Class 9 Maths Exercise R-1 (extra) Solutions in Assamese


অনুশীলনী R-1

প্ৰশ্ন ১: বৰ্গমূলৰ দ্বাৰা √2 ৰ আনুমানিক মান দুই দশমিক স্থানলৈ উলিওৱা।
সমাধান:
দীৰ্ঘ হৰণ প্ৰক্ৰিয়া (Long Division Method):
      1.41
      -------
   1 | 2.00 00
     | 1
      -------
  24 | 1 00
     |   96
      -------
 281 |   4 00
     |   2 81
      -------
         1 19
উত্তৰ: ∴ √2 = 1.41
প্ৰশ্ন ২: দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয়।
সমাধান:
ধৰা হ’ল দুটা অপৰিমেয় সংখ্যা ক্ৰমে (3 + √2) আৰু (3 - √2)

যোগফল পৰীক্ষা:
(3 + √2) + (3 - √2) = 3 + √2 + 3 - √2 = 6 (যিটো পৰিমেয়)।

পূৰণফল পৰীক্ষা:
(3 + √2) × (3 - √2) = (3)² - (√2)² = 9 - 2 = 7 (যিটো পৰিমেয়)।
উত্তৰ: সংখ্যা দুটা হ’ল (3 + √2) আৰু (3 - √2)
প্ৰশ্ন ৩: সংখ্যাৰেখাৰ সহায়ত -5 আৰু 5 অৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ লিখা।
সমাধান:


সংখ্যাৰেখাত -5 আৰু 5 ৰ ঠিক মাজত থকা অখণ্ড সংখ্যাবোৰ হ’ল:
উত্তৰ: -4, -3, -2, -1, 0, 1, 2, 3, 4
প্ৰশ্ন ৪: সূচক বিধি am ÷ an = am-n অত m = n লৈ প্ৰমাণ কৰা যে a0 = 1।
সমাধান:
দিয়া আছে, am ÷ an = am-n
aman
= am-n

এতিয়া, m = n বহুৱাই আমি পাওঁ—
amam
= am-m
⇒ 1 = a0
এতেকে, a0 = 1 (প্ৰমাণিত)
প্ৰশ্ন ৫: সূচক বিধি am ÷ an = am-n অত m = 0 লৈ প্ৰমাণ কৰা যে a-n =
1an
সমাধান:
দিয়া আছে,
aman
= am-n

এতিয়া, m = 0 বহুৱাই আমি পাওঁ—
a0an
= a0-n
1an
= a-n    [যিহেতু প্ৰশ্ন ৪ ৰ পৰা পাওঁ a0 = 1]
এতেকে, a-n =
1an
(প্ৰমাণিত)
প্ৰশ্ন ৬: তলৰ যোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই গ.সা.উ. আৰু ল.সা.গু. উলিওৱা।
সমাধান:
(i) 321, 396:
321 = 3 × 107
396 = 2 × 2 × 3 × 3 × 11 = 2² × 3² × 11
∴ গ.সা.উ. = 3
∴ ল.সা.গু. = 2² × 3² × 11 × 107 = 42372

(ii) 455, 42:
455 = 5 × 7 × 13
42 = 2 × 3 × 7
∴ গ.সা.উ. = 7
∴ ল.সা.গু. = 2 × 3 × 5 × 7 × 13 = 2730

(iii) 408, 170:
408 = 2 × 2 × 2 × 3 × 17 = 2³ × 3 × 17
170 = 2 × 5 × 17
∴ গ.সা.উ. = 2 × 17 = 34
∴ ল.সা.গু. = 2³ × 3 × 5 × 17 = 2040
প্ৰশ্ন ৭:
211
আৰু
16
ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখা।
সমাধান:
প্ৰথমে হৰসমূহ সমান কৰি লওঁ (11 আৰু 6 ৰ ল.সা.গু. হ’ল 66):
211
=
2 × 611 × 6
=
1266


16
=
1 × 116 × 11
=
1166


মাজৰ সংখ্যা উলিয়াবলৈ দুয়োটাৰে লব আৰু হৰক 3 ৰে পূৰণ কৰোঁ:
1166
=
33198


1266
=
36198


এতিয়া,
33198
আৰু
36198
ৰ মাজৰ দুটা সংখ্যা হ’ল:
উত্তৰ:
34198
আৰু
35198
প্ৰশ্ন ৮: সৰল কৰা: √10 × √5 (যদি √2 = 1.414 হয়)।
সমাধান:
√10 × √5 = √(10 × 5) = √50
⇒ √(5 × 5 × 2) = 5√2
এতিয়া, √2 ৰ মান বহুৱাই—
⇒ 5 × 1.414 = 7.07
উত্তৰ: 7.07
প্ৰশ্ন ৯: মান নিৰ্ণয় কৰা: (i) (64)
12
    (ii) (32)
15
সমাধান:
(i) (64)
12
:

= (8²)
12
= 82 ×
12
= 8¹ = 8

(ii) (32)
15
:

= (2⁵)
15
= 25 ×
15
= 2¹ = 2
প্ৰশ্ন ১০: সৰল কৰা: (i) 2
23
× 2
15
    (ii) (
1
)7
সমাধান:
(i) 2
23
× 2
15
:

= 2(
23
+
15
)
= 2
10+315
= 2
1315


(ii) (
1
)7:

= (3-3)7 = 3-21 =
1321
প্ৰশ্ন ১১: মান উলিওৱা: (i) 9
32
    (ii) 32
25
সমাধান:
(i) 9
32
:

= (3²)
32
= 32 ×
32
= 3³ = 27

(ii) 32
25
:

= (2⁵)
25
= 25 ×
25
= 2² = 4
প্ৰশ্ন ১২: সৰল কৰা:
11
12
11
14
সমাধান:
= 11(
12
-
14
)


= 11
2-14
= 11
14
উত্তৰ: 11
14
প্ৰশ্ন ১৩: হৰণ কাৰ্য নকৰাকৈ তলৰ পৰিমেয় সংখ্যাবোৰক দশমিকত প্ৰকাশ কৰা: (i)
780
    (ii)
325
সমাধান:
(i)
780
:

হৰ 80 = 2⁴ × 5। ইয়াক 10 ৰ ঘাট কৰিবলৈ 5³ ৰে লব আৰু হৰক পূৰণ কৰোঁ—
=
7 × 5³80 × 5³
=
7 × 1252⁴ × 5⁴
=
87510000
= 0.0875

(ii)
325
:

হৰ 25 = 5²। ইয়াক 2² ৰে পূৰণ কৰোঁ—
=
3 × 2²25 × 2²
=
3 × 4100
=
12100
= 0.12
প্ৰশ্ন ১৪: তলৰ শতকৰাবোৰক ভগ্নাংশত উলিওৱা: (i) 50%     (ii) 15%
সমাধান:
(i) 50%: =
50100
=
12


(ii) 15%: =
15100
=
320
প্ৰশ্ন ১৫: তলৰ ভগ্নাংশবোৰক শতকৰা ৰূপত লিখা: (i)
45
    (ii)
34
সমাধান:
(i)
45
:
=
45
× 100% = 4 × 20% = 80%

(ii)
34
:
=
34
× 100% = 3 × 25% = 75%
প্ৰশ্ন ১৬: কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হ’ল। তাৰ কিনা দাম আৰু বেচা দামৰ অনুপাত কি?
সমাধান:
ধৰা হ’ল বস্তু নিশ্চিত কিনা দাম (CP) = 100 টকা।
যিহেতু লাভ = 10%, গতিকে বেচা দাম (SP) = 100 + 10 = 110 টকা।
∴ কিনা দাম আৰু বেচা দামৰ অনুপাত = 100 : 110 = 10 : 11।
উত্তৰ: 10:11
প্ৰশ্ন ১৭: 30 টা কণীৰ কিনা দাম, 20 টা কণীৰ বেচা দামৰ সমান। লাভৰ শতকৰা হাৰ কি?
সমাধান:
ধৰা হ’ল 1 টা কণীৰ কিনা দাম = 1 টকা।
∴ 30 টা কণীৰ কিনা দাম = 30 টকা।
প্ৰশ্নমতে, 20 টা কণীৰ বেচা দাম = 30 টা কণীৰ কিনা দাম = 30 টকা।
এতিয়া, 20 টা কণীৰ কিনা দাম = 20 টকা।
∴ 20 টা কণীত লাভ হ’ব = বেচা দাম - কিনা দাম = 30 - 20 = 10 টকা।
∴ শতকৰা লাভৰ হাৰ = (
লাভকিনা দাম
) × 100% = (
1020
) × 100% = 50%।
উত্তৰ: 50%
প্ৰশ্ন ১৮: এটা বস্তুৰ কিনা দাম 2100 টকা, 10% লাভত বিক্ৰী কৰিলে বস্তুটোৰ বেচা দাম কিমান হ’ব?
সমাধান:
দিয়া আছে, কিনা দাম = 2100 টকা।
শতকৰা লাভ = 10%।
∴ মুঠ লাভ = 2100 টকাৰ 10% = (
10100
) × 2100 = 210 টকা।
∴ বেচা দাম = কিনা দাম + লাভ = 2100 + 210 = 2310 টকা।
উত্তৰ: 2310 টকা
প্ৰশ্ন ১৯: 1 টকাৰ 4 টাকৈ নেমু কিনি 20% লাভত বিক্ৰী কৰিলে এটা নেমুৰ বিক্ৰী মূল্য কিমান হ’ব?
সমাধান:
দিয়া আছে, 4 টা নেমুৰ কিনা দাম = 1 টকা (100 পইচা)।
∴ 1 টা নেমুৰ কিনা দাম =
14
টকা = 0.25 টকা।
লাভৰ হাৰ = 20%।
∴ 1 টা নেমুৰ বেচা দাম = কিনা দাম × (
100 + লাভ100
)
= 0.25 × (
120100
) = 0.25 × 1.2 = 0.30 টকা।
উত্তৰ: 0.30 টকা (বা 30 পইচা)
প্ৰশ্ন ২০: এটা বস্তু 500 টকাত বিক্ৰী কৰিলে 5% লোকচান হয়। বস্তুটো কিমান দামত বেচিলে 5% লাভ হ’লহেঁতেন?
সমাধান:
প্ৰথম অৱস্থাত, বেচা দাম (SP) = 500 টকা, লোকচান = 5%।
∴ কিনা দাম (CP) =
SP × 100100 - লোকচান
=
500 × 10095
=
5000095
≈ 526.32 টকা।

দ্বিতীয় অৱস্থাত, বিচৰা লাভ = 5%।
∴ নতুন বেচা দাম = CP × (
100 + লাভ100
) = (
5000095
) × (
105100
) =
5250095
≈ 552.63 টকা।
উত্তৰ: 552.63 টকা
প্ৰশ্ন ২১: গ্ৰাহকক আকৰ্ষণ কৰিবলৈ এজন ব্যৱসায়ীয়ে এটা ছাৰ্টৰ ছপা মূল্যৰ ওপৰত 10% ৰেহাই দিয়ে। ছাৰ্টটোৰ কিনা দাম 900 টকা হ’লে আৰু ব্যৱসায়ীজনে 20% লাভ কৰিবলৈ হ’লে ছাৰ্টটোৰ ছপা মূল্য কিমান হ’ব লাগিব?
সমাধান:
দিয়া আছে, ছাৰ্টটোৰ কিনা দাম = 900 টকা।
বিচৰা লাভ = 20%।
∴ ছাৰ্টটোৰ বেচা দাম হ’ব লাগিব = 900 × (
120100
) = 1080 টকা।

ধৰা হ’ল ছাৰ্টটোৰ ছপা মূল্য (Marked Price) = x টকা।
যিহেতু ছপা মূল্যৰ ওপৰত 10% ৰেহাই দিয়া হয়, গতিকে:
বেচা দাম = x × (
100 - 10100
) = x × (
90100
) = 0.9x

প্ৰশ্নমতে,
0.9x = 1080
⇒ x =
10800.9

⇒ x = 1200 টকা।
উত্তৰ: 1200 টকা

No comments:

Post a Comment

Please do not enter any spam link in the comment box.