ভাব সম্প্ৰসাৰণ (ভাগ ২)
ভাব সম্প্ৰসাৰণ প্ৰথম ভাগঃ Click Here
১. অচিন কাঠৰ থোৰাকো নলগাবা- ঘৰ-দুৱাৰ বা মূল্যবান আচবাব আদি সজাওঁতে আমি জনা-শুনা ভাল কাঠ ব্যৱহাৰ কৰোঁ। কিয়নো এইবোৰ কামত খৰচ বেছি হয় আৰু ক'ৰবাত সামান্য বেয়া কাঠ এচলা থাকিলেও সি গোটেই খনকে নষ্ট কৰি পেলায়। ঢেঁকী-থোৰা তেনে বস্তু নহয় আৰু আওকাঠী থোৰা হ'লেও তাক সতকাই বদলাব পাৰি। কিন্তু এনে সামান্য ঢেঁকী-থোৰাও সময়ত বিপদ বা অসুবিধাৰ কাৰণ হ'বগৈ পাৰে। যেনে-ঢেঁকীত বিহুৰ সান্দহ খুন্দিবলৈ আৰম্ভ কৰিছে; এনেতে যেনিবা ক'ৰবাৰ অচিন কাঠৰ থোৰাটো গ'ল ছিঙি। হ'ল সান্দহ খুন্দা বন্ধ। থোৰাটো ছিটিকি আহি অঘটন ঘটিব পাৰে। সেইদৰে অচিন-অজান লোকৰ লগত মিতিৰালি পাতিবলৈ গ'লে বিপদত পৰাৰহে সম্ভাৱনা সৰহ। সেয়েহে অচিন লোকৰ লগত মিতিৰালি পাতিব নালাগে। এয়ে ইয়াৰ অভিপ্রেত অর্থ।
২। অনভ্যাসে হতবিদ্যা- এই ফকৰাটিৰ সাধাৰণ অৰ্থ আৰু অভিপ্রেত অর্থ একে। মানুহে কষ্ট কৰি স্কুল-কলেজত পঢ়ি বা কোনো জনা-বুজা লোকৰ লগত থাকি বিদ্যা শিকে। বিদ্যা শিকি তাক আগলৈও চর্চা কৰি থাকিব লাগে। অভ্যাস বা চর্চা নাথাকিলে পুথিৰপৰা লাভ কৰা বিদ্যাই হওক বা হাতে-কামে শিকা বিদ্যাই হওক সি ক্রমে পাহৰণিৰ পেটত লুপ্ত হ'বই। সেইবাবে বিদ্যা সদায় চর্চা বা অভ্যাস কৰি থাকিব লাগে। দৰাচলতে চৰ্চাৰ ফলতহে বিদ্যা বাঢ়ে। চর্চা বা অভ্যাসৰ অভাৱত অর্জিত বিদ্যাও লোপ পায়।
৩৷ পৰত আশ বনত বাস- বনত বাস কৰা লোক অকলশৰীয়া, সেইবাবে মহা বিপদতো সতকাই লোকৰ সহায় নাপায়। বনত বাস কৰা মানুহৰ যেনে অৱস্থা হয়, আনৰ ওপৰত নিৰ্ভৰ কৰি চলা লোকৰো তেনে অবস্থা হয়; কিয়নো, সদায় সকলো কামতে আনৰ ওপৰত নিৰ্ভৰ কৰি চলিব নোৱাৰি। মানুহবোৰ প্ৰত্যেকেই প্রত্যেকৰ কামত ব্যস্ত। এনেস্থলত লোকক সহায় কৰিবলৈ আহৰি ক'ত? আনকি লোকৰ কাম কৰি পেট প্ৰৱৰ্তোৱা বনুৱা লোকো আৱশ্যকৰ সময়ত নাপাব পাৰে।
সেইবাবেই পৰত আশা কৰা উচিত নহয়। যিমানদূৰ পৰা যায় মানুহ স্বাৱলম্বী হ'ব লাগে, তেতিয়া হ'লে বিপদত পৰিলেও মানুহৰ সাৰিবৰ সামর্থ্য থাকে।
(প্রায় একে অৰ্থৰ যোজনা- আপোন হাত জগন্নাথ; সাঁতোৰ সাঁতোৰ নিজ বাহুবলে, সাঁতুৰিব নোৱাৰ যদি যা ৰসাতলে; আত্মবল পৰ বল; আনৰ হাতে তোলা খোৱা আদি)।
৪৷ নিন্দে যেয়ে ভুঞ্জে সেয়ে- অৱস্থাতে কোনো লোকক নিন্দা কৰিব নাপায়। কালৰ কুটিল গতি হেতু কাৰ ভাগ্যত কেতিয়া কি হয় কোনেও ক'ব নোৱাৰে। একালৰ ৰজাও একালত ভিক্ষাৰী হ'ব পাৰে। গর্হিত কাম কৰা লোক নিন্দনীয় হ'বই; কিন্তু কাৰো হীন অৱস্থাৰ বাবে আপেক্ষিক উচ্চ অৱস্থাৰ লোকে নিন্দা কৰা উচিত নহয়। আনকি, জানিব পাৰিলে অৱস্থাৰ বিপাকত পৰি কোনো গর্হিত কাম কৰা লোককো নিন্দা কৰা উচিত নহয়। নিন্দা নকৰি কি কাৰণতনো এনেহেন লোকে এনে কাম কৰিব লগা হ'ল, তাক অনুসন্ধান কৰি আগলৈ যাতে এনেকুৱা অৱস্থাত পৰিবলগীয়া নহয়, তাৰহে উপায় কৰিব লাগে; কিয়নো, কাইলৈ নিজৰো তেনে অৱস্থা হ'বগৈ পাৰে। আনকি সচৰাচৰ তেনে হোৱা দেখাও যায়। সেয়েহে কোনো অৱস্থাতে কাকো নিন্দা কৰা উচিত নহয়।
৫৷ মিছা কথাৰ ঠেং চুটি- এই প্ৰৱচনৰ আক্ষৰিক অর্থ নাই। এই প্ৰৱচনটিৰ দ্বাৰা মিছা কথা কোৱা লোক এদিন ধৰা পৰি যে লঘু লাঞ্ছনা খাব লগাত পৰে, তাকে বুজোৱা হৈছে। ঠেং চুটি মানুহে বেগাই খোজ কাঢ়িব নোৱাৰে। কিছু দূৰ গ'লেই ভাগৰি পৰে। সেইদৰে মিছা কথা কোনেও সৰহদিন চলিব নোৱাৰি, ধৰা পৰে আৰু ধৰা পৰিলেই লোকৰ আস্থা হেৰুৱায়। নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে বহুতে মিছাৰ আশ্রয় লয় আৰু পোনতে ইয়াৰদ্বাৰা কিছু কৃতকাৰ্য হোৱা যেনো পায়। তদুপৰি এবাৰ কিবা কথাত মিছাৰ আশ্রয় ল'লে, সেই মিছা ধাকিবলৈ অধিক মিছা কোৱাৰ প্ৰয়োজন হয়। আনহাতে, প্রথমতে বুজি নাপালেও পিছত মিছলীয়া লোকৰ কথা সকলোৱে বুজি পায় আৰু কোনেও প্রশ্রয় নিদিয়া হয়। এনেকৈয়ে মিছলীয়াই শেহান্তত বিপদত পৰেগৈ।
৬৷ দুখ কৰিলেহে মুখ ভৰেঃ সুচল জীৱন-যাপন কৰিবলৈ হ'লে দুখ-কষ্ট-যাতনা সহ্য কৰিবই লাগিব। দুখ-কষ্ট কৰি খেতি-বাতি কৰিলেহে খেতিৰ পৰা পেটৰ ভাত মুঠি আহিব। সেইখিনি কষ্ট, শ্রম সহিব নোৱাৰিলে ভোকে পিয়াহে মৰিব লাগিব; এনেদৰে কেতিয়াও পেট নভৰে। অৰ্থাৎ ইয়াৰ জৰিয়তেও শ্ৰমৰে মৰ্যাদাৰ কথা ক'ব বিচৰা হৈছে। পৰিশ্ৰমকৰণৰ বেলিকা ই সদায়ে পীড়াদায়ক, শ্রম কৰি কোনেও সুখ নাপায়। কিন্তু এইখিনি দুখ মানি ল'বই লাগিব যদিহে কামত সফলতা লাভ কৰিব বিচৰা হয়। গতিকে পৰিশ্ৰম, কষ্ট স্বীকাৰ কৰি কৰ্মত লাগি থাকিলেহে উদ্দেশ্য পূৰণ হয়। নিজৰ মনৰ হেঁপাহৰ বিৰুদ্ধে গৈও দুখ মনেৰে ধৈৰ্য ধৰি পঢ়া শুনাত লাগি থকা ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ ফলাফলৰ বেলিকা মুখত সন্তুষ্টিৰ হাঁহি মাৰিব পাৰে। সাফল্যৰ আনন্দই তেওঁলোকৰ মন ভৰাই তোলে।
৭৷ আয় চাই ব্যয় কৰিবা: মানুহে খৰচ পাতি কৰাৰ বেলিকা নিজৰ পৰ্যাপ্ত উপাৰ্জনৰ কথা ভাবি চাব লাগে। নিজৰ আয়তকৈ বেছিকৈ খৰচ কৰাজনে কেতিয়াও সঞ্চয় কৰিবই নোৱাৰে, বৰং ঋণতহে পোত যাবলৈ বাধ্য হয়। বেছিকৈ উপার্জন কৰা লোক এজনে বেছিকৈ খৰচ কৰিব পাৰে। প্ৰাথমিক প্রয়োজনীয় সা-সামগ্রী কিনা, সাধাৰণ বজাৰ পাতি কৰাৰ উপৰি তেওঁলোকে বিলাসী সামগ্রী আদি কিনি এক বিলাসী জীৱন কটাব পাৰে। কিন্তু কম উপাৰ্জনৰ লোকে তেওঁৰ উপাৰ্জনৰ জোখাৰে সামৰিব পৰাকৈহে খৰচ পাতি কৰিব পাৰে। গতিকে, তেনে লোক ধন ব্যয় কৰাৰ বেলিকা সাৱধানী আৰু মিতব্যয়ী হোৱা উচিত।
_____________
অন্য কিবা থাকিলে কমেন্টত লিখিবা।
_____________
No comments:
Post a Comment
Please do not enter any spam link in the comment box.