Class10 assamese grammar উপসৰ্গ। upaxargo| উপসৰ্গ প্ৰয়োগ কৰি শব্দ লিখা।


 

Class10 assamese grammar উপসৰ্গ। upaxargo| উপসৰ্গ প্ৰয়োগ কৰি শব্দ লিখা।

উপসৰ্গ- প্ৰ, পৰা, অপ, সম, অনু, অৱ, নিৰ, দুৰ, অধি, বি, অভি, সু, উৎ, পৰি, প্ৰতি, অপি, নি, অতি, উপ, আ― এই কুৰি (২০) টা অব্যয়ক উপসৰ্গ বোলে। ইহঁত সংস্কৃত ধাতুৰ আগত বহি তাৰ অৰ্থ লৰচৰ কৰে।

উপসৰ্গ বোৰৰ দুটা অপি আৰু প্ৰতি ধাতুৰ আগত বহাৰ উপৰিও শব্দৰ পিছতো বহে। যেনে- কদা শব্দৰ পিছত অপি উপসৰ্গ বহি কদাপি শব্দ হৈছে। তেনেদৰে- তথাপি, কথমপি, পুনৰপি, যদ্যপি, অদ্যপি আদি।

অতি- উপসৰ্গ অকলশৰেও ব্যৱহাৰ হয়। যেনেঃ অতি উত্তম কাৰ্য। অতি সুন্দৰ বস্তু। আদি।

উপসৰ্গবোৰৰ ব্যৱহাৰ

১। প্ৰঃ ভাল, বেছি, আৰম্ভ, খ্যাতি, অৰ্থত ব্যৱহাৰ হয়। যেনে- প্ৰকাৰ, প্ৰকৰণ, প্ৰকাশ, প্ৰকৃতি, প্ৰকৃষ্ট, প্ৰকোপ, প্ৰগতি, প্ৰচাৰ, প্ৰজনন, প্ৰজ্ঞা, প্ৰজলিত, প্ৰণৱ, প্ৰণয়, প্ৰণাম, প্ৰণীত, প্ৰদান, প্ৰবঞ্চক, প্ৰবাস, প্ৰবাহ, প্ৰকাণ্ড, প্রবৃত্তি, প্রবোধ, প্রভাৱ, প্রভেদ, প্রমোদ, প্রয়োগ, প্রলাপ, প্রশংসা, প্রসৱ, প্রস্থান, প্রক্ষিপ্ত, প্ৰবাহ ইত্যাদি।

২। পৰাঃ বিক্রম, অনাদৰ আদি অৰ্থত ব্যৱহাৰ হয়। যেনে – পৰাক্ৰম, পৰাজয়, পৰাভৱ, পৰাভূত, পৰাধীন ইত্যাদি।

৩। অপঃ বেয়া, বিপৰীত আদি অৰ্থত ব্যৱহাৰ হয়। যেনে -- অপকর্ম, অপকাৰ, অপঘাত, অপচয়, অপব্যয়, অপবাদ, অপভ্রংশ, অপমৃত্যু, অপলাপ, অপহৰণ, অপৰাধ, অপতৃণ ইত্যাদি।

৪। সম্– সম্পূর্ণ, উত্তম, একেলগে, অভিমুখে আদি অর্থত ব্যৱহাৰ হয়। যেনে― সম্পূর্ণ, সংযম, সংগম, সংসাৰ, সন্তান, সমাজ, সমাধা, সমৃদ্ধি, সম্পর্ক, সম্বৰণ, সম্ভাষণ, সম্ভেদ, সম্বাদ, সম্ভৱ, সম্রম, সম্ভাৰ, সম্বন্ধ, সম্বোধন ইত্যাদি।

৫। নিঃ নিশ্চয়, নিষেধ, অভাৱ আদি অৰ্থত ব্যৱহাৰ হয়। যেনে - নিদ্রা, নিদান, নিধান, নিধি, নিনাদ, নিপাত, নিবদ্ধ, নিবাৰ, নিবৃত্তি, নিৱাস, নিৱেদন, নিৱেশ, নিমগ্ন, নিমন্ত্রণ, নিয়ন্তা, নিযুক্তি, নিশ্বাস, নিষেধ ইত্যাদি।নিল

৬। অৱঃ অনাদৰ, সর্বতোভাৱে বেয়া, দূৰ আদি অৰ্থত ব্যৱহাৰ হয়। যেনে- অৱজ্ঞা, অৱৰোধ, অৱগতি, অৱমাননা, অৱনতি, অৱতাৰ, অৱস্থিত, অৱতৰণ, অৱতীৰ্ণ, অৱনত, অৱধান, অৱলম্বন, অৱলোকন, অৱশিষ্ট, অৱসাদ, অৱসৰ, অৱস্থা ইত্যাদি।

৭। অনুঃ পিছত, তুল্যতা, পুনঃ পুনঃ আদি অৰ্থত ব্যৱহাৰ হয়। যেনে - অনুকৰণ, অনুগমন, অনুচৰ, অনুগত, অনুজ, অনুজীৱ, অনুতাপ, অনুধাৱন, অনুবাদ, অনুনয়, অনুমান, অনুভৱ, অনুৰোধ, অনুসৰণ, অনুশাসন, অনুষ্ঠিত, অনুষ্ঠান , অনুমতি, অনুকম্পা ইত্যাদি।

৮। নিৰ্― নিশ্চয়, নিঃশেষ, অভাৱ, বহিষ্কৰণ আদি অৰ্থত ব্যৱহাৰ হয়। যেনে- নির্গত, নির্ণয়, নির্ধাৰণ, নির্ভয়, নির্মাণ, নিৰ্ভৰ, নিশ্চয়, নিসঃৰণ, নিৰ্মম, নিৰাকাৰ, নিৰ্ধাৰণ, নিৰ্ভয়, নিৰ্ণয়, নিৰঞ্জন, নির্বাচন, নির্বাহক, নির্বাসন ইত্যাদি।

৯। দুৰঃ বেয়া, টান, কষ্ট আদি অৰ্থত ব্যৱহাৰ হয়। যেনেঃ দুর্বল, দুর্ভিক্ষ, দুর্দশা, দুর্নীতি, দুর্দিন, দুর্বোধ্য, দুৰ্লভ, দুর্জয়, দুৰ্গতি, দুৰন্ত, দুস্কৰ, দুৰাত্মা, দুৰ্মূল্য, দুৰ্ভগীয় ইত্যাদি ।

১০। বিঃ নঞাৰ্থত, বিপৰীত অৰ্থত, বিহীন, ভালকৈ, সম্যক আদি অৰ্থত ব্যৱহাৰ হয়। যেনে– বিচাৰ, বিকাৰ, বিজয়, বিজ্ঞ, বিজ্ঞান, বিনয়, বিদাৰণ, বিদ্বেষ, বিমোহ, বিষয়, বিয়োগ, বিলাস, বিষম, বিশুদ্ধ, বিবাহ, বিহাৰ, বিষাদ, বিহীন, বিক্ষোভ আদি।

১১। অধিঃ ওপৰ, অধিক, অধিকাৰ, প্রধান আদি অৰ্থত ব্যৱহাৰ হয়। যেনে– অধিপতি, অধিবাস, অধিবাজ, অধিকাৰ, অধিষ্ঠান, অধ্যয়ন, অধিগত, অধিবাসী, অধিগম্য আদি।

১২। সুঃ অতিশয়, উত্তম আদি অৰ্থত ব্যৱহাৰ হয়। যেনে - সুলভ, সুমেৰু, সুভাগ, সুগম, সুস্থ, সুদর্শন, সুদৃঢ়, সুগঢ়ী, সুদৃশ্য ইত্যাদি ।

অসমীয়া ব্যাকৰণৰ সকলো প্ৰশ্নোত্তৰ পাবলৈ- CLICK HERE

১৩। উৎ― ওপৰ, প্রশংসা আদি অৰ্থত ব্যৱহাৰ হয়। যেনেঃ- উৎকণ্ঠ, উন্নতি, উদ্বোধন, উৎসাহ, উদগতি উদ্ধত, উদ্ভল, উদ্বেগ, উৎপাত ইত্যাদি।

১৪। পৰিঃ সকলোভাৱে, অতিশয় আদি অর্থত ব্যৱহাৰ হয়। যেনে –পৰিভাষা, পৰিণাম, পৰিপক, পৰিভ্ৰমণ, পৰিচ্ছেদ, পৰিদর্শন, পৰিদৰ্শক, পৰিতাপ, পৰিষদ, পৰিহাস, পৰিণত, পৰিধান ইত্যাদি ।

১৫। প্রতিঃ সদৃশ, বিৰোধ, সম্মুখ, সম্মান আদি অর্থত ব্যৱহাৰ হয়। যেনেঃ প্রতিদান, প্রতিদিন, প্রতিফল, প্রতিধ্বনি, প্রতিকাৰ, প্রতিৰোধ, প্রতিশোধ, প্রতিবাদ, প্রতিশ্রুতি, প্রতিহিংসা ইত্যাদি।

১৬। অভিঃ সম্মুখ, ভিতৰ, বিশেষ আদি অৰ্থত ব্যৱহাৰ হয়। যেনে– অভিজাত, অভিনয়, অভিবাদন, অভিৰুচি, অভীষ্ট, অভিনেতা, অভিমান, অভিযোগ, অভ্যন্তৰ, অভিপ্রেত ইত্যাদি।

১৭। অপিঃ 'অপি' উপসর্গ হিচাপে অসমীয়াত ব্যৱহাৰ নহয়। সংস্কৃত উপসৰ্গ বোলা কাৰণে ইয়াতো উপসর্গ বুলি কোৱা হৈছে।

১৮। অতিঃ অতিক্রম, অতিশয় আদি অৰ্থত ব্যৱহাৰ হয়। যেনেঃ অতিশয়, অতীত, অতিক্রম, অতিৰঞ্জন, অতিসাৰ, অতিকায়, অতিৰিক্ত, অতিপাত, অত্যুক্তি, অতিষ্ঠ, অতীন্দ্রিয় ইত্যাদি।

১৯। উপঃ অপ্রধান-বিশেষ আদি অৰ্থত ব্যৱহাৰ হয়। যেনে— উপকণ্ঠ, উপদ্বীপ, উপগ্রহ, উপকথা, উপপতি, উপস্থিত, উপকাৰ, উপদেশ, উপমন্ত্রী, উপচাৰ, উপবাস, উপশম, উপৱেশন, উপদ্ৰৱ, উপকৰণ, উপকূল ইত্যাদি।

২০ | আঃ অলপ, পর্যন্ত, গ্রহণ আদি অর্থত ব্যৱহাৰ হয়। যেনে– আচল, আকাল, আগমন, আজন্ম, আকর্ষণ, আদেশ, আধাৰ, আমোদ, আৰম্ভ, আৰতি, আশ্রয়, আহ্বান, আসক্তি, আপত্তি, আৱদ্ধ, আবৃত্তি ইত্যাদি।*

(*এই ২০ টা সংস্কৃত উপসৰ্গ। অ, আ, আও, বে, সু আদি অসমীয়া উপসৰ্গ কিছুমানো আছে। ইহঁতে প্ৰকৃতিৰ আগত ব্যৱহাৰ হয়। যেনে– অকাঠী, আজোখ, আওমৰণ, বেচৰকাৰী, বেইমান, সুকাঠী ইত্যাদি।)

অনুশীলনী

১| উপসর্গ কেইবিধ আৰু কি কি ?

২। প্রত্যেকটো উপসর্গ প্রকৃতিৰ আগত সংযোজিত কৰি দেখুওৱা।

৩। যদি + অপি = যদ্যপি, অদ্য + অপি = অদ্যাপি, কদা + অপি = কদাপি, তথা + অপি = তথাপি, ইয়াত ‘অপি’ উপসর্গটো কিয় প্রকৃতিৰ পিছত সংযোজিত হ'ল বুজাই দিয়া।

৪। তলৰ পদবোৰৰ উপসৰ্গ ভাঙি দেখুওৱাঃ

প্রকল্পিত, প্রগাঢ়, পৰাক্ৰান্ত, পৰাধীন, প্রতিঘাত, প্রতিলিপি, নিঠৰুৱা, নিপাতন, নিৰঙ্কুশ, নিৰন্তৰ, অধিগত, অধিদেৱ, দূর্বাদল, দুমূল্য, উপকথা, উপনাম, উদ্দীপ্ত, উদ্‌গতি, উদ্বোধন, উৎকণ, অৱতৰণ, অবস্থান, অভীষ্ট, অভিজ্ঞান, অনুচৰ, অনুগত, বিচিত্র, বিলাহ, সুদৃঢ়, সুগঢ়ী, সম্প্রদান, সন্তপ্ত, পৰিগণিত, পৰিপাক, আসৈ, আজন্ম, অপৰূপ, অপমৃত্যু।

অসমীয়া ব্যাকৰণৰ সকলো প্ৰশ্নোত্তৰ পাবলৈ- CLICK HERE

***************


No comments:

Post a Comment

Please do not enter any spam link in the comment box.