📘 Chapter: 3
জনসংখ্যা বৃদ্ধি আৰু বিতৰণ
পাঠ্যপুথিৰ প্ৰশ্নাৱলীঃ
১। পৃথিৱীত জনসংখ্যা বৃদ্ধিৰ ধাৰা সম্পৰ্কে লিখা। কিয় আৰু কোন সময়ছোৱাত জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বেছি আছিল?
উত্তৰঃ বিভিন্ন প্ৰাকৃতিক, অৰ্থনৈতিক আৰু সামাজিক কাৰকৰ বিভিন্নতা পৃথিৱীৰ সকলো ঠাইতে জনসংখ্যা বৃদ্ধিৰ হাৰ আৰু বিতৰণ একে নহয়। মানৱ ইতিহাসৰ আদি কালছোৱাত জনসংখ্যা প্ৰায় স্থিৰ অৱস্থাত আছিল। যোৱা কিছু বছৰ ধৰি অৰ্থাৎ ১৯৫০ চনৰ পৰা ২০০০ চনৰ কালছোৱাত জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট দ্ৰুত হৈছিল। এই সময়ছোৱাত পৃথিৱীৰ জনসংখ্যা ২৫০ কোটিৰ পৰা বৃদ্ধি পাই ৬০০ কোটি হৈছিলগৈ। ইয়াকে পৃথিৱীৰ জনবিস্ফোৰণ বোলে। খাদ্য যোগানৰ নিশ্চয়তা, জীৱন ধাৰণৰ মানৰ উন্নয়ন আৰু চিকিৎসা বিজ্ঞানৰ উন্নতি আদিৰ ফলত এই বৃদ্ধি সম্ভৱ হৈছিল। ৰাষ্ট্ৰসংঘৰ মতে ২০১১ চনত পৃথিৱীৰ জনসংখ্যা ৭০০ কোটি অতিক্ৰম কৰিছিল।
২) পৃথিৱীৰ বৰ্তমান আনুমানিক জনসংখ্যা কিমান? জনসংখ্যা বৃদ্ধিৰ স্থানিক তাৰতম্যৰ প্ৰধান কাৰণবোৰ উল্লেখ কৰা ।
উত্তৰঃ পৃথিৱীৰ বৰ্তমান আনুমানিক জনসংখ্যা হ'ল ৭০০ কোটি। বিভিন্ন প্ৰাকৃতিক, অৰ্থনৈতিক আৰু সামাজিক কাৰকৰ বিভিন্নতাৰ বাবে জনসংখ্যা বৃদ্ধিৰ স্থানিক তাৰতম্য দেখা যায়। জন্মহাৰ, মৃত্যুহাৰ, চিকিৎসা ব্যৱস্থা, খাদ্য যোগান, শিক্ষাৰ বিস্তাৰ আৰু আৰ্থ-সামাজিক উন্নয়ন আদি এই তাৰতম্যৰ মূল কাৰণ।
৩। পৃথিৱীৰ বৰ্তমান জনসংখ্যা বৃদ্ধিৰ আঞ্চলিক তাৰতম্যৰ এটি ছবি দাঙি ধৰা।
উত্তৰঃ পৃথিৱীৰ বৰ্তমান জনসংখ্যা বৃদ্ধিৰ আঞ্চলিক তাৰতম্যৰ প্ৰধান কাৰণ হৈছে উচ্চ জন্মহাৰ আৰু নিম্ন মৃত্যুহাৰ। উন্নত আৰু উন্নয়নশীল দেশসমূহৰ মাজত জনসংখ্যা বৃদ্ধিৰ যথেষ্ট পাৰ্থক্য দেখা যায়। আফ্রিকা মহাদেশত জনসংখ্যা বৃদ্ধিৰ হাৰ অত্যন্ত বেছি, আনহাতে ইউৰোপত এই হাৰ কম। এছিয়াত জনসংখ্যা বৃদ্ধিৰ অন্যতম কাৰণ হৈছে উচ্চ জন্মহাৰ। উত্তৰ আমেৰিকাত জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত জন-প্ৰব্ৰজনৰ ভূমিকা গুৰুত্বপূৰ্ণ। ইউৰোপত নিম্ন জন্মহাৰ আৰু বহিঃ প্ৰব্ৰজনৰ ফলত বৃদ্ধি কম।
৪) পৃথিৱীৰ জনসংখ্যা বিতৰণ সম্পৰ্কে লিখা আৰু অসম বিতৰণৰ প্ৰধান কাৰকবোৰ লিখা ।
উত্তৰঃ পৃথিৱীৰ সকলো অঞ্চলতে জনসংখ্যাৰ বিতৰণ সমান নহয়। ভূ-অৱয়ৱ, জলবায়ু, মাটি, সম্পদ, যাতায়াত ব্যৱস্থা আৰু আৰ্থ-সামাজিক অৱস্থাৰ পাৰ্থক্যৰ বাবে এই অসম বিতৰণ দেখা যায়। উত্তৰ গোলাৰ্ধত পৃথিৱীৰ অধিকাংশ জনসংখ্যা বাস কৰে। এছিয়াত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি আৰু ওচেনিয়াত আটাইতকৈ কম। অসম বিতৰণৰ প্ৰধান কাৰকসমূহ হ'ল- জলবায়ু, ভূ-অৱয়ৱ, মৃত্তিকা, শক্তি আৰু খনিজ সম্পদ, যাতায়াত ব্যৱস্থা আৰু আৰ্থ-সামাজিক উন্নয়ন।
৫) জনসংখ্যা বিতৰণত ভূ-অবয়ৱ আৰু জলবাযুৰ ভূমিকা সম্পৰ্কে উদাহৰণসহ আলোচনা কৰা ।
উত্তৰঃ এখন ঠাইৰ ভূ-অৱয়ৱৰ প্ৰকৃতিয়ে জনসংখ্যা বিতৰণত যথেষ্ট প্ৰভাৱ পেলায়। সমভূমি অঞ্চলত কৃষি আৰু যাতায়াত সুবিধাজনক হোৱাৰ বাবে জনসংখ্যা অধিক হয়। আনহাতে পাহাৰীয়া আৰু ওখোৰা-মোখোৰা অঞ্চলত জনসংখ্যা কম। জলবায়ুৰ ক্ষেত্ৰতো উষ্ণতা আৰু বৰষুণৰ পৰিমাণ অতি গুৰুত্বপূৰ্ণ। দক্ষিণ আৰু পূৰ্ব এছিয়াৰ মৌচুমী অঞ্চলত অনুকূল জলবায়ু আৰু পৰ্যাপ্ত বৰষুণৰ বাবে জনসংখ্যাৰ ঘনত্ব অধিক।
৬) পৃথিৱীৰ প্ৰধান ঘন বসতিপূৰ্ণ অঞ্চলসমূহ উল্লেখ কৰি সেইবোৰৰ ভৌগলিক বৈশিষ্ট্যসমূহ চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ পৃথিৱীৰ প্ৰধান ঘন বসতিপূর্ণ অঞ্চলসমূহ হৈছে-পূৱ এছিয়া, দক্ষিণ এছিয়া, পশ্চিম ইউৰোপ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূৱ উপকূলীয় অঞ্চল, নীল অৱবাহিকা আৰু দক্ষিণ-পূৱ এছিয়া। এই অঞ্চলসমূহত অনুকূল জলবায়ু, সাৰুৱা মাটি, নদী উপত্যকা, উন্নত যাতায়াত ব্যৱস্থা, খনিজ সম্পদ আৰু উদ্যোগ-বাণিজ্যৰ বিকাশ আছে। সেইবাবে এই অঞ্চলসমূহত জনসংখ্যা অধিক।
৭) পৃথিৱীৰ প্ৰধান অতি পাতল জনবসতিপূৰ্ণ অঞ্চলসমূহ কি কি ? সেইবোৰ ঠাইত জনবসতি অতি সেৰেঙা হোৱাৰ প্ৰধান কাৰণবোৰ কি কি ?
উত্তৰঃ পৃথিৱীৰ প্ৰধান অতি পাতল জনবসতিপূর্ণ অঞ্চলসমূহ হৈছে- তুন্দ্ৰা অঞ্চল, চাহাৰা মৰুভূমি, কালাহাৰি, গোবি, থৰ মৰুভূমি, বিষুবীয় অৰণ্য অঞ্চল আৰু উচ্চ পার্বত্য অঞ্চল। এই ঠাইবোৰত অতিগৰম বা অতিশীতল জলবায়ু, শুকান পৰিৱেশ, কৃষিৰ অসুবিধা, যাতায়াতৰ সমস্যা আৰু অনুকূল নোহোৱা ভৌগোলিক অৱস্থাৰ বাবে জনবসতি অতি সেৰেঙা।
৮) জন-প্ৰব্ৰজন বুলিলে কি বুজা ? ই প্ৰধানকৈ কেই প্ৰকাৰৰ আৰু কি কি ?
উত্তৰঃ কোনো লোক বা জনগোষ্ঠীয়ে নিজৰ বাসস্থান ত্যাগ কৰি আন ঠাইলৈ গৈ বাবে বসবাস কৰাকে জন-প্ৰব্ৰজন বোলে। জন-প্ৰব্ৰজন মূলত দুই প্ৰকাৰৰ- অন্তঃ প্ৰব্ৰজন আৰু বহিঃ প্ৰব্ৰজন।
৯) জন-প্ৰব্ৰজন কিয় হয় চমুকৈ লিখা ।
উত্তৰঃ মানুহে আৰ্থিক আৰু সামাজিক উন্নয়নৰ আশাত সুবিধাজনক ঠাইলৈ প্ৰব্ৰজন কৰে। কর্মসংস্থাপন, শিক্ষা, চিকিৎসা, উন্নত জীৱনধাৰণ, বিবাহ আৰু সামাজিক সুবিধাৰ বাবেও জন-প্ৰব্ৰজন হয়। গাঁওৰ পৰা নগৰলৈ অধিক প্ৰব্ৰজন হোৱা দেখা যায়।
১০) জন-প্ৰব্ৰজনৰ আৰ্কষী আৰু বিকৰ্ষী কাৰক সমূহ উল্লেখ কৰা ।
উত্তৰঃ
বিকৰ্ষী কাৰকঃ
i) কৰ্মসংস্থাপনৰ অভাৱ
ii) নিম্নহাৰৰ দৰমহা
iii) সামাজিক বৈষম্য আৰু প্ৰতিকূল পৰিৱেশ
আকৰ্ষী কাৰকঃ
i) কৰ্মসংস্থাপনৰ সুবিধা
ii) উচ্চহাৰৰ দৰমহা
iii) উন্নত জীৱনধাৰণ আৰু অনুকূল সামাজিক অৱস্থা
১১। আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলিলে কি বুজা ? উদাহৰণসহ দুটা আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ কাৰণ আৰু ফলাফল চমুকৈ লিখা ।
উত্তৰঃ যেতিয়া জন-প্ৰব্ৰজন এখন দেশৰ পৰা আন এখন দেশলৈ হয় তাক আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বোলে।
উদাহৰণস্বৰূপে —
(ক) সপ্তদশ আৰু ঊনবিংশ শতিকাত ইউৰোপৰ পৰা পৃথিৱীৰ বিভিন্ন অঞ্চললৈ হোৱা প্ৰব্ৰজন। এই সময়ত বহু ইউৰোপীয় লোকে বিভিন্ন দেশলৈ গৈ বসতি স্থাপন কৰিছিল।
(খ) ১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত বহু মানুহে ভাৰত আৰু পাকিস্তানৰ মাজত প্ৰব্ৰজন কৰিছিল। ৰাজনৈতিক অস্থিৰতা আৰু সাম্প্ৰদায়িক সমস্যাই ইয়াৰ মূল কাৰণ আছিল। ফলত অসমসহ ভাৰতৰ বিভিন্ন ৰাজ্যত জনসংখ্যা বৃদ্ধি পাইছিল।
১২। চমুটোকা লিখাঃ
(ক) জন বিস্ফোৰণ
উত্তৰঃ অত্যাধিক আৰু দ্ৰুত হাৰত জনসংখ্যা বৃদ্ধি পোৱাকে জন বিস্ফোৰণ বোলে। বিশেষকৈ উন্নয়নশীল দেশসমূহত জনসংখ্যা বৃদ্ধিৰ হাৰ অত্যন্ত বেছি হোৱা দেখা যায়। ১৯৫০ চনৰ পাছৰ সময়ছোৱাত চিকিৎসা বিজ্ঞানৰ উন্নয়ন, মৃত্যুহাৰ হ্ৰাস, খাদ্য উৎপাদন বৃদ্ধি আৰু উন্নত জীৱনধাৰণৰ ফলত পৃথিৱীৰ জনসংখ্যা খুব দ্রুত বৃদ্ধি পায়। ১৮০০-১৯৫০ চনৰ ১৫০ বছৰতকৈ ১৯৫০-২০০০ চনৰ ৫০ বছৰত জনসংখ্যা বহুগুণে বৃদ্ধি পোৱাটো জন বিস্ফোৰণৰ অন্যতম উদাহৰণ।
(খ) জনসংখ্যাৰ ঘনত্ব
উত্তৰঃ কোনো অঞ্চলত বাস কৰা মুঠ জনসংখ্যাক সেই অঞ্চলৰ মুঠ মাটিকালিৰে হৰণ কৰিলে যি ফলাফল পোৱা যায় তাকে জনসংখ্যাৰ ঘনত্ব বোলে। ই এখন ঠাইত কিমান মানুহ বসবাস কৰে তাৰ ধারণা দিয়ে। নদী উপত্যকা, সমভূমি আৰু সাৰুৱা মাটি থকা অঞ্চলত জনসংখ্যাৰ ঘনত্ব অধিক হয়। আনহাতে পাহাৰীয়া অঞ্চল, মৰুভূমি আৰু অতিশীতল অঞ্চলত জনসংখ্যাৰ ঘনত্ব কম।
(গ) অন্তদেৰ্শীয় প্ৰব্ৰজন
উত্তৰঃ যেতিয়া মানুহে দেশ এখনৰ ভিতৰতে এঠাইৰ পৰা আন ঠাইলৈ প্ৰব্ৰজন কৰে তাক অন্তদেৰ্শীয় প্ৰব্ৰজন বোলে। এই প্ৰব্ৰজন গাঁওৰ পৰা নগৰলৈ, নগৰৰ পৰা গাঁৱলৈ, নগৰৰ পৰা নগৰলৈ অথবা গাঁৱৰ পৰা গাঁৱলৈ হব পাৰে। কৰ্মসংস্থাপন, শিক্ষা, চিকিৎসা আৰু উন্নত জীৱনধাৰণৰ আশাত অধিকাংশ মানুহে এনে প্ৰব্ৰজন কৰে। উন্নয়নশীল দেশসমূহত গাঁওৰ পৰা নগৰলৈ অন্তঃপ্ৰব্ৰজন অধিক দেখা যায়।
(ঘ) আন্তঃদেশীয় প্ৰব্ৰজন
উত্তৰঃ যেতিয়া মানুহে এখন দেশৰ পৰা আন এখন দেশলৈ প্ৰব্ৰজন কৰে তাক আন্তঃদেশীয় প্ৰব্ৰজন বোলে। মানুহে উন্নত শিক্ষা, কর্মসংস্থাপন, উন্নত জীৱনধাৰণ, ৰাজনৈতিক সুৰক্ষা আৰু আর্থিক উন্নয়নৰ বাবে অন্য দেশলৈ যায়। উদাহৰণস্বৰূপে বাংলাদেশৰ পৰা ভাৰতলৈ বা ভাৰতৰ পৰা আমেৰিকালৈ হোৱা প্ৰব্ৰজন। আন্তঃদেশীয় প্ৰব্ৰজনৰ ফলত সংশ্লিষ্ট দেশসমূহৰ জনসংখ্যা, অৰ্থনীতি আৰু সমাজ ব্যৱস্থাত যথেষ্ট প্রভাৱ পৰে।
(ঙ) জন প্ৰব্ৰজন আকৰ্ষী কাৰক
উত্তৰঃ যিবোৰ কাৰকে মানুহক নিজৰ বাসস্থান এৰি অন্য ঠাইলৈ যাবলৈ উৎসাহিত কৰে তাক জন-প্ৰব্ৰজনৰ আকৰ্ষী কাৰক বোলে। কৰ্মসংস্থাপনৰ সুবিধা, উচ্চ দৰমহা, উন্নত শিক্ষা-চিকিৎসা ব্যৱস্থা, উন্নত যাতায়াত, উন্নত জীৱনধাৰণৰ মান, সুৰক্ষিত সামাজিক অৱস্থা আৰু অনুকূল ৰাজনৈতিক পৰিৱেশ আকৰ্ষী কাৰকৰ অন্তৰ্গত। এই সুবিধাসমূহৰ বাবে বহু মানুহ উন্নত অঞ্চল বা দেশলৈ প্ৰব্ৰজন কৰে।
(চ) জন প্ৰব্ৰজনৰ বিকর্ষী কাৰক
উত্তৰঃ যিবোৰ কাৰকে মানুহক নিজৰ বসবাসৰ ঠাই এৰি যাবলৈ বাধ্য কৰে তাক জন-প্ৰব্ৰজনৰ বিকর্ষী কাৰক বোলে। বেকাৰত্ব, নিম্ন দৰমহা, দৰিদ্ৰতা, সামাজিক বৈষম্য, ৰাজনৈতিক অস্থিৰতা, যুদ্ধ, প্রাকৃতিক দুর্যোগ আৰু অনুন্নত যাতায়াত ব্যৱস্থা বিকর্ষী কাৰকৰ অন্তৰ্গত। এই সমস্যাসমূহৰ বাবে মানুহে উন্নত জীৱনৰ সন্ধানত অন্য ঠাইলৈ প্ৰব্ৰজন কৰে।
(ছ) বাংলাদেশ-ভাৰত জন প্ৰব্ৰজন
উত্তৰঃ বাংলাদেশ-ভাৰত জন-প্ৰব্ৰজন হৈছে এক আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন। ১৯৪৭ চনত ভাৰত বিভাজনৰ পাছত বহু বাংলাদেশী লোক ভাৰতলৈ আহিছিল। পৰৱৰ্তী সময়তো আর্থিক সমস্যা, দৰিদ্ৰতা, কর্মসংস্থাপনৰ অভাৱ আৰু সামাজিক কাৰণত বাংলাদেশৰ পৰা ভাৰতলৈ প্ৰব্ৰজন অব্যাহত থাকে। অসমৰ সীমান্ত অঞ্চলসমূহত এই প্ৰব্ৰজনৰ প্ৰভাৱ অধিক দেখা যায়। ইয়াৰ ফলত অসমৰ জনসংখ্যা, ভাষা আৰু সামাজিক ব্যৱস্থাত উল্লেখযোগ্য প্ৰভাৱ পৰিছে।
১৩। তোমাৰ অঞ্চলটোত জনসংখ্যাৰ ঘনত্ব কম-বেছি হোৱাৰ কাৰণ উল্লেখ কৰা।
উত্তৰঃ জনসংখ্যাৰ ঘনত্ব বেছি হোৱাৰ কাৰণসমূহ হৈছে- অনুকূল জলবায়ু, সাৰুৱা মাটি, যাতায়াত সুবিধা, ব্যৱসায়-বাণিজ্য আৰু কৃষিৰ উন্নয়ন। আনহাতে পাহাৰীয়া অঞ্চল, পানীৰ অভাৱ, কৃষিৰ অসুবিধা আৰু উদ্যোগৰ অভাৱ থকা ঠাইত জনসংখ্যাৰ ঘনত্ব কম হয়।
১৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(ক) কোন বছৰ পৃথিৱীৰ জনসংখ্যা প্রায় ১ মহানিযুত আছিল?
(১) ১৯৫০ চনত
(২) ১৮০৮ চনত
(৩) ১৯০৮ চনত
(৪) ১০০৮ চনত
উত্তৰঃ (২) ১৮০৮ চনত।
(খ) পৃথিৱীত জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণটো কি?
(১) জন্মহাৰ বৃদ্ধি
(২) মৃত্যুহাৰ হ্ৰাস
(৩) জন্মহাৰৰ তুলনাত মৃত্যুহাৰ হ্ৰাস
(৪) প্রব্রজন
উত্তৰঃ (৩) জন্মহাৰৰ তুলনাত মৃত্যুহাৰ হ্ৰাস।
(গ) পৃথিৱীৰ আটাইতকৈ কম জনসংখ্যাৰ মহাদেশ কোনখন?
(১) আফ্রিকা
(২) ওচেনিয়া
(৩) ইউৰোপ
(৪) দক্ষিণ আমেৰিকা
উত্তৰঃ (২) ওচেনিয়া।
(ঘ) তলৰ দেশসমূহৰ কোনখনত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি?
(১) জাপান
(২) ভাৰতবৰ্ষ
(৩) বাংলাদেশ
(৪) ইন্দোনেছীয়া
উত্তৰঃ (৩) বাংলাদেশ।


No comments:
Post a Comment
Please do not enter any spam link in the comment box.