ভাৱ সম্প্ৰসাৰণ
◆ ৰাইজে নখ জোকাৰিলে নৈ বয়। [HSLC '09]
এজন মানুহৰ অকলশৰীয়া প্ৰচেষ্টাত কোনো এটা কাম সমাধা কৰিবলৈ অসম্ভৱ যেন লগা কাম একোটাকো সমূহীয়া প্ৰচেষ্টাৰে সম্ভৱপৰ কৰি তুলিব পাৰি। নৈ এখন বোৱাব পৰাটো এজন বা দুজন ব্যক্তিৰ বাবে সম্ভৱপৰ নহয়। কিন্তু গোটেই ৰাইজ মিলি যদি কামটো আৰম্ভ কৰা হয়, নৈ এখন বোৱাই নিয়াটো একো টান কাম নহয় । ৰাইজৰ নখৰ আগৰ এটোপা এটোপা পানীৰে নৈ বোৱাব পৰাৰ দৰে, এপইচা, দুপইচাকৈ উঠাই ৰাইজৰ পইচাৰে একোখন ডাঙৰ অনুষ্ঠান প্রতিষ্ঠান গঢ়াৰ দৰে মহৎ কার্যও অনায়াসে সম্পাদন কৰিব পাৰি।
গতিকে, উক্ত বাক্যটিৰে সম্মিলিত শক্তিৰ মহত্ব তথা ক্ষমতাৰ কথাকেই আঙুলিয়াই দিয়া হৈছে।
(সমার্থক যোজনাঃ ৰাইজৰ নাও বামেৰেও চলে)
◆চোৰ গ'লে বুদ্ধি, বৰষুণ গলে জাপি [HSLC '11]
প্রতিটো কামৰে একো একোটা প্রাসংগিক সময়, স্থান বা পাত্র থাকে। উপযুক্ত সময়ত, উপযুক্ত স্থান বা কার্যৰ ক্ষেত্ৰত সেইটো ব্যৱহাৰ কৰিব নোৱাৰিলে তেনে কার্যপন্থা বা আহিলাৰ প্ৰাসংগিকতা নাথাকে ।
চোৰে যাতে সর্বস্ব চুৰ কৰি লৈ যাব নোৱাৰে তাৰ বাৰে বুদ্ধি খটুৱাই নিজৰ সামগ্রী সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থাটো চোৰে চুৰ কৰাৰ আগতেই কৰিব লাগিব। অন্যথাই চোৰে চুৰ কৰি লৈ যোৱাৰ পাছত সেই বুদ্ধিৰ কোনো মূল্য নাথাকে। ঠিক সেইদৰে, বৰষুণত তিতাৰ পৰা হাত সাৰিবলৈ জাপি ব্যৱহাৰ কৰা হয় । কিন্তু বৰষুণ দি থকাৰ সময়ত প্রয়োজন হোৱা জাপিটো ব্যৱহাৰ নকৰি,বৰষুণ এৰাৰ পাছত ব্যৱহাৰ কৰিলে, সেই জাপিৰ ব্যৱহাৰ অনর্থক হৈ পৰে। গতিকে, চোৰে চুৰ কৰি গুচি যোৱাৰ আগেয়েই নিজৰ বুদ্ধিক কামত খটুৱাব পাৰিব লাগে বা বৰষুণৰ সময়তহে জাপি ব্যৱহাৰ কৰিব পাৰিব লাগে। গতিকে, সঠিক সময়ত সঠিক পদক্ষেপ ল’বলৈ নিজৰ বুদ্ধিমত্তাক সজাগ কৰি ৰাখিব লাগে। অনিষ্ট হোৱাৰ পূর্বেই নিবাৰণৰ সম্ভাৱ্য কার্যকৰী উপায় কামত খটুৱাব লাগে।
◆অতি ভক্তি চোৰৰ লক্ষণ [HSLC'10]
মানুহৰ মনৰ গুপুত উদ্দেশ্য জনাটো বেচ্ টান কাম। কোনোবাই চৰম নিষ্ঠাৰে ভক্তি কৰি কোনো মানুহৰ প্রিয়পাত্র হ’ব পাৰে আৰু তেনে স্বাভাৱিক ভক্তি প্রদর্শনে ব্যক্তিজনক বিশ্বাসপৰায়ণ তথা আদৰৰ কৰি তুলিব পাৰিব পাৰে। কিন্তু দুষ্ট উদ্দেশ্য মনত গুপুতে পুহি ৰাখি অতিমাত্রা ভক্তি, নিষ্ঠা দেখুওৱাজনক চিনি পোৱা উচিত। বিশ্বাসভাজন তথা প্রিয়পাত্র হৈ চুৰ কৰাৰ সুযোগ উলিয়াই ল’বলৈ অসৎ লোকে অতিমাত্ৰা ভক্তি ভাব দেখুৱায় ।
গতিকে, কোনোবাই অতিমাত্রা ভক্তিপৰায়ণ হৈ দেখুৱাব খুজিলে, তেওঁক সহজে বিশ্বাসত লোৱা উচিত নহয়। প্ৰতিটো কামতে সীমাৰ মাজত থকা জনকহে স্বাভাৱিকভাৱে বিশ্বাস কৰিব লাগে। দুষ্ট বা চোৰ স্বভাৱৰ লোকে সদায় নিজৰ কু-অভিসন্ধি চৰিতাৰ্থ কৰিবলৈ অতিমাত্রা বিশ্বাসভাজন হৈ দেখুৱাই ভাল মানুহৰ কাষ চাপিব পাৰে। সেয়েহে অতিমাত্রা ভক্তিপৰায়ণ, নিষ্ঠাবান হৈ দেখুওৱা ব্যক্তিসকলৰ প্রতি সজাগ হৈ থকাই ভাল।
◆ অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ।
অভ্যাসেই হ’ল কৃতকার্যতাৰ মূল চাবি-কাঠি। প্ৰচুৰ অনুশীলন আৰু অধ্যৱসায়ৰ জৰিয়তে অসাধ্য যেন লগা কাম একোটাকো সাধন কৰিব পাৰি। যিমান টান কামেই নহওক, নিয়মিত অনুশীলনৰ সহায়ত তাক সহজ কৰি পেলাব পাৰি। অভ্যাস কৰি থাকিলে কাণৰ ফুটাইদিও শৰ নিক্ষেপ কৰাৰ দৰে দুৰূহ কাম একোটাকো সম্ভৱ কৰি তুলিব পৰা যায়। উদাহৰণস্বৰূপে; আমি অলিম্পিকৰ শৰীৰ চৰ্চা আৰু ব্যায়ামৰ খেলসমূহ বা সচৰাচৰ চাই থকা চার্কাছসমূহৰ কিছুমান খেললৈকে আঙুলিয়াব পাৰোঁ, যিবোৰ সাধাৰণ মানুহৰ চকুত যাদুৰ দৰেই লাগে। তেনে অস্বাভাবিক কামবোৰ অভ্যাস তথা প্ৰচুৰ অনুশীলন তথা অধ্যৱসায়ৰ বলতহে তেওঁলোকৰ বাবে স্বাভাৱিক হৈ পৰিছে।
◆ বিদ্যা পৰম ধন।
বহুতেই টকা-পইচা,সা-সম্পত্তিকে জীৱনত আটাইতকৈ মূল্যবান বস্তুবুলি অভিহিত কৰি এইবোৰৰ কাৰণেই নিজৰ সর্বস্ব জলাঞ্জলি দিয়ে। কিন্তু সকলোৱে জনা উচিত যে এই বৈষয়িক সা-সম্পত্তিবোৰ চিৰদিনৰ বাবে তেনেই অস্থায়ী আৰু অনিশ্চিত। ব্যক্তিত্বৰ ফালৰ পৰা এইবোৰৰ প্ৰয়োজন আছে যদিও ইয়াতকৈ মূল্যৱান বস্তুটো হ’ল বিদ্যা। টকা-পইচা, সম্পত্তি আদি বস্তুবোৰ কালক্ৰমত চুৰ হ'ব পাৰে বা প্রাকৃতিক কাৰণত ধ্বংস হৈও হাতৰ পৰা ওলাই যাব পাৰে। তদুপৰি, কেৱল টকা-পইচাৰ দ্বাৰা হোৱা ধনী ব্যক্তিক অকল সহায়ৰ প্ৰয়োজন হোৱা বা সুযোগ সন্ধানীয়েহে মানি চলে বা সম্মান কৰে। তদুপৰি, ধন-সম্পত্তি আনক দিলে এসময়ত কমি যায়। কিন্তু বিদ্যা-শিক্ষা এনে এক সম্পত্তি যাক ব্যক্তি এজনৰ পৰা চুৰ কৰিবও নোৱাৰি আৰু আনক দান কৰিলেও ই কমি নাযায়। বিদ্যান লোক সকলোতে সম্মানৰ পাত্র। সেয়েহে বিদ্যাকে শ্রেষ্ঠ সম্পদ বুলি কোৱা হৈছে।
◆ যত্ন কৰিলেহে ৰত্ন পায়।
যিকোনো কামৰে ভাল প্রতিফল পাবলৈ হ'লে তাক যত্ন সহকাৰে সম্পন্ন কৰিব লাগিব। পৰিশ্ৰম নকৰি হাত সাৱটি বহি থাকি তাৰ পৰা ভাল ফল আহিব বুলি আশা কৰাটো মিছা । ৰত্ন নিজে নিজে আহি কপালতনালাগে। ইয়াক বিচাৰি আনিব পাৰিব লাগিব। পৰীক্ষাৰ বাবে যত্ন সহকাৰে লিখা-পঢ়াৰ দ্বাৰা প্রস্তুতি চলালেহে পৰীক্ষাত ভাল ফল পোৱা যায়। কোনো কামত একাণপতীয়াভাৱে মনোনিৱেশ কৰিলেহে তাৰ পৰা সুফল পাব পাৰি নহ'লে কেতিয়াবা ভাল পুৰস্কাৰ পোৱাৰ ক্ষেত্ৰত হতাশাৰ সম্মুখীন হ'বলগীয়া হয়। গতিকে, ভাল ফল আশা কৰিলে তাৰ বাবে হাতে-কামে লাগি প্রচুৰ যত্ন কৰিব লাগিব, যাতে কামটো যথাসম্ভৱ ভালদৰে নিয়াৰিকৈ সম্পন্ন কৰি তাৰ পৰা ভাল ফল পাব পাৰি।
◆ কথাত কটা যায় কথাত বঁটা পায়।
কি পৰিস্থিতিত, কাৰ লগত, কেনে সময়ত, কেনেকৈ কথা ক'ব লাগে, তাক মানুহে ভালদৰে জনা উচিত। মানুহৰ মুখৰ কথাষাৰেই কেতিয়াবা বিপদ কঢ়িয়াই আনিব পাৰে অথবা অতি সংকটপন্ন অৱস্থা পৰিস্থিতিত মুখৰ কৌশলী,নম্ন কথাষাৰেই কেতিয়াবা মানুহক উদ্ধাৰ কৰিব পাৰে। কর্কশ, হুটা মাত-কথাই মানুহক বিতুষ্ট কৰে আৰু তেনেদৰে কথা কোৱা মানুহ সকলোৰে অপ্রিয় হয়। কর্কশ সুৰত ভাল কথা ক'লেও মানুহে ভাল নাপায়। তদুপৰি মানুহে নক'বলগীয়া পৰিস্থিতিত, নক'বলগীয়া কথা কৈ বহু বিপদত পৰা আনকি প্রাণৰ সংশয় পর্যন্ত আহি পৰাও দেখা যায়।
আনহাতে সুন্দৰ, সময়োপযোগীকৈ কথা ক'ব পৰা ব্যক্তি লোকৰ প্রিয় পাত্র হ'ব পাৰে। নিজৰ সংযমী কথাৰে আন মানুহৰ সমীহ আদায় কৰি মানুহে সামাজিক ক্ষেত্ৰতো যথেষ্ট উন্নতি লাভ কৰিব পাৰে। বিপদৰ সময়তো নম্র, ভদ্র ব্যৱহাৰেৰে শত্ৰুৰ মন পর্যন্ত জয় কৰি অহাৰৰ উদাহৰণ আমাৰ মাজত আছে।
গতিকে দেখা যায়, হুটা কর্কশ কথা তথা সময়জ্ঞানহীন কথাই মানুহলৈ বিপদ কঢ়িয়াই আনিব পাৰে আৰু ভদ্র, কৌশলী তথা সময়োপযোগী কথা ক'ব পৰা জনে নিজৰ কথাৰেই বহু কিবা কিবি লাভ কৰিবলৈ সক্ষম হয়।
অসমীয়া ব্যাকৰণৰ সকলো প্ৰশ্নোত্তৰ পাবলৈ- CLICK HERE
◆ টেঙা আম এবাৰহে বেচিব পাৰি।
বজাৰত আমৰ বেপাৰীয়ে টেঙা আমকে মিঠা বুলি মিছাকৈ গ্রাহকক এবাৰ বিক্ৰী কৰাৰ পাছত; পুনৰ সেই একে টেঙা আম বেচিব নোৱাৰে। টেঙা আম এবাৰ কিনি খাই টেঙা বুলি গম পোৱাৰ পিছত মানুহে সেই টেঙা আমৰ বেপাৰীৰ পৰা আৰু আম নিকিনে। একেদৰে মানুহক এবাৰহে ফাকি দিব পাৰি। কিয়নো ফাকি দিয়াৰ পাছত মানুহে ফাকিবাজ বুলি জনা ব্যক্তিজনে আৰু দুনাই নিজৰ ফাকিৰে কেতিয়াও সেই একেজন ব্যক্তিক ঠগিব নোৱাৰে।
মানুহক এবাৰ প্ৰৱঞ্চনাৰাৰ পাছত দ্বিতীয়বাৰ প্ৰৱঞ্চনা কৰিব নোৱাৰি। কাৰণ প্ৰৱঞ্চক বুলি জনাৰ পাছত তেনে ব্যক্তিৰ পৰা মানুহ সজাগ হৈ থাকে আৰু কেতিয়াও তেওঁক বিশ্বাসত নলয়। গতিকে, মানুহক ঠগাই খোৱাৰ চেষ্টা কৰি চলা উচিত নহয় ।
◆ আপোন ভালেই জগত ভাল
এজন ভাল ব্যক্তিয়ে নিজৰ জ্ঞানৰ বলতে তেওঁৰ পাৰিপাৰ্শ্বিকতাক ভাল কৰি ৰাখিব পাৰে। সৎ ব্যক্তিৰ লগত আনেও সৎ হৈ চলিবলৈ বাধ্য হয়। আনৰ অহিত চিন্তা নকৰা, অন্যায় নকৰা, নম্র ব্যক্তি এগৰাকীক বেলেগে অপকাৰ নকৰে বৰং আনৰ উপকাৰ কৰা, মিষ্টভাষী উপযোগী মানুহ এজনৰ বিপদৰ সময়তো তেওঁৰ ওচৰ-চুবুৰীয়া বা বন্ধু-বান্ধৱে তেওঁলৈ সহায়ৰ হাতহে আগবঢ়ায়।
এনেদৰেই ভাল ব্যক্তি এজনৰ কাৰণে গোটেই জগতখনেই ভাল হৈ পৰে। ঠিক তেনেদৰে বেয়া লোকৰ ক্ষেত্ৰত পৃথিৱীৰ আটায়েই বেয়া হৈ পৰে। গতিকে, নিজে ভাল হৈ থকাটোৱেই সকলোতকৈ ভাল কাম। আনৰ ওপৰত দোষ জাপি নিজকে সাঙুৰি লোৱা উচিত নহয় । নিজৰ চৰিত্ৰৰ ওপৰতে ভাল-বেয়া নিৰ্ভৰ কৰে। নিজৰ চাৰিত্রিক দৃঢ়তাৰ বলতে সামাজিক পৰিৱেশত ভাল জীৱন-যাপন কৰিব পাৰি ।
◆ অল্প বিদ্যা ভয়ংকৰী
ভালদৰে বিদ্যা শিক্ষা অর্জা ব্যক্তিসকলক জ্ঞানী বুলি গণ্য কৰা হয়। কিন্তু অলপ অচৰপ বিদ্যা অর্জন কৰা সকলে নিজকে বৰ জ্ঞানী বুলি দেখুৱাবলৈ চেষ্টা কৰে। আৰু জনাই নজনাই সেই আধৰুৱা বিদ্যাক য'তে ত’তে প্রয়োগ কৰিবলৈ চেষ্টা কৰে। তেনেকুৱা লোকে নিজেই সকলো জানি উঠা বুলি ভাবে আৰু নিজৰ প্রভুত্ব জাহিৰ।কৰিবলৈ গৈ মুখ থেকেচা খায় । গতিকে, অলপ অচৰপ শিক্ষা উপকাৰী হোৱাতকৈ বেছি অপকাৰী বা ভয়ংকৰহে হৈ উঠে। তেনে অল্পশিক্ষিত ব্যক্তিৰ পৰা কেতিয়াবা অনিষ্ট হোৱাৰ সম্ভাৱনা থাকে। উদাহৰণস্বৰূপে; অলপ অচৰপ ডাক্তৰী পঢ়ি, আধাতে শিক্ষা সামৰা অর্ধ-ডাক্তৰ এগৰাকীয়ে নিজৰ সীমিত জ্ঞানেৰে ৰোগীক জধে-মধে চিকিৎসা কৰিলে বিপদৰ আশংকাই বেছি। এনেদৰে, বহুক্ষেত্ৰতেই এই অল্প জ্ঞানেৰে শিক্ষিত ব্যক্তিসকল সমাজৰ তথা নিজৰ কাৰণেই ভয়ংকৰ হৈ পৰে।
◆ যেনে কুকুৰ তেনে টাঙোন
কুকুৰ এটা যদি পদুলি শুঙা স্বভাৱৰ হয়, কাজিয়াখোৰ হয়, তেনে কুকুৰে টাঙোনৰ কোব খাবই।আনক যেনে ব্যৱহাৰ কৰা যায়, নিজেও মানুহৰ পৰা তেনেকুৱা ব্যৱহাৰেই পাব। মানুহক অপকাৰ কৰিলে মানুহেও অপকাৰ কৰিব। প্রতিজন মানুহেই নিজে যেনেকুৱা গুণৰ অধিকাৰী তেনেকুৱা ব্যৱহাৰহে পাব। তজবজীয়া কুকুৰ এটাক খেদিবৰ বাবে টান লাঠিৰ প্ৰয়োজন হয়। ঠিক সেইদৰে, অতি নিষ্ঠুৰ হ’ব পৰা ভয়ংকৰ শত্ৰৰ।পৰা হাত সাৰিবলৈ মানুহে নিষ্ঠুৰ পদক্ষেপকেই অবলম্বন কৰি নিষ্কণ্টক হ'বলৈ বিচাৰে। গতিকে, মানুহক বেয়া ব্যৱহাৰ কৰিলে নিজেই তেনে ব্যৱহাৰ পোৱাৰ কাৰণে সাজু থাকিব লাগিব।
◆শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে
শিয়ালে খাবৰ বাবে হাঁহ চিকাৰ কৰিবলৈ হ'লে হাঁহৰ গৰাললৈ যাবই ফাগিব। কিন্তু শুই থকা শিয়াল এটিৰ গাঁতলৈ গৈ হাঁহ বা অন্য খাদ্য কেতিয়াও নোসোমায়। তেনে শিয়াল চিকাৰ অবিহনে নাই শুকাই মৰিব লাগিব। এই একেই কথা মানুহৰ ক্ষেত্ৰতো প্রয়োগ কৰিব পাৰি । কষ্ট নকৰিলে বিচৰা বস্তুটো কেতিয়াও হাতত আহি নপৰেহি। কাম্য বঞ্চটো পাবলৈ হ'লে কষ্ট কৰিবই লাগিব। পঢ়া শুনা নকৰি আৰামত শুই থকা, ঘূৰি ফুৰা ছাত্ৰই কেতিয়াও ভাল ফলাফল আশা কৰিব নোৱাৰে। কষ্ট নকৰিলে মুখ নভৰে। যেনেদৰে শিয়ালে খাবলৈ হ'লে কষ্ট কৰি ৰাতি অতি বিপদৰ মাজত গৈছে৷ গৃহস্থৰ ঘৰৰ পৰা হাঁহ-কুকুৰা আদি ধৰি আনিব লাগিব, মানুহেও আশা কৰা বস্তুটো পাবলৈ তাৰ কাৰণে প্রয়োজনীয় কষ্ট মূৰ পাতি ল'বই লাগিব।
◆ সময় অমূল্য ধন
সময় সকলোৰে বাবে সীমিত। তদুপৰি ই সদায় গতিশীল, কাৰো বাবে, কোনো প্ৰকাৰে ইয়াক ধৰি ৰাখিব নোৱাৰি। গতিকে, মানৱ জীৱনত সময়ৰ মূল্য অপৰিসীম। আন কথাত, কোনো বিনিময়েৰেই ইয়াক কিনিব বা সাঁচিব নোৱাৰি। আমাৰ চুটি আৰু ব্যস্ত জীৱনত বহু কামেই কৰিবলগীয়া থাকে আৰু তাৰ কাৰণে।সময় পোৱা যায় তেনেই কম। গতিকে, কোনো কাৰণতে সময় অপচয় কৰা উচিত নহয়। সময়ৰ কাম সময়মতে কৰি সময়ৰ সতেই খোজ পেলাব লাগে, তেতিয়াহে আমি আমাৰ জীৱনত পোৱা সীমিত সময়কণৰ সঠিক ব্যৱহাৰ কৰিব পাৰিম। তদুপৰি, এবাৰ পাৰ হৈ যোৱা সময়কণ কেতিয়াও ঘূৰাই পোৱাও সম্ভৱ নহয়। এনেদৰেই আমি উপলব্ধি কৰিব পাৰোঁ যে আমাৰ জীৱনত সময়ৰ মূল্য কিমান। এই সময় আমি সকলোৱে সঠিক ব্যৱহাৰৰ কৰি ইয়াৰ গুৰুত্ব উপলব্ধি কৰা উচিত।
◆হৰিণাৰ মাংসই বৈৰী।
বহু ক্ষেত্ৰত মানুহৰ নিজৰ গুণখিনিয়েই কাৰোবাৰ বাবে বিপদৰ কাৰণ হৈ পৰে। হৰিণাৰ মাংস খাবলৈ বৰ সোৱাদ । গতিকে, মাংসৰ কাৰণে হৰিণাক বধ কৰিবলৈ চিকাৰী, বাঘ আদি টিঘিলঘিলাই ঘূৰি ফুৰে; যাৰ কাৰণে হৰিণাবোৰৰ জীৱন-ধাৰণ তেনেই বিপদসংকুল হৈ পৰে। বিশেষকৈ নিৰীহ লোকৰ কাৰণে এই সমস্যাটো অধিক। সমাজত এনে বহুতো নিৰীহ লোক আছে, যিবোৰৰ নিজৰ সম্পত্তিখিনিয়ে তেওঁলোকৰ কাৰণে বিপদৰ কাৰণ হৈ পৰে। অজস্ৰ সা-সম্পতি বা সম্পদ থকা লোকৰ প্রতি লোকৰ প্রতিহিংসা জাগে। ফলত তেনে লোকৰ শত্রুও বাঢ়ে। অর্থাৎ হৰিণাৰ মাংসই যেনেদৰে হৰিণাৰ মৃত্যুৰ কাৰণ হৈ শত্রু হিচাপে চিহ্নিত হয়, ঠিক সেইদৰে মানুহৰ বিশেষ গুণ, সৌন্দর্য বা সম্পদো কেতিয়াবা মানুহৰ (সম্পদ বা গুণৰ গৰাকীৰ) শত্ৰুৰূপে দেখা দিয়ে।
◆ভুকুতে কল নপকে।
যিকোনো কাম এটা সম্পন্ন হৈ উঠিবলৈ ইয়াক পৰ্যাপ্ত সময়ৰ প্রয়োজন হয়। ইয়াক একাষাৰে হৈ উঠক বুলি জোৰ দিলেই নহয়। কেঁচা কল এটা তৎক্ষণাত পকাবলৈ ভুকু মাৰি দিলেই ই লগে লগে নপকে, বৰং ই পচাৰ হে সম্ভাৱনা থাকে। ঠিক তেনেদৰেই নির্দিষ্ট সময়তকৈ আগতে জোৰ কৰি কোনো এটা কাম সিদ্ধি কৰিব বিচাৰিলে, ই পণ্ড হোৱাৰহে সম্ভাৱনা বেছি, সময়তকৈ আগত ই মুঠেও সম্পূৰ্ণৰূপে হৈ নুঠে। একেদিনাই কোনো এজন মানুহেই পণ্ডিত হৈ উঠিব নোৱাৰে। একেৰাহে চলা দীঘলীয়া পৰিক্ৰমাৰ ফলতহে মানুহে তেনে গুণবোৰ আয়ত্ত কৰিব পাৰে। গতিকে, লগে লগে লাগে বুলি জোৰ দিলেই কাম এটাৰ সফল সম্পাদন নহয়, ইয়াক ক্রম অনুসৰিহে সফলতাৰে সম্পূর্ণভাৱে সম্পন্ন কৰিব পাৰি।
◆ হস্তীৰো পিছলে পাৱ সজ্জনৰো বুৰে নাও
হাতী হ’ল এক বৃহৎ আকাৰৰ জন্তু আৰু ই খোজ কাঢ়োঁতে ভৰি পিছলি যোৱাৰ সম্ভাৱনা খুবেই ক্ষীণ। তথাপি কেতিয়াবা হঠাতে খোজ কাঢ়োঁতে এনে বিঘিনি ঘটি যায় যে হাতীৰ ভৰিও পিছলি যায়। সৎ ব্যক্তিয়ে সদায় আনৰ হিত চিন্তাই কৰে আৰু সহজ জীৱন যাপন কৰে। সৎ ব্যক্তিয়ে অতি সাৱধানেৰে নৌকা যাত্রা কৰে। গতিকে তেওঁলোকৰ পানীত বুৰ যোৱাৰ সম্ভাৱনাও একেবাৰে ক্ষীণ। তথাপি কেতিয়াবা তেনে ব্যক্তিকো এনে বিপদে লগ দিব পাৰে যে সাৱধানে চলোৱা নাৱো বুৰি যাব পাৰে।
অতি সাৱধানতা অৱলম্বন কৰা তথা সৰল জীৱন-যাপন কৰা ব্যক্তিকো কেতিয়াবা দুর্ভাগ্যই লগ দিব পাৰে। বিপদ সংকট সকলোৰে ভাগ্যত থাকে। গতিকে, কেতিয়াও বিপদত নপৰিম বুলি অহংকাৰত ওফন্দি থকা উচিত নহয়। হাতীৰ দৰে শক্তিশালী ভৰিৰ গৰাকীৰো খোজ কাঢ়োতে যিদৰে ভুল হৈ পিছল খাব পাৰে, অতি নির্ভুল ব্যক্তিৰো কেতিয়াবা ভুল হৈ যাব পাৰে, সাৱধানী ব্যক্তিও অসুবিধাত পৰিব পাৰে।
◆ এশ গৰু মাৰিলে ৰাঘৰো মৰণ
এটা, দুটা গৰু হত্যা কৰা বাঘ সহজতে চকুত নপৰে। কিন্তু এটা দুটাকৈ যেতিয়া সি বহুতো গৰু নিধন কৰিয়ে গৈ থাকিব আৰু মানুহৰ তথা জীৱ-জন্তুৰ মাজত সন্ত্রাসৰ সৃষ্টি কৰিব তেতিয়া সেই বাঘক মাৰিবলগীয়া হোৱা বুলি সকলোৱে সহজেই অনুভৱ কৰিব। অর্থাৎ তেনে অৱস্থাত সেইবাঘৰ মৃত্যু অনিবার্য হব। ঠিক তেনেদৰে সমাজৰ অনিষ্টকাৰী ব্যক্তি বা প্রবঞ্চকে এটা বা দুটা বেয়া কাম কৰিলে সমাজৰ চকুত নপৰে যদিও, একাদিক্রমে তেনে কৰিয়েই থাকিলে সি ধৰা পৰাৰ উপৰি তেনে লোকৰ ধ্বংসও অনিবার্য হৈ পৰে।
এজনক প্রবঞ্চনা কৰি কোনোবাই সাৰি যাব পাৰে, কিন্তু অনেকক প্ৰৱঞ্চনা কৰাজন ধৰা পৰাটো অনিবার্য। গতিকে, এশটা গৰু মাৰি বাঘ এটাৰ মৃত্যু অনিবার্য হোৱাৰ দৰেই বহুত ঠগোৱাৰ পাছত তেনে প্ৰৱঞ্চকৰ ধবংসও অনিবার্য। তেওঁ যিমানেই প্রভাবশালী তথা প্রতাপী নহওক কিয়, ৰাইজৰ আগত সেও মানিবই লাগিব।
◆ উপকাৰীক অজগৰে খায়
অকৃতজ্ঞ লোকসকলে উপকাৰী লোকৰ উপকাৰ স্বীকাৰ কৰাৰ পৰিৱর্তে, পাছত বৰং তেওঁলোকক অপকাৰহে কৰে। অজগৰ সাপ এটিক যদি কেতিয়াবা প্রাণনাশৰ পৰা ৰক্ষা কৰি তাক উপকাৰ কৰি থোৱা বুলি তাৰ পৰা সাৱধান হোৱা নাযায় আৰু সি সেই উপকাৰৰ কথা মনত কৰি একো নকয় বুলি ভবা যায়, তেন্তে তেনেদৰে ভবাজনক অজগৰে খাবই।
অজগৰে কেতিয়াও উপকাৰৰ মোল বুজি নাপায় আৰু সেয়ে তাৰ পৰা কৃতজ্ঞতা আশা কৰিও লাভ নাই। একেদৰে অকৃতজ্ঞ মানুহৰ পৰাও উপকাৰৰ কৃতজ্ঞতা বিচাৰি লাভ নাই। বৰং উপকাৰ কৰা ব্যক্তিৰ অসাৱধানতা তথা উদাৰতাৰ সুযোগ লৈ তেনে লোকে উপকাৰীজনৰ অনিষ্টহে কৰে। তেনে অকৃতজ্ঞ অশলাগী লোকৰ পৰা সাৱধানে থকা উচিত।
◆ একতাই পৰম বল
বহুকেইজনে লগ হৈ কোনো কাম কৰিলে যিকোনো কামত সহজে কৃতকার্য হ'ব পৰা যায়। সকলোৰে ঐক্যৱদ্ধ প্রচেষ্টাৰে যি শক্তি পোৱা যায়, সেই শক্তি বেচ প্রবল হয়। অকলে গধুৰ বস্তু এটা দাঙিব নোৱাৰি, কিন্তু বহু কেইজনে মিলি তাক সহজেই সমাধা কৰিব পাৰি।
ইয়াৰ দ্বাৰাই ক'ব বিচৰা হৈছে যে মিলি থাকিলে শত্ৰুই বলে নোৱাৰে। ভাই-ককাই মিলি থাকিলে দুষ্ট লোকে তেওঁলোকৰ অনিষ্ট কৰিব নোৱাৰে। গতিকে, একতাতকৈ বেছি শক্তি কোনো উৎসতে নাই।
◆অধিক মাছ বগলী কণা
বিচৰা বস্তু একেথোপে বহুতো পালে কোনটো লওঁ কোনটো নলওঁ তাক নির্বাচন কৰাটো কঠিন হৈ পৰে আৰু আনন্দ আত্মহাৰা হৈ একো উৱাদিহ নোপোৱা হৈ যায়। মাছ ধৰিবলৈ অহা বগলীৰ সন্মুখত অসংখ্য মাছ পৰিলে, আনন্দত বগলী আত্মহাৰা হৈ পৰে ইমান মাছৰ মাজত কোনটো থৈ কোনটো ধৰিব বগলীয়ে একো উৱাদিহ নাপাই দোধোৰ-মোধোৰত পৰে আৰু এনে অৱস্থাতেই সকলো মাছ পলাই সাৰে। বগলী নিৰাশ হ'বলগীয়া হয় যেন ইমানবোৰ মাছৰ ভিতৰতে এটাকো দেখাই নাপালে।
সেইদৰে, মানুহৰ হাততো একাধিক সুযোগ একেলগে উপস্থিত হলে আত্মহাৰা হৈ থাকোঁতেই সকলো সুযোগ হাতৰ পৰা সৰকি যায়, মানুহজন হতাশ হ'বলগীয়া হয়। গতিকে, মানুহে অধিক সুবিধা পাই তাৰ বাবে আনন্দত আত্মহাৰা হৈ সঠিক সিদ্ধান্তৰ কথা পাহৰি যোৱা উচিত নহয়। প্রাচুর্যই যাতে মানুহক অন্ধ কৰি পেলাব নোৱাৰে যাৰ বাবে নিজৰ প্ৰাচুৰ্য কামত লগাবলৈ অপাৰগ হ'ব পাৰে, তাৰ প্রতি মানুহ সজাগ হোৱা উচিত।
◆ শ্রম সিদ্ধিৰ অমোম অস্ত্র
যিকোনো কামত সফলতা লাভ কৰিবলৈ পৰিশ্ৰম অপৰিহার্য। প্রয়োজন অনুপাতে পঢ়া-শুনা নকৰিলে ছাত্র-ছাত্রীয়ে তেওঁলোকৰ কাৰ্যৰ ফলাফল আশা কৰাটো বৃথা। খেতিয়কেও খেতিৰ পৰা ভাল ফচল আশা কৰিলে তাৰ বাবে পর্যাপ্ত পৰিশ্ৰম কৰি খেতিৰ যতন ল’ব লাগিব। মুঠতে যিকোনো কামতে সিদ্ধি লাভ কৰাৰ আটাইতকৈ প্রয়োজনীয় উপায় হ’ল শ্রম। শ্রম নকৰি কোনো কামৰ ফলাফল বিচাৰি ভাগ্যক ধিয়াই থাকিলে তাত সিদ্ধি লাভ কৰিব নোৱাৰি। পৰিশ্ৰমেহে আমাক সিদ্ধিৰ শিখৰলৈ লৈ যাব পাৰে।
অসমীয়া ব্যাকৰণৰ সকলো প্ৰশ্নোত্তৰ পাবলৈ- CLICK HERE
◆ ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ
সামান্য একোটা কামৰ পৰাও একো একোটা ডাঙৰ ঘটনা সংঘটিত হৈ যাব পাৰে। সাধাৰণ ফিৰিঙতি এটিৰ পৰা যেনেদৰে সমগ্ৰ অৰণ্যত জুই লাগি গোটেই অৰণ্য পুৰি ছাৰখাৰ হ'ব পাৰে, ঠিক তেনেদৰে সৰু একোটা ভুলৰ পৰিণতিয়েই বিৰাট ধ্বংসকাৰ্যৰ কাৰণ হ'ব পাৰে।
গতিকে, সামান্য ঘটনা বা বস্তু বুলি একোকে অৱমাননা তথা অৱহেলা নকৰি তাৰ প্রতি প্ৰাৰম্ভণিতে সজাগ হৈ থাকিব লাগে, যাতে সেই সামান্য ঘটনাটোৰ পৰাই ডাঙৰ অঘটন হ’বলৈ নাপায়।
◆ যি মুলা ৰাছে ভাৰ দুপাততে চিন (HSLC 05)
দুই পাত মেল খোৱা মূলা গছৰ পুলি এটা পিছলৈ ভাল হ'ব নে নহয় তাক গছজোপাৰ সৰু অৱস্থাতেই চিনিব পাৰি। অর্থাৎ যিটো মূলা পুলি সৰুতেই লহপহীয়া পাতেৰে সৈতে মেল খাব সি ভৱিষ্যতেও এডাল ভাল ফলদায়ক গছত পৰিণত হ'ব। আনহাতে যিটো মূলা পুলি সৰুতেই কেৰোণীয়া আৰু দুপাততে নিস্তেজীয়া বিধৰ হ’ব সি ভৱিষ্যতে কেতিয়াও ভাল গছত পৰিণত নহ'ব। গতিকে ভাল-বেয়াৰ পৰিচয় সৰু অৱস্থাতেই ধৰিব পাৰি। এই কথাষাৰ সকলো ক্ষেত্রতে খাপ খায়। যি লৰা-ছোৱালী শিশু অৱস্থাতেই সু অভ্যাস, সজগুণুতীক্ষ্ণ বুদ্ধিসম্পন্ন আৰু কর্মমুখী হয়, তেনে ল’ৰা-ছোৱালী ভৱিষ্যত জীৱনত নিশ্চিতভাৱে আগৰণুৱা আৰু প্রতিভাসম্পন্ন ব্যক্তিৰূপে পৰিগণিত হ’ব। অর্থাৎ সাধাৰণ মূলা গছৰ পুলিটোৰ দৰে মানুহৰ ভৱিষ্যত জীৱনো সৰু কালতে ফুটি উঠে। যিসকল শিশুৰ গুণ, স্বভাৱ আদি সৰুকালৰে পৰা ভাল বা সজ নহয় সিবোৰে কেতিয়াও ভৱিষ্যতে ভাল মানুহৰ আসন লাভ কৰিব নোৱাৰে। সেয়েহে কোৱা হয় মানুহৰ ভাল-বেয়া সৰু কালতে চিনিব পাৰি।
অসমীয়া ব্যাকৰণৰ সকলো প্ৰশ্নোত্তৰ পাবলৈ- CLICK HERE
**********
No comments:
Post a Comment
Please do not enter any spam link in the comment box.