Sentence correction| ভুল বাক্যৰ শুধৰণি| Assamese grammar.


 ভুল বাক্যৰ শুধৰণি


১। শিশুৰ প্রতি আতিশয্যতা অমানবীয় কার্য।

উঃ শিশুৰ প্রতি আতিশয্য অমানবীয় কার্য।


২।ৰাজনীতিক দলবোৰৰ নিজা আদর্শ থকা উচিত।

উঃ ৰাজনৈতিক দলবোৰৰ নিজা আদর্শ থকা উচিত।


২। ৰাণীৰ সৌন্দৰ্যতাত ৰজা মোহ গ'ল।

উঃ ৰাণীৰ সৌন্দৰ্যত ৰজা মোহ গ'ল।


৪। তাৰ সোৰোপামিৰ বাবেই ঘৰখন ধ্বংস হ'ল।

উঃ তাৰ সোৰোপালিৰ বাবেই ঘৰখন ধ্বংস হ'ল।


৫। ভাৰতে স্বাধীন লাভ কৰাকৰা ৭০ বছৰ হ'ল।

উঃ ভাৰতে স্বাধীনতা লাভ কৰাৰ ৭০ বছৰ হ'ল।


৬। ভূমিকম্পত প্রচণ্ড ভৱনখন খহি পৰিল।

উঃ ভূমিকম্পত প্রকাণ্ড ভৱনটো খহি পৰিল।


৭) পৃথিবী সৌৰজগতৰ চাৰিওফালে ঘুবে।

উঃ পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে।


৮।  নিউটন এজন মহান বৈজ্ঞানিক আছিল।

উঃ নিউটন এজন মহান বিজ্ঞানী আছিল।


৯। মই গুৱাহাটীত গৈছিলোঁ।

উঃ মই গুৱাহাটীলৈ গৈছিলোঁ।


১০। সি কালি ক'লকাতালৈ যাব।

উঃ সি কাইলৈ ক'লকাতালৈ যাব।


১১। মই ৰে'লত দিল্লীলৈ গৈছিলোঁ।

উঃ মই ৰে'লেৰে দিল্লীলৈ গৈছিলোঁ।


১২। মানুহজনক বহিব দি তেওঁ গ'লগৈ।

উঃ মানুহজনক বহিবলৈ দি তেওঁ গ'লগৈ।


১৩। বিনয়ে চোৰ কৰি যোৱাকালি জেলত সোমাল।

উঃ বিনয়ে চুৰ কৰি কালি জেলত সোমাল।


১৪। উত্তৰ-পূৰ্বাঞ্চলত প্রাচুর্যভাবে থকা সম্পদ হৈছে মানব সম্পদ।

উঃ উত্তৰ-পূৰ্বাঞ্চলত প্ৰচুৰভাৱে থকা সম্পদ হৈছে মানৱ সম্পদ।


১৫। বৰষুণ আহিলে মই যাব নাপাৰিম।

উঃ বৰষুণ দিলে মই যাব নোৱাৰিম।


১৬। কিতাপডুখুৰি যেনেতেনে তাক দিবা দেই।

উঃ কিতাপখন যেনে তেনে তাক দিবা দেই।


১৭। সি ৰ'দালি পুৱাই স্ফূর্তি পাইছে।

উঃ সি ৰ'দ পুৱাই স্ফূর্তি পাইছে।





______________

অন্য কিবা বাক্য থাকিলে কমেন্টত দিবা ।

_______________

No comments:

Post a Comment

Please do not enter any spam link in the comment box.