লিংগ
১। লিংগ কাক বোলে?
উঃ যি চিনৰ দ্বাৰা স্ত্ৰী-পুৰুষৰ ভেদ প্ৰকাশ কৰা হয়, তাক লিঙ্গ বোলে।
যেনেঃ গায়ক (পু) - গায়িকা (স্ত্রী)
কুমাৰ (পু) - কুমাৰী (স্ত্রী) আদি।
২। অসমীয়া ভাষাত লিংগ কেইবিধ আৰু কি কি?
উঃ অসমীয়া ভাষাত লিংগ দুবিধ- (ক) পুংলিংগ আৰু (খ) স্ত্রীলিংগ।
তলত কিছুমান শব্দৰ লিংগ পৰিবৰ্তন দেখুওৱা হ'ল:
পুংলিংগ স্ত্রীলিংগ
গোহাঁই - আইচু
গোঁসাই - গোসানী
গগৈ - আইচু
গোলাম - বান্দী
গৃহস্থ - গৃহিণী
বলধ - গাই
বগ - বগলী
বোন্দা - জাঁই
তাৱৈ - আমৈ
দেওৰ - জা
দৰা - কইনা
পুত্র -কন্যা
নাচনি - নাচনী
শৰ - ভেলেঙ্গী
মখনা - মাখুন্দী
জলগুই -ঘঁৰিয়াল
ৰজা - ৰাণী
ফুকন - ফুকননী
শিক্ষক - শিক্ষয়িত্রী
অঁকৰা - আঁকৰী
অজলা - আজলী
ককা - আইতা
কমাৰ - কমাৰনী
কুমাৰ - কুমাৰানী
কোঁৱৰ - কুঁৱৰী
কণা - কাণী
বৰলা - আবিয়ে
পো - জী/বোৱাৰী
ক'লা - ক'লী
দমৰা - চেউৰী/কাঢ়লী
খুৰা - খুৰী
দাদা - বৌ
দঁতাল - মাখুন্দী
ধোবা - ধুবুনী
ডেকা - গাভৰু
বুঢ়া - বুঢ়ী
কোৱা - কাউৰী
ঘৈণী - গিৰী, পৈ
উকিল - উকিলনী
ৰান্ধনি ৰান্ধনী
সিংহ - সিংহিনী
ঘোঁৰা - ঘুৰী
কান্দুৰা - কান্দুৰী
নেতা - নেত্রী
বিদ্বান - বিদুষী
আচার্য -আচার্যানী
বিদেশী - বিদেশিনী
সম্রাট - সম্রাজ্ঞী
ভদীয়া - ভাদৈ
দেৱ - দেৱী
নদ - নদী
স্বামী - ভার্যা
প্রিয়তম - প্রিয়তমা
গুৱাল - গুৱালিনী
ভিনিহি - বাইদেউ
ইন্দ্র - ইন্দ্রাণী
সদাশয় - সদাশয়া
_______________

No comments:
Post a Comment
Please do not enter any spam link in the comment box.