Assamese grammar| বৰ্ণ আৰু ইয়াৰ প্ৰকাৰ।


 ভাষা আৰু বৰ্ণ

    মানুহে কেৱল মুখৰ কথাৰে মনৰ ভাব প্রকাশ কৰে তেনে নহয়, তাক লিখিত ৰূপেও প্রকাশ কৰে। মানুহে মনৰ ভাব প্রকাশ কৰে কিছুমান শব্দেৰে; যেনে- 'মই ভাত খাম।' এই কথাটোত 'মই', 'ভাত' আৰু 'খাম', এই তিনিটা শব্দ আছে। 'মই' শব্দ 'ম্' 'অ' 'ই', এই তিনিটা ধ্বনিৰ সমষ্টি; 'ভাত' শব্দ '' 'আ' 'ত্' ধ্বনিৰ সমষ্টি; 'খাম' শব্দ 'খ' 'আ' আৰু 'ম' ধ্বনিৰ সমষ্টি। এই ক্ষুদ্র ক্ষুদ্র ধ্বনিবোৰ সাংকেতিক চিনেৰে প্ৰকাশ কৰা যায়, এই চিহ্নবোৰেই বর্ণ বা আখৰ। ক্ষুদ্রতম ধ্বনি প্রকাশক চিহ্নবোৰক বৰ্ণ বা আখৰ বোলে।


       বৰ্ণ দুবিধ- স্বৰ বৰ্ণ আৰু ব্যঞ্জন বৰ্ণ। স্বৰ শব্দৰ অৰ্থ ধ্বনি। যিবোৰ বৰ্ণ অন্য কোনো বৰ্ণৰ সাহায্য ব্যতিৰেকে অর্থাৎ স্বতন্ত্ৰভাৱে উচ্চাৰিত হয়, সিঁহতক স্বৰ বৰ্ণ বোলে, আৰু যিবোৰ বৰ্ণ স্বৰৰ সাহায্য ব্যতিৰেকে উচ্চাৰিত হ'ব নোৱাৰে, সেইবোৰ বৰ্ণক ব্যঞ্জন বর্ণ বোলে।


স্বৰ আৰু ব্যঞ্জন বর্ণ উভয়কে একেলগে বর্ণমালা বোলা হয়।


স্বৰ বৰ্ণ:

১। অসমীয়া ভাষাত স্বৰ বৰ্ণ এঘাৰটা।

অ আ ই ঈ উ ঊ ঋ এ ঐ ও ঔ।

    (সংস্কৃত ভাষাত ঋ, ৯, এই তিনিটা স্বৰ বৰ্ণেৰে সৈতে স্বৰ বৰ্ণৰ মুঠ সংখ্যা চৈধ্যটা। উক্ত স্বৰ বৰ্ণ তিনিটাৰে আৰম্ভ হোৱা শব্দ অসমীয়া ভাষাত নাই; কিন্তু সংস্কৃতত ঋ-কাৰান্ত আৰু ৯-কাৰান্ত ধাতুৰপৰা উৎপন্ন শব্দ আছে।)

     যেনে- বি-দৃ ধাতুৰপৰা বিদীর্ণ, উৎ-ত্ব ধাতুৰপৰা উত্তীর্ণ, জু-ত্ব, ধাতুৰপৰা জীৰ্ণ আৰু ক্ ৯ প্ ধাতুৰপৰা কল্পনা শব্দৰ উৎপত্তি হৈছে।

   গতিকে সংস্কৃত ঋ, ৯ আৰু স্বৰ বৰ্ণ তিনিটাও আমাৰ জনা আৱশ্যক।


স্বৰ বৰ্ণ দুবিধ- হ্রস্ব স্বৰ আৰু দীর্ঘ স্বৰ।

     যিকেইটা স্বৰ বৰ্ণ উচ্চাৰণ কৰোঁতে সময় কম লাগে অর্থাৎ যিবোৰ স্বৰৰ উচ্চাৰণ চুটি, সিহঁতক হ্রস্ব স্বৰ, আৰু যিকেইটা স্বৰ বৰ্ণ উচ্চাৰণ কৰোঁতে সময় বেছি লাগে অর্থাৎ যিকেইটা স্বৰৰ উচ্চাৰণ দীঘল সিহঁতক দীর্ঘ স্বৰ বোলে।

হ্রস্ব স্বৰ চাৰিটা: অ, ই, উ, ঋ।

দীর্ঘ স্বৰ সাতটা: আ ঈ উ এ ঐ ও ঔ।


স্বৰৰ সবৰ্ণ:  অ আ, ই ঈ আৰু উ-উ- এই তিনিযোৰ একেজাতীয় স্বৰ বৰ্ণৰ প্ৰতিযোৰক সবৰ্ণ বোলে।

যেনে-  অ আ- অ সবর্ণ।

           ই ঈ- ই সবর্ণ।

           উ ঊ- উ-সবর্ণ।

    সাধাৰণতে স্বৰবৰ্ণ, ব্যঞ্জন বৰ্ণত যোগ হ'লে সিহঁতৰ মৌলিক ৰূপ নাথাকে, অন্য ৰূপ ধাৰণ কৰিহে ব্যঞ্জনত যোগ হয়। অ-ৰ ৰূপ নলৰে আৰু ব্যঞ্জনৰ লগত যুক্ত অ দৃষ্টি-গোচৰ নহয়।


ব্যঞ্জন বর্ণ:

১। অসমীয়া ভাষাত ব্যঞ্জন বৰ্ণ বা ক-ফলাৰ আখৰ তেত্ৰিছটা:

ক খ গ ঘ চ ছ জ ঝ ঞ ট ঠ ড ঢ ণ ত থ দ ধ ন প ফ ব ভ ম য ৰ ল ৱ শ ষ স হ।


২। ক-ফলাত থকা ক্ষ আখৰটো এটা সুকীয়া আখৰ নহয়; ক আৰু ষ যুক্ত হৈ ক্ষ হৈছে। ই আচলতে এটা সংযুক্ত বর্ণ।

৩। ড় ঢ় য়- আখৰ তিনিটাও ড ঢ য-ৰপৰা পৃথক নহয়। সময় বিশেষে ইহঁতৰ উচ্চাৰণৰ কোমলতা প্রকাশ কৰিবলৈ প্ৰত্যেকৰে তলতে একোটা (বিন্দু) চিহ্ন দিয়া হয় মাত্র।

যেনে- লাড্ডু, বুঢ়া, নিয়ম।

৪। ৎ- (খণ্ড ত) আখৰটো স্বৰহীন ত-ৰ বেলেগ ৰূপ।

৫।-- (চন্দ্রবিন্দু) ঙ ঞ ণন আৰু মৰ অনুনাসিকতা বুজাবলৈ অন্য বৰ্ণৰ ওপৰত ব্যৱহাৰ কৰা হয়।

যেনে- আঁক, পুঁজি, গাঁও, ভুঁই ইত্যাদি।

৬।ং আৰু (অনুস্বাৰ আৰু বিসর্গ) বৰ্ণ দুটাৰ স্বৰ বৰ্ণ কিম্বা ব্যঞ্জন বৰ্ণৰ লগত যোগ নাই তথাপি ইহঁতৰ ব্যৱহাৰ আছে, সেইবাবে ইহঁতক অযোগবাহ বর্ণ বোলে।


ব্যঞ্জন বর্ণৰ বিভিন্ন প্ৰকাৰ সমূহ : Click

__________________

No comments:

Post a Comment

Please do not enter any spam link in the comment box.