৰিলে।
উত্তৰঃ
C₆H₁₂O₆ + 6O₂ → 6CO₂ + 6H₂O + শক্তি
(গ) সূৰ্য্যৰ পোহৰত উদ্ভিদৰ পাতত কাৰ্বন-ডাই-অক্সাইড আৰু পানীৰ বিক্ৰিয়া কৰিলে।
উত্তৰঃ
6CO₂ + 6H₂O → C₆H₁₂O₆ + 6O₂
১৮। তলত দিয়াবোৰৰ পৰা শুদ্ধ নে অশুদ্ধ লিখা:
(ক) জীৱই উশাহত অক্সিজেন গ্রহণ কৰে।
উত্তৰঃ শুদ্ধ।
(খ) বায়ুত 78 ভাগ অক্সিজেন আছে।
উত্তৰঃ অশুদ্ধ।
(গ) অক্সাইড হ'ল অক্সিজেনৰ দ্বি-মৌলিক পদার্থ।
উত্তৰঃ শুদ্ধ।
(ঘ) Na₂O হ'ল ক্ষাৰকীয় অক্সাইড।
উত্তৰঃ শুদ্ধ।
(ঙ) 2:1 হাইড্ৰ'জেন আৰু অক্সিজেন গেছ মিশ্ৰৰ শিখাক অক্সি-হাইড্ৰ'জেন শিখা বোলে।
উত্তৰঃ শুদ্ধ।
১৯। খালী ঠাই পূৰ কৰাঃ
(ক) স্ট্রেট'স্ফিয়াৰ মণ্ডল পৃথিৱীপৃষ্ঠৰ _____ ৰ পৰা _____ লৈ আগুৰি আছে।
উত্তৰঃ ১০-১৬ কিলোমিটাৰ, ৫০ কিলোমিটাৰ।
(খ) বায়ুক _____ অৱস্থালৈ পৰিৱৰ্তন কৰিব পাৰি।
উত্তৰঃ তৰল।
(গ) 2Pb(NO₃)₂ → 2PbO + _____ + O₂
উত্তৰঃ 4NO₂।
(ঘ) ২ : ১ আয়তনৰ অক্সিজেন আৰু _____ মিশ্ৰৰ শিখাক অক্সি-এচিটিলিন শিখা বোলে।
উত্তৰঃ এছিটিলিন।
(ঙ) সেমেকা বায়ুত _____ ভাপ থাকে।
উত্তৰঃ জলীয়।
(চ) বায়ু হ'ল বিভিন্ন গেছৰ _____।
উত্তৰঃ মিশ্ৰণ।
(ছ) বায়ুৰ জলীয় বাষ্পই হ'ল _____।
উত্তৰঃ আৰ্দ্ৰতা।
(জ) _____ গেছৰ তৰপে সূৰ্যৰ পৰা অহা অতিবেঙুনীয়া ৰশ্মি শোষণ কৰে।
উত্তৰঃ অ'জন।
(ঝ) অক্সিজেন এবিধ বৰণহীন আৰু _____ গেছ।
উত্তৰঃ গোন্ধহীন।
(ঞ) ৰকেট ইঞ্জিনত _____ অক্সিজেন ব্যৱহাৰ কৰা হয়।
উত্তৰঃ জুলীয়া।

No comments:
Post a Comment
Please do not enter any spam link in the comment box.