Rameswari| Class 7 | Social Science | Chapter 19 | অসমৰ কৃষিৰ উন্নয়ন


 

Rameshwari Vidyalai Class 7 | Social Science | Chapter 19 | অসমৰ কৃষিৰ উন্নয়ন

১। অতি চমু উত্তৰ লিখা:

(ক) অসমৰ কৃষিৰ নিম্ন উৎপাদনৰ এটা কাৰণ লিখা।

উত্তৰঃ আধুনিক কৃষি পদ্ধতিৰ অনুপস্থিতি।


(খ) গাঁৱৰ কৃষকে সাধাৰণতে ঋণ ক'ৰ পৰা লয়?

উত্তৰঃ গাঁৱৰ মহাজনৰ পৰা।


(গ) 'অসম কৃষি সামগ্রী বজাৰ আইন' কেতিয়া প্ৰৱৰ্তন হৈছিল?

উত্তৰঃ ১৯৭২ চনত।


(ঘ) অসমৰ খেতি মাটিৰ কিমান শতাংশত ধান খেতি কৰা হয়?

উত্তৰঃ ৭২ শতাংশত।


(ঙ) গুৰ কিহৰ পৰা প্ৰস্তুত কৰা হয়?

উত্তৰঃ কুঁহিয়াৰৰ পৰা।


(চ) অসমত চাহগছ প্রথমে কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ ৰবাৰ্ট ব্ৰুচে।


(ছ) অসম চাহ কোম্পানী কেতিয়া গঠন হৈছিল?

উত্তৰঃ ১৮৩৯ চনত।


(জ) অসম চাহ কোম্পানীত কাম কৰা এজন অসমীয়া স্বাধীনতা সংগ্ৰামীৰ নাম লিখা।

উত্তৰঃ মণিৰাম দেৱান।


(ঝ) অসমৰ পৰা অন্য ৰাজ্যলৈ ৰপ্তানি হোৱা এবিধ ফলৰ নাম লিখা।

উত্তৰঃ কল।


(ঞ) ঝুম খেতিত ব্যৱহৃত এবিধ কৃষি সঁজুলিৰ নাম লিখা।

উত্তৰঃ দা।


(ট) ঝুম পদ্ধতিৰ কৃষি কার্যত উৎপাদিত এবিধ শস্যৰ নাম লিখা।

উত্তৰঃ ধান।


(ঠ) উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া লোকসকলৰ জীৱিকা নিৰ্বাহৰ প্ৰধান উৎস কি?

উত্তৰঃ ঝুম খেতি।


(ড) কৃষিত অসমৰ মানুহৰ নিৰ্ভৰশীলতা আছেনে?

উত্তৰঃ আছে।


(ঢ) নদ-নদীৰ দাঁতি-কাষৰীয়া অঞ্চলৰ মানুহ কিদৰে কৃষিৰ লগত জড়িত হৈ পৰে?

উত্তৰঃ আপোনা-আপুনি কৃষিৰ লগত জড়িত হৈ পৰে।


(ণ) বৰষুণৰ পৰিমাণ কম হলেই তাৰ প্ৰভাৱ কিহৰ ওপৰত পৰে?

উত্তৰঃ খেতিৰ ওপৰত।


(ত) খৰাং বতৰত কৃষি পথাৰৰ অৱস্থা কেনে হয়?

উত্তৰঃ দুৰ্দশাগ্ৰস্ত হয়।


(থ) আজিকালি প্রায় মানুহৰে হালোৱা গৰু থাকেনে?

উত্তৰঃ নাথাকে।


(দ) অসমত সৰু-ডাঙৰ মিলি প্ৰায় কিমান চাহ-বাগিচা আছে।

উত্তৰঃ প্ৰায় আঠশ পঞ্চাশতকৈ অধিক চাহ-বাগিচা আছে।


(ধ) মৰিগাঁও জিলাৰ কোন ঠাইত বহু পৰিমাণে মৰাপাট উৎপাদন হয়?

উত্তৰঃ মৈৰাবাৰী অঞ্চলত।


(ন) পাহাৰৰ এঢলীয়া মাটিত খাঁজ কাটি কিখেতি কৰা হয়?

উত্তৰঃ ঝুম খেতি।

২। চমু উত্তৰ লিখা:

(ক) অসমৰ কৃষিৰ নিম্ন উৎপাদনৰ দুটা কাৰণ লিখা।

উত্তৰঃ
১। আধুনিক কৃষি পদ্ধতিৰ অনুপস্থিতি।
২। প্ৰাকৃতিক দুৰ্যোগ।


(খ) আধুনিক কৃষি পদ্ধতি বুলিলে কি বুজা?

উত্তৰঃ আধুনিক যন্ত্ৰ-পাতি, উন্নত বীজ, ৰাসায়নিক সাৰ, জলসিঞ্চন ব্যৱস্থা, কীটনাশক আদিৰ ব্যৱহাৰেৰে বিজ্ঞানসম্মতভাৱে খেতি কৰাকে আধুনিক কৃষি পদ্ধতি বুজায়।


(গ) অসমত ধান উৎপাদন হোৱা দুখন জিলাৰ নাম লিখা।

উত্তৰঃ
১। কামৰূপ।
২। নলবাৰী।


(ঘ) অসমৰ কুঁহিয়াৰ উৎপাদন হোৱা দুখন জিলাৰ নাম লিখা।

উত্তৰঃ
১। গোলাঘাট।
২। যোৰহাট।


(ঙ) অসমত সর্বাধিক চাহ বাগিচ থকা দুখন জিলাৰ নাম লিখা।

উত্তৰঃ
১। ডিব্ৰুগড়।
২। তিনিচুকীয়া।


(চ) স্বাধীনতা সংগ্রামী মণিৰাম দেৱানৰ চাহ বাগিচা দুখনৰ নাম লিখা।

উত্তৰঃ চেনলুং (বৰ্তমান চেঙেলিমৰা) আৰু চিন্নামৰা চাহ বাগিচা।


(ছ) ঝুম খেতিৰ দুটা প্রধান বৈশিষ্ট্য লিখা।

উত্তৰঃ
১। পাহাৰৰ এঢলীয়া মাটিত খাঁজ কাটি ঝুম খেতি কৰা হয়।
২। একে মাটিত দীৰ্ঘদিন খেতি নকৰি কিছু বছৰৰ পাছত ঠাই সলনি কৰা হয়।


(জ) ঝুম খেতিৰ বিকল্প হিচাপে চৰকাৰে প্ৰৱৰ্তন কৰা দুবিধ স্থায়ী খেতিৰ নাম লিখা।

উত্তৰঃ
১। ৰবৰ খেতি।
২। কফি খেতি।


(ঝ) কি কি কাৰণত অসমৰ মানুহ কৃষিৰ লগত জড়িত হৈ পৰে লিখ।।

উত্তৰঃ অসমৰ মাটি উৰ্বৰ, কৃষিৰ অনুকূল জলবায়ু আছে আৰু নদ-নদীৰ দাঁতি-কাষৰীয়া অঞ্চলৰ মানুহ আপোনা-আপুনি কৃষিৰ লগত জড়িত হৈ পৰে। আন বৃত্তিৰ সুবিধা কম হোৱাৰ বাবেও বহু লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল।


(ঞ) সমূহীয়া বা সমবায় ভিত্তিত কিদৰে খেতি কৰিব পাৰি থুল-মূলকৈ লিখা।

উত্তৰঃ সমূহীয়া বা সমবায় ভিত্তিত কৃষকসকলে একেলগে খেতি কৰিলে আধুনিক কৃষি সঁজুলি ব্যৱহাৰ কৰিব পাৰে, উৎপাদন ব্যয় কমে, উৎপাদন বৃদ্ধি পায় আৰু লাভো সদস্যসকলৰ মাজত সমানে ভাগ কৰি ল'ব পাৰে।

৩। বহলাই লিখা:

(ক) অসমৰ কৃষিৰ নিম্ন উৎপাদনৰ কাৰণবোৰ চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ অসমৰ কৃষিৰ নিম্ন উৎপাদনৰ প্ৰধান কাৰণসমূহ হ'ল— উৎপাদন শক্তিৰ নিম্নমান, কৃষকৰ আয় আৰু শিক্ষাৰ নিম্নমান, আধুনিক কৃষি পদ্ধতিৰ অনুপস্থিতি, প্ৰাকৃতিক দুৰ্যোগ, সমবায় পদ্ধতিৰ ব্যৰ্থতা, ভূমিহীনতা, সেউজ বিপ্লৱৰ ব্যৰ্থতা, নিম্ন আৰ্থিক সাহায্য ব্যৱস্থা আৰু কৃষি সামগ্ৰী বেচা-কিনা ব্যৱস্থাৰ দুৰ্বলতা। এই কাৰণসমূহৰ বাবে অসমৰ কৃষিক্ষেত্ৰত উৎপাদন আশানুৰূপভাৱে বৃদ্ধি হোৱা নাই।


(খ) অসমৰ ধান খেতি সম্পর্কে এটি টোকা লিখা।

উত্তৰঃ ধান অসমৰ প্ৰধান খাদ্যশস্য। অসমৰ মানুহৰ প্ৰধান খাদ্য ভাত হোৱাৰ বাবে ৰাজ্যখনত ধান খেতিক বিশেষ গুৰুত্ব দিয়া হয়। কামৰূপ, গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰী, বৰপেটা, নলবাৰী, মৰিগাঁও, নগাঁও, শিৱসাগৰ, যোৰহাট, গোলাঘাট, লক্ষীমপুৰ, ধেমাজি, দৰং, শোণিতপুৰ, বঙাইগাঁও, ওদালগুৰি, কৰিমগঞ্জ আদি জিলাত ধান উৎপাদন হয়। অসমৰ খেতি কৰা মাটিৰ প্ৰায় ৭২ শতাংশত ধান খেতি কৰা হয়।


(গ) অসমৰ চাহ খেতিৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ অসম চাহ উৎপাদনৰ বাবে বিশ্ববিখ্যাত। ১৮২৩ চনত ৰবাৰ্ট ব্ৰুচে অসমত চাহগছ আৱিষ্কাৰ কৰিছিল। ১৮৩৯ চনত অসম চাহ কোম্পানী গঠন কৰা হয়। ডিব্ৰুগড়, তিনিচুকীয়া, লক্ষীমপুৰ, যোৰহাট, গোলাঘাট, শোণিতপুৰ আদি জিলাত অধিক চাহ খেতি কৰা হয়। অসমত সৰু-ডাঙৰ মিলি প্ৰায় আঠশ পঞ্চাশতকৈ অধিক চাহ বাগিচা আছে আৰু ইয়াত প্ৰায় ১১ লাখ শ্ৰমিক কৰ্মসংস্থাপন লাভ কৰিছে।


(ঘ) অসমত প্ৰচুৰ পৰিমাণে শাক-পাচলি উৎপাদন কৰা জিলাকেইখন কি কি?

উত্তৰঃ বৰপেটা, মৰিগাঁও, নগাঁও আৰু দৰং জিলাত প্ৰচুৰ পৰিমাণে শাক-পাচলি উৎপাদন কৰা হয়।


(ঙ) ঝুম খেতিৰ প্ৰধান বৈশিষ্ট্যবোৰ লিখা।

উত্তৰঃ
১। পাহাৰৰ এঢলীয়া মাটিত খাঁজ কাটি ঝুম খেতি কৰা হয়।
২। একে মাটিত পাঁচ-সাত বছৰ খেতি কৰাৰ পিছত মাটি এৰি অন্য ঠাইত খেতি কৰা হয়।
৩। এই খেতিত সাধাৰণ কৃষি সঁজুলি যেনে দা, কুঠাৰ, খন্তি আদিৰ ব্যৱহাৰ কৰা হয়।
৪। মৰিচ, লাও, কুমুৰা, আদা, কচু, আলু, কল, শিম, জলকীয়া, কপাহ আৰু কম পৰিমাণে ধান উৎপাদন কৰা হয়।


(চ) ঝুম খেতিৰ ফলত কি কি অপকাৰ হয়? চৰকাৰে ইয়াৰ সমাধানৰ বাবে কি ব্যৱস্থা গ্রহণ কৰিছে পাচৰ আধাৰত লিখা।

উত্তৰঃ ঝুম খেতিৰ ফলত বনাঞ্চল ধ্বংস হয়, মাটিৰ উৰ্বৰতা হ্ৰাস পায়, ভূমিক্ষয় বৃদ্ধি পায় আৰু উৎপাদন কম হয়। এই সমস্যাৰ সমাধানৰ বাবে চৰকাৰে ঝুম খেতিৰ বিকল্প হিচাপে ৰবৰ, কফি, আলুক, বাদাম আদি স্থায়ী খেতিৰ প্ৰচলন কৰিছে।


(ছ) অসমত বৰষুণৰ পৰিমাণ, মাত্রা কমি আহিব ধৰিছে। ইয়াৰ প্ৰভাৱত কি হ'ব পাৰে থুলমূলকৈ লিখা।

উত্তৰঃ বৰষুণৰ পৰিমাণ কমি আহিলে কৃষিক্ষেত্ৰত পানীৰ অভাৱ দেখা দিব। ফলত ধান, শাক-পাচলি, কুঁহিয়াৰ আদি শস্যৰ উৎপাদন হ্ৰাস পাব। খৰাং পৰিস্থিতিৰ সৃষ্টি হ'ব, কৃষি পথাৰ দুৰ্দশাগ্ৰস্ত হ'ব আৰু কৃষকৰ আৰ্থিক ক্ষতি বৃদ্ধি পাব। অসমৰ কৃষি আৰু অৰ্থনীতিত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব।

৪। খালী ঠাই পূৰ কৰাঃ

(ক) 'অসম কৃষি সামগ্ৰী বজাৰ আইন' _____ চনত প্ৰৱৰ্তন হৈছিল।

উত্তৰঃ ১৯৭২।


(খ) গুৰ _____ ৰ পৰা প্ৰস্তুত কৰা হয়।

উত্তৰঃ কুঁহিয়াৰ।


(গ) ১৮২৩ চনত _____ অসমত চাহ গছ আৱিষ্কাৰ কৰিছিল।

উত্তৰঃ ৰবাৰ্ট ব্ৰুচে।


(ঘ) _____ চনত 'অসম চাহ কোম্পানী' গঠন হৈছিল।

উত্তৰঃ ১৮৩৯।


(ঙ) উৎপাদন অনুপাতে অসমত _____ স্থাপন হোৱা নাই।

উত্তৰঃ মৰাপাট উদ্যোগ।


(চ) অসমত উৎপাদিত শাক-পাচলিয়ে যথেষ্ট _____ পূৰণ কৰিছে।

উত্তৰঃ চাহিদা।

No comments:

Post a Comment

Please do not enter any spam link in the comment box.