ব্যঞ্জন বৰ্ণৰ বিভাগ:
(ক) স্পর্শ বর্ণ বা বর্গীয় বৰ্ণ- ক-ৰ পৰা ম-লৈকে এই পঁচিছটা ব্যঞ্জন বৰ্ণৰ উচ্চাৰণত জিভাৰ কোনো নহয় কোনো অংশই মুখৰ ভিতৰত তালু, মূর্ধা, দাঁত অগদি বেলেগ বেলেগ অংশ স্পর্শ কৰে; সেই কাৰণে ইহঁতক স্পর্শ বর্ণ বোলে।
উচ্চাৰণৰ ঐক্যৰ ফালৰপৰা এই পঁচিছটা ব্যঞ্জনৰ পাঁচোটা বর্ণক একোটা একোটা বৰ্গত ভাগ কৰা হৈছে, সেই কাৰণে ইহঁতক বর্গীয় বর্ণও বোলে।
যেনে-
ক খ গ ঘ ঙ - ক বর্গ।
চ ছ জ ঝ ঞ - চ বর্গ।
ট ঠ ড ঢ ণ - ট বর্গ।
ত থ দ ধ ন - ত বর্গ।
প ফ ব ভ ম - প বর্গ।
(খ) উষ্ম বর্ণ- শ ষ স হ এই চাৰিটা বৰ্ণৰ উচ্চাৰণত মুখৰ শ্বাস বায়ু কিছু জোৰেৰে নিৰ্গত হোৱাৰ কাৰণে কিছু উত্তপ্ত হয় আৰু সেই কাৰণে ইহঁতক উষ্ম বর্ণ বোলে।
(গ) অন্তঃস্থ বৰ্ণ- য ৰ ল ৰ- এই চাৰিটা বৰ্ণৰ উচ্চাৰণ স্বৰ আৰু ব্যঞ্জনৰ মাজতে হোৱাৰ কাৰণে ইহঁতক অন্তঃস্থ বৰ্ণ বোলে। ইহঁতৰ অৱস্থিতি ব্যঞ্জন বৰ্ণৰ স্পৰ্শ আৰু উষ্ম বৰ্ণবোৰৰ মাজত হোৱাৰ বাবেও য ৰ ল ব বর্ণ চাৰিটাক অন্তঃস্থ বর্ণ বোলা হয়।
(ঘ) অল্পপ্রাণ আৰু মহাপ্রাণ বৰ্ণ- প্রত্যেক বৰ্গৰ প্ৰথম, তৃতীয় আৰু পঞ্চম বৰ্ণৰ উচ্চাৰণ কোমল আৰু দ্বিতীয় আৰু চতুৰ্থ বৰ্ণৰ উচ্চাৰণ কঠিন, সেই কাৰণে বৰ্গৰ প্ৰথম, তৃতীয় আৰু পঞ্চম বর্ণকেইটাক অল্পপ্রাণ বর্ণ, আৰু দ্বিতীয় আৰু চতুর্থ বর্ণকেইটাক মহাপ্রাণ বর্ণ বোলে।
ক গ ঙ, চ জ ঞ, ট ড ণ, ত দ ন, প ব ম- অল্পপ্রাণ বর্ণ। খ ঘ, ছ ঝ, ঠ ঢ, থ ট, ফ ভ মহাপ্রাণ বর্ণ।
(ঙ) ঘোষ বা নাদ বর্ণ আৰু অঘোষ বা শ্বাস বর্ণ- বাগ্-যন্ত্ৰৰ দুডাল নাড়ী আছে; সিহঁতক শব্দৰজ্জু বা স্বৰতন্ত্র বোলা হয়। ব্যঞ্জন বৰ্ণৰ যিবোৰ বৰ্ণৰ উচ্চাৰণত এই স্বৰতন্ত্র কম্পিত হয় সিহঁতক ঘোষ বর্ণ বা নাদ বর্ণ, আৰু যিবোৰ বৰ্ণৰ উচ্চাৰণত স্বৰতন্ত্ৰ কম্পিত নহয় সিহঁতক অঘোষ বর্ণ বা শ্বাস বর্ণ বোলে।
বৰ্গৰ তৃতীয়, চতুর্থ, পঞ্চম বৰ্ণ আৰু য ৰ ল ৱ হ ঘোষ বর্ণ। বৰ্গৰ প্ৰথম, দ্বিতীয় বর্ণ আৰু শ ষ স অঘোষ বর্ণ।
উচ্চাৰণ অনুযায়ী বৰ্ণৰ ভাগ
১। অ আ ক খ গ ঘ ঙ হ -এই বর্ণকেইটা কণ্ঠৰপৰা উচ্চাৰিত হয়; সেই কাৰণে ইহঁতক কণ্ঠ্য বর্ণ বোলে।
২। ই ঈ এ ঐ চ ছ জ ঝ ঞ শ থ -এই বর্ণকেইটা তালুৰপৰা উচ্চাৰিত হয়, সেইদেখি ইহঁতক তালব্য বর্ণ বোলে। এইকেইটা বৰ্ণৰ উচ্চাৰণত জিভাৰ আগটোৱে তালুৰ টান ভাগ স্পর্শ কৰে।
৩। ঝণট ঠ ড ঢ ণ ৰ ষ– এই বৰ্ণকেইটা মূৰ্ধাৰপৰা উচ্চাৰিত। হয়, সেই কাৰণে ইহঁতক মূর্ধন্য বর্ণ বোলে। এই বৰ্ণকেইটাৰ উচ্চাৰণত জিভাৰ পিঠিখনে মূৰ্ধা স্পর্শ কৰে।
৪। ত থ দ ধ ন ল স - এইকেইটা বৰ্ণৰ উচ্চাৰণত জিভাৰ আগটোৱে দাঁতৰ গুৰি স্পৰ্শ কৰে, সেই কাৰণে ইহঁতক দন্ত্য বর্ণ বোলে।
৫। উ ঊ ও ঔ প ফ ব ভ ম- এইকেইটা বৰ্ণ ওঠৰপৰা উচ্চাৰিত হয় বাবে ইহঁতক ঔষ্ঠ্য বর্ণ বোলে।
৬। (চন্দ্রবিন্দু) আৰু ং (অনুস্বাৰ) উচ্চাৰণ নাকৰপৰা হয়; চন্দ্ৰবিন্দু,(ৎ) ব্যঞ্জনান্ত আৰু ং অনুনাসিকতাৰ চিহ্ন।
৬। ঞ ণ ন ম- এই পাঁচটা ব্যঞ্জন বৰ্ণৰ উচ্চাৰণৰ স্থান বেলেগ বেলেগ হ'লেও ইহঁতৰ উচ্চাৰণত মুখৰ বায়ু নাকেৰে নিৰ্গত হয়; গতিকে ইহঁত অনুনাসিক বর্ণ।
_____________
No comments:
Post a Comment
Please do not enter any spam link in the comment box.