SEBA Class 9 Geography Chapter 1 Answer 2026 | প্ৰাকৃতিক ভূগোল | বতৰ আৰু জলবায়ু | Chapter 1 অধ্যায় ১ । নৱম শ্ৰেণী ভূগোল প্ৰশ্ন আৰু উত্তৰ | Class 9 Geography Elective | Class 9 Geography Suggestion and Notes Assam |


ভূগোল | বতৰ আৰু জলবায়ু
Geography Solutions | Chapter 1 Solutions
Class 9 Geography


১। বতৰ আৰু জলবায়ু বুলিলে কি বুজা? বতৰ আৰু জলবায়ুৰ পাৰ্থক্য বুজাই লিখা।

উত্তৰ:

বতৰ: কোনো এখন ঠাইত কম সময়ৰ বাবে, যেনে কেইঘণ্টামান, কেইদিনমান বা কেইসপ্তাহমানৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ অৱস্থাকে সেই ঠাইৰ বতৰ বুলি কোৱা হয়।

জলবায়ু: প্ৰতিদিন, প্রতি ঋতু আৰু প্রতি বছৰৰ ভিত্তিত বতৰৰ উপাদানসমূহ নিৰীক্ষণ কৰি অতি কমেও ৩০ বছৰৰ বাবে নিৰ্ধাৰণ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাকে জলবায়ু বোলা হয়।

বতৰ আৰু জলবায়ুৰ পাৰ্থক্য:

১) বতৰ বুলিলে কোনো এখন ঠাইত কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলীয় অৱস্থাক বুজায়। আনহাতে জলবায়ু বুলিলে কোনো এখন ঠাইত দীর্ঘ সময় ধৰি বিৰাজ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাক বুজোৱা হয়।

২) বতৰৰ ধাৰণাটো সৰু ঠাই বা সীমিত স্থানৰ বাবে ব্যৱহাৰ কৰা হয়। কিন্তু জলবায়ুৰ ধাৰণাটো বৃহৎ অঞ্চলৰ ভিত্তিত ব্যৱহাৰ কৰা হয়।

২। বতৰ আৰু জলবায়ুৰ উপাদানবোৰ উল্লেখ কৰা।

উত্তৰ: বতৰ আৰু জলবায়ুৰ প্ৰধান উপাদানবোৰ হৈছে — উত্তাপ, চাপ, আর্দ্রতা, বতাহ আৰু অধঃক্ষেপ।

৩। বতৰ আৰু জলবায়ুৰ উপাদানবোৰৰ বিষয়ে বহলাই লিখা।

উত্তৰ:

উত্তাপ: সূৰ্যৰ পৰা অহা তাপ শক্তিয়ে বায়ুমণ্ডল আৰু ভূপৃষ্ঠ উত্তপ্ত কৰে। ভূপৃষ্ঠত পৰি প্রতিফলিত হোৱা তাপে নিম্নস্তৰৰ বায়ুৰাশি উত্তপ্ত কৰে। তাপ পালে বায়ু প্ৰসাৰিত হৈ পাতল হয় আৰু উর্ধগামী হয়।

চাপ: বায়ুৰ ভৰ আছে বাবে ইয়াৰ চাপো আছে। বায়ুমণ্ডলৰ চাপ মানে হৈছে প্রতি একক ক্ষেত্রফলত বায়ুৱে প্ৰয়োগ কৰা বল। বায়ুৰ চাপ স্থান আৰু সময়ভেদে পৰিৱৰ্তন হৈ থাকে।

আর্দ্রতা: বায়ুৰ আৰ্দ্ৰতা বুলিলে বায়ুত মিহলি হৈ থকা জলীয়বাষ্পৰ পৰিমাণক বুজায়। উষ্ণ বায়ুৰ জলীয়বাষ্প ধাৰণ ক্ষমতা বেছি আৰু ঠাণ্ডা বায়ুৰ ক্ষমতা কম।

বতাহ: বায়ুৰ চাপৰ তাৰতম্যৰ বাবে বায়ুৱে উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপৰ অঞ্চললৈ গতি কৰে। বায়ুৰ এনে গতিকে বতাহ বোলে।

অধঃক্ষেপ: বায়ুত থকা জলীয় বাষ্প ঘনীভূত হৈ জলকণাবিলাকৰ আকাৰ বৃদ্ধি হয়। মাধ্যাকর্ষণ বলৰ প্ৰভাৱত এই জলকণাবোৰ ভূপৃষ্ঠলৈ নামি আহিলে তাক অধঃক্ষেপ বোলে।

৪। উত্তাপ, চাপ আৰু আৰ্দ্ৰতাৰ মাজৰ সম্পৰ্ক বুজাই লিখা।

উত্তৰ: উত্তাপ, চাপ আৰু আৰ্দ্ৰতাৰ মাজত ওতপ্ৰোত সম্পৰ্ক আছে। তাপ পালে বায়ু প্ৰসাৰিত হয় আৰু ঘনত্ব কমি বায়ু পাতল হয়। পাতল বায়ুৰ চাপ কম হয়। গৰম বায়ুৰ জলীয়বাষ্প ধাৰণ ক্ষমতা বেছি হোৱা বাবে ই অধিক আর্দ্র হয়। এনে আৰ্দ্ৰ বায়ুৰ চাপ কম হয়।

ইয়াৰ বিপৰীতে শীতল বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা কম বাবে ই শুষ্ক হয় আৰু শুষ্ক বায়ুৰ চাপ বেছি হয়।

চমুকৈ ক'বলৈ গ'লে, য'তেই উত্তাপ বেছি তাতেই বায়ুৰ চাপ কম হয় আৰু আৰ্দ্ৰতা ধাৰণ ক্ষমতা বেছি হয়।

৫। বায়ুমণ্ডলৰ চাপৰ তাৰতম্য কেনেকৈ হয় বুজাই লিখা।

উত্তৰ: বায়ুমণ্ডলৰ চাপৰ তাৰতম্য প্ৰধানকৈ দুটা কাৰণত সংঘটিত হয়।

১) বায়ুৰ উষ্ণতা: পৃথিৱীৰ পৃষ্ঠত তাপৰ বিতৰণ সমান নোহোৱাৰ ফলত চাপৰো তাৰতম্য ঘটে। তাপ পালে বায়ু পাতল হয় আৰু চাপ কমে। ঠাণ্ডা হ'লে বায়ু গধুৰ হয় আৰু চাপ বাঢ়ে।

২) পৃথিৱী পৃষ্ঠৰ উচ্চতা: উচ্চতা বাঢ়িলে বায়ুমণ্ডলৰ গভীৰতা আৰু ভৰ কমি যায়। ফলত চাপো হ্রাস পায়।

৬। বতাহ কিয় বলে?

উত্তৰ: বায়ুমণ্ডলত উত্তাপৰ বিতৰণ সকলো ঠাইতে সমান নোহোৱাৰ বাবে বায়ুৰ চাপৰ তাৰতম্য ঘটে। ফলত কোনো ঠাইত নিম্ন চাপ আৰু কোনো ঠাইত উচ্চ চাপৰ সৃষ্টি হয়।

বায়ুৱে উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপৰ অঞ্চললৈ গতি কৰে। এই বায়ুৰ গতিকে বতাহ বুলি কোৱা হয়।

৭। অধঃক্ষেপ বুলিলে কি বুজা? বিভিন্ন প্ৰকাৰৰ অধঃক্ষেপৰ নাম লিখা।

উত্তৰ: বায়ুত থকা জলীয় বাষ্প ঘনীভূত হৈ জলকণাবোৰৰ আকাৰ বৃদ্ধি হয় আৰু মাধ্যাকর্ষণ বলৰ প্ৰভাৱত ভূপৃষ্ঠলৈ নামি আহে। ইয়াকে অধঃক্ষেপ বুলি কোৱা হয়।

বিভিন্ন প্ৰকাৰৰ অধঃক্ষেপ হ'ল — নিয়ৰ, হিম, ঘনকুঁৱলী, পাতল কুঁৱলী, তুষাৰ কণা-বৃষ্টি, তুষাৰপাত, বৰষুণ আৰু কিকিনিয়া বৰষুণ।

৮। বতৰ আৰু জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ উল্লেখ কৰা।

উত্তৰ:

অক্ষাংশ, উচ্চতা, সমুদ্ৰৰ সান্নিধ্য, সমুদ্ৰ সোঁত, পৰ্বত-পাহাৰৰ অৱস্থান, বায়ুপ্রবাহ, ভূমিৰ প্ৰকৃতি, ভূমিৰ ঢাল আৰু উদ্ভিদ।

৯। বতৰ আৰু জলবায়ুৰ কাৰকসমূহৰ বিষয়ে উদাহৰণসহ বহলাই লিখা।

উত্তৰ:

অক্ষাংশ: বিষুৱ ৰেখাৰ পৰা মেৰুৰ ফালে সূৰ্যৰ ৰশ্মি হেলনীয়া হয় বাবে উত্তাপ কমে। সেয়ে বিষুবীয় অঞ্চলত উষ্ণ আৰু মেৰু অঞ্চলত শীতল জলবায়ু বিৰাজ কৰে।

উচ্চতা: উচ্চতা বৃদ্ধিত উত্তাপ কমে। সেয়েহে একে অক্ষাংশত থকা স্বত্বেও এলাহাবাদতকৈ বেছি উচ্চতাত অৱস্থিত শ্বিলঙৰ জলবায়ু শীতল।

সমুদ্ৰৰ সান্নিধ্য: সমুদ্ৰৰ ওচৰৰ ঠাইবোৰত গ্ৰীষ্মত বেছি গৰম আৰু শীতত বেছি ঠাণ্ডা নপৰে। কিন্তু সমুদ্ৰৰ পৰা দূৰত থকা ঠাইত জলবায়ু চৰম হয়।

সমুদ্ৰ সোঁত: গৰম সমুদ্ৰ সোঁতৰ প্ৰভাৱত উপকূলৰ উত্তাপ বাঢ়ে আৰু চেঁচা সোঁতৰ প্ৰভাৱত উত্তাপ কমে।

পৰ্বত-পাহাৰৰ অৱস্থান: পৰ্বতৰ প্ৰতিবাত ঢালত বায়ু বাধাপ্ৰাপ্ত হৈ প্ৰচুৰ বৰষুণ হয়, কিন্তু অনুবাত ঢালত বৰষুণ নহয়।

বায়ুপ্রবাহ: জলীয়বাষ্পযুক্ত বতাহে বৰষুণ দিয়ে আৰু শুকান বতাহে বৰষুণ নিদিয়ে।

১০। জলবায়ুৰ প্ৰকাৰবোৰ কি কি?

উত্তৰ:

(ক) বিষুবীয় জলবায়ু
(খ) মৌচুমী জলবায়ু
(গ) ছাভানা জলবায়ু
(ঘ) উষ্ণ মৰু জলবায়ু
(ঙ) নাতিশীতোষ্ণ মৰু জলবায়ু
(চ) ভূমধ্যসাগৰীয় জলবায়ু
(ছ) নাতিশীতোষ্ণ আর্দ্র জলবায়ু
(জ) নাতিশীতোষ্ণ তৃণভূমি জলবায়ু
(ঝ) নাতিশীতোষ্ণ সাগৰীয় জলবায়ু
(ঞ) পূব উপকূলীয় আর্দ্র জলবায়ু
(ট) উপ-মেৰুদেশীয় বা টাইগা জলবায়ু
(ঠ) তুন্দ্রা জলবায়ু
(ড) পার্বত্য জলবায়ু

১১। জলবায়ুৰ প্ৰকাৰবোৰৰ বিষয়ে চিত্রসহ আলোচনা কৰা।

উত্তৰ:

পৃথিৱীৰ অক্ষাংশ, উত্তাপ, আৰু বৃষ্টিপাতৰ তাৰতম্যৰ ওপৰত ভিত্তি কৰি জলবায়ুক মূলতঃ বাৰটা ভাগত ভগাব পাৰি। ইয়াৰ উপৰিও পৰ্বত-পাহাৰৰ উচ্চতাৰ ওপৰত নিৰ্ভৰ কৰি আন এক প্ৰকাৰৰ জলবায়ু পৰিলক্ষিত হয়। চিত্ৰৰ সৈতে এই সকলোবোৰ জলবায়ুৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ'ল:

(ক)বিষুৱীয় জলবায়ু: বিষুৱৰেখাৰ পৰা ১০° উত্তৰ আৰু ১০° দক্ষিণ অক্ষাংশৰ মাজত এই জলবায়ু অৱস্থিত। সূৰ্যৰ কিৰণ লম্বভাৱে পৰা বাবে ইয়াত গোটেই বছৰ উত্তাপ বেছি থাকে আৰু প্ৰচুৰ বৰষুণ হয় (গড় হিচাপত ২০০ ছেঃমিঃতকৈ বেছি)। অধিক উত্তাপ আৰু বৃষ্টিপাতৰ বাবে ইয়াত চিৰসেউজীয়া গছ-গছনিৰ ডাঠ অৰণ্য পোৱা যায়।

(খ)মৌচুমী জলবায়ু: এই জলবায়ু ১০° ৰ পৰা ৩০° অক্ষাংশৰ মাজত বিৰাজ কৰে। গ্ৰীষ্মকালত অধিক উত্তাপ (২৭°-৩২° চেন্টিগ্ৰেড) আৰু প্ৰচুৰ বৰষুণ হয়, আনহাতে শীতকালত কম উত্তাপ আৰু কম বৰষুণ হয়। ২০০ ছেঃমিঃৰ অধিক বৰষুণ হোৱা ঠাইত চিৰসেউজীয়া আৰু ১০০-২০০ ছেঃমিঃ বৰষুণ হোৱা ঠাইত পর্ণপাতী উদ্ভিদ পোৱা যায়।

(গ)ছাভানা জলবায়ু: এই প্ৰধানকৈ মহাদেশসমূহৰ মধ্যভাগত অৱস্থিত। গ্ৰীষ্মকালৰ গড় উত্তাপ ২৭°-২৮° চেন্টিগ্ৰেড আৰু শীতকালত ১০°-১৫° চেন্টিগ্ৰেড হয়। বার্ষিক গড় বৰষুণ ২৫ ৰ পৰা ৫০ ছেঃমিঃ। বৰষুণ কম হোৱাৰ ফলত ইয়াত গছ-গছনিৰ পৰিৱৰ্তে বিস্তৰভাৱে ওখ ঘাঁহ আৰু জোপোহা উদ্ভিদ গজে।

(ঘ)উষ্ণ মৰু জলবায়ু: ক্ৰান্তীয় অঞ্চলৰ মৰুভূমিসমূহত এই জলবায়ু বিৰাজ কৰে। গ্ৰীষ্মকালত গড় উত্তাপ ৩০° চেন্টিগ্ৰেডতকৈ অধিক আৰু শীতকালত ১০° চেন্টিগ্ৰেড হয়। বার্ষিক বৃষ্টিপাতৰ পৰিমাণ ১৫ ছেঃমিঃতকৈ কম। উষ্ণ ধূলি বতাহ ইয়াৰ প্ৰধান বৈশিষ্ট্য আৰু ইয়াত বিশেষকৈ কাইটীয়া কেকটাছজাতীয় উদ্ভিদ গজে।

(ঙ)নাতিশীতোষ্ণ মৰু জলবায়ু:৩০° ৰ পৰা ৪০° অক্ষাংশৰ মাজত মহাদেশসমূহৰ মধ্যাংশত এই জলবায়ু পোৱা যায়। গ্ৰীষ্মকালত উত্তাপ ৩০°-৪২° চেন্টিগ্ৰেড আৰু শীতকালত ই ০° চেন্টিগ্ৰেডৰো তললৈ নামে। বার্ষিক গড় বৰষুণ ১০ ছেঃমিঃতকৈ কম। অত্যধিক ঠাণ্ডাৰ বাবে শীতকালত ইয়াত বৰফ পৰে।

(চ)ভূমধ্যসাগৰীয় জলবায়ু: ৩০° ৰ পৰা ৪৫° অক্ষাংশৰ মাজত মহাদেশসমূহৰ পশ্চিম উপকূলত ইয়াক দেখা যায়। গ্ৰীষ্মকালত গড় উত্তাপ ২১°-২৭° চেন্টিগ্ৰেড আৰু শীতকালত ১০°-১৫° চেন্টিগ্ৰেড থাকে। প্ৰধানকৈ শীতকালত সামান্য বৰষুণ হয়। এই জলবায়ু ফল-মূলৰ খেতিৰ বাবে অতি উপযোগী।

(ছ)নাতিশীতোষ্ণ আর্দ্র জলবায়ু: মহাদেশসমূহৰ পূব উপকূলৰ ২৫° আৰু ৪০° অক্ষাংশৰ মাজত অনুভূত হোৱা এই জলবায়ুক চীনদেশীয় জলবায়ু বুলিও জনা যায়। গ্ৰীষ্মকালত উত্তাপ ২১°-২৭° চেন্টিগ্ৰেড আৰু শীতকালত ১০°-১৫° চেন্টিগ্ৰেড। বার্ষিক গড় বৰষুণ ৬৫ ৰ পৰা ১০৫ ছেঃমিঃ হয়।

(জ) নাতিশীতোষ্ণ তৃণভূমি অঞ্চলৰ জলবায়ু: ৪৫° ৰ পৰা ৬০° অক্ষাংশৰ মাজত মহাদেশৰ মধ্যভাগত এই জলবায়ু অৱস্থিত। গ্ৰীষ্মকালত উত্তাপ ১৫°-২০° চেন্টিগ্ৰেড আৰু শীতকালত ০° চেন্টিগ্ৰেডৰ তললৈ নামে। বৃষ্টিপাত ২৫-৫০ ছেঃমিঃৰ ভিতৰত হোৱাৰ বাবে এনে অঞ্চলসমূহত বিস্তীর্ণ ঘাঁহনিৰ সৃষ্টি হৈছে।

(ঝ) নাতিশীতোষ্ণ সাগৰীয় জলবায়ু: মহাদেশসমূহৰ পশ্চিমাংশত ৪৫° ৰ পৰা ৬০° অক্ষাংশৰ ভিতৰত এই জলবায়ু পোৱা যায়। সাগৰীয় প্ৰভাৱৰ বাবে ইয়াত গ্ৰীষ্ম আৰু শীতকালত উত্তাপৰ চৰম অৱস্থা নাথাকে (গ্ৰীষ্মত ১৫°-১৮° চেন্টিগ্ৰেড আৰু শীতত ৫°-১০° চেন্টিগ্ৰেড)। প্ৰায় গোটেই বছৰ ধৰি বৰষুণ হয় আৰু কিছুমান ঠাইত ইয়াৰ মাত্ৰা ৫০০ ছেঃমিঃৰো অধিক হয়।

(ঞ) পূব উপকূলীয় আৰ্দ্ৰ জলবায়ু: ৫০° ৰ পৰা ৬০° অক্ষাংশৰ ভিতৰত পূব উপকূলত এই জলবায়ু দেখা যায়। গ্ৰীষ্মকালত ১৭°-২০° চেন্টিগ্ৰেড আৰু শীতকালত ৫°-৭° চেন্টিগ্ৰেড উত্তাপ থাকে। বার্ষিক গড় বৰষুণ প্ৰায় ১০০ ছেঃমিঃ।

(ট) উপ-মেৰুদেশীয় (টাইগা) জলবায়ু: ৫০° আৰু ৬৫° অক্ষাংশৰ মাজত উপ-মেৰু অঞ্চলত এই জলবায়ু অৱস্থিত। গ্ৰীষ্মকালত সামান্য বৰষুণ হয় আৰু উত্তাপ ১৫°-৩০° চেন্টিগ্ৰেড থাকে, কিন্তু শীতকালত প্ৰচুৰ তুষাৰপাত হয় আৰু উত্তাপ ২.৫° চেন্টিগ্ৰেডৰো তললৈ নামি যায়। ইয়াত সৰলবৰ্গীয় উদ্ভিদ বিস্তৃতভাৱে গজে, যাক চাইবেৰিয়াত 'টাইগা' বোলা হয়।

(ঠ) তুন্দ্ৰা জলবায়ু: সুমেৰু আৰু কুমেৰু বৃত্তৰ অন্তৰ্গত অঞ্চলত এই জলবায়ু বিৰাজ কৰে। ইয়াত ছমাহ ক্ষীণ সূৰ্যৰ পোহৰ পৰে আৰু ছমাহ ৰাতি হয়। গ্ৰীষ্মকালত উত্তাপ মাত্ৰ ১০° চেন্টিগ্ৰেড আৰু শীতকালত ০° চেন্টিগ্ৰেডতকৈ কম থাকে। বছৰৰ প্ৰায় ৯ মাহ বৰফেৰে আবৃত হৈ থাকে বাবে ইয়াত কেৱল শেলুৱৈজাতীয় উদ্ভিদহে গজে।

পার্বত্য জলবায়ু: ওপৰোক্ত বাৰ প্ৰকাৰৰ জলবায়ুৰ বাহিৰেও, পৃথিৱীৰ সুউচ্চ পর্বত-পাহাৰবিলাকত (যেনে- হিমালয়, আল্পচ) উচ্চতাৰ ভিত্তিত এক সুকীয়া জলবায়ু অনুভূত হয়। ইয়াক অক্ষাংশৰ ভিত্তিত শ্ৰেণীভুক্ত কৰিব নোৱাৰি। পৰ্বতৰ পাদদেশৰ পৰা উচ্চতা বাঢ়ি যোৱাৰ লগে লগে জলবায়ু শীতল হৈ আহে আৰু তুষাৰ ৰেখাৰ তলত আল্পীয় জলবায়ু পোৱা যায়, য'ত সৰলবৰ্গীয় উদ্ভিদ আৰু ঘাঁহজাতীয় জোপোহা গজে।

Class 9 Geography


১২। চমুটোকা লিখা।

(ক) আপেক্ষিক আর্দ্রতা:

বায়ুৰ আৰ্দ্ৰতা দুই প্ৰকাৰে প্ৰকাশ কৰা হয়, তাৰে এটা হৈছে আপেক্ষিক আর্দ্রতা। কোনো নির্দিষ্ট উষ্ণতাত বায়ুত থকা জলীয়বাষ্পৰ পৰিমাণ আৰু সংপৃক্ত হ'বলৈ প্রয়োজনীয় জলীয়বাষ্পৰ অনুপাতকে আপেক্ষিক আর্দ্রতা বোলে। যিহেতু আপেক্ষিক আর্দ্রতা হৈছে এক অনুপাত, ইয়াক সদায় শতকৰা হিচাপত প্ৰকাশ কৰা হয়।

(খ) বায়ুমণ্ডলীয় চাপ:

বায়ুমণ্ডলৰ চাপ মানে হৈছে প্রতি একক ক্ষেত্রফলত বায়ুৱে প্ৰয়োগ কৰা বল। দৰাচলতে, সাগৰ পৃষ্ঠৰ উচ্চতাত বায়ুমণ্ডলৰ চাপৰ জোখ লোৱা হয়। সাগৰপৃষ্ঠত বায়ুমণ্ডলৰ চাপ হৈছে গড় হিচাপে প্রতি বর্গ ইঞ্চিত ১৪.৭ পাউণ্ড বা প্রতি বর্গ ছেন্টিমিটাৰত প্ৰায় এক কিলোগ্রাম। বেৰোমিটাৰৰ পাৰাস্তম্ভৰ উচ্চতাৰ দ্বাৰা এই চাপ জোখা হয় আৰু সাগৰপৃষ্ঠত ১৫° চেন্টিগ্রেড উত্তাপত বায়ুৰ স্বাভাৱিক চাপ ১০১৩.২ মিলিবাৰ বুলি ধৰা হয়।

(গ) চাপ-বলয়:
পৃথিৱীৰ উপৰিভাগত বায়ুৰ চাপৰ বিতৰণ সকলো ঠাইতে সমান নহয়। পৃথিৱীত বায়ুৰ চাপৰ তাৰতম্যৰ ভিত্তিত সৃষ্টি হোৱা অঞ্চলসমূহক চাপ-বলয় বোলে। পৃথিৱীৰ উপৰিভাগত বায়ুৰ চাপৰ তাৰতম্যৰ ভিত্তিত উত্তৰ আৰু দক্ষিণ গোলার্ধত কেইটামান বায়ুৰ চাপ-বলয় চিনাক্ত কৰা হৈছে। প্ৰধান চাপ-বলয়কেইটা হৈছে- (ক) নিৰক্ষীয় নিম্ন চাপ বলয়, (খ) উপ-ক্রান্তীয় উচ্চ চাপ বলয়, (গ) উপ মেৰুদেশীয় নিম্ন চাপ বলয় আৰু (ঘ) মেৰুদেশীয় উচ্চ চাপ বলয়। এই উচ্চ আৰু নিম্ন চাপ বলয়কেইটাৰ মাজত ভূপৃষ্ঠত অবিৰতভাৱে বতাহ বলিব লাগিছে।

(ঘ) ভিন্ন প্ৰকাৰৰ বৃষ্টিপাত:

বায়ুত থকা জলীয় বাষ্প ঘনীভূত হৈ সৃষ্টি হোৱা বিভিন্ন প্ৰকাৰৰ অধঃক্ষেপৰ ভিতৰত বৰষুণ অন্যতম আৰু ই বতৰ তথা জলবায়ুৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলায়। উৎপত্তিৰ প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰি বৰষুণ প্রধানতঃ পাঁচ প্ৰকাৰৰ, যেনে- পৰিচলন বৃষ্টি, শৈল্যোৎক্ষেপ বৃষ্টি, ঘূর্ণী বৃষ্টি, অক্ষীয় বৃষ্টি আৰু অৰণ্য বৃষ্টি। সূৰ্যৰ প্ৰখৰ তাপত বায়ু উত্তপ্ত আৰু উর্ধগামী হৈ যি বৃষ্টিপাতৰ সৃষ্টি কৰে সেয়াই পৰিচলন বৃষ্টি। ঠিক তেনেদৰে, জলীয়বাষ্পপূৰ্ণ বায়ু পৰ্বতত বাধাপ্ৰাপ্ত হৈ হোৱা বৰষুণ হৈছে শৈল্যোৎক্ষেপ বৃষ্টি। আনহাতে, ঘূর্ণীবতাহৰ লগত হোৱা ধাৰাষাৰ বৰষুণক ঘূর্ণীবৃষ্টি বোলা হয়।

(ঙ) জলবায়ুৰ ওপৰত অক্ষাংশৰ প্ৰভাৱ:

জলবায়ু নিৰ্ধাৰণৰ অন্যতম প্ৰধান কাৰক হৈছে অক্ষাংশ। ভিন ভিন অক্ষাংশত সূৰ্যৰ কিৰণ পোন বা হেলনীয়া হৈ পৰে আৰু ফলত উত্তাপৰ হ্রাস-বৃদ্ধি ঘটে। সূৰ্যৰ ৰশ্মি গোটেই বছৰ ধৰি বিষুবীয় অঞ্চলত পোনকৈ পৰে বাবে এই অঞ্চলৰ বায়ু গৰম হয়। কিন্তু বিষুৱৰ পৰা উত্তৰলৈ বা দক্ষিণলৈ দুই মেৰুৰ ফালে সূৰ্যৰ ৰশ্মি ক্রমে এঢলীয়া হৈ ভূপৃষ্ঠত পৰে বাবে বিষুৱৰ পৰা মেৰু অঞ্চললৈ উত্তাপ কমি যায় আৰু মেৰু অঞ্চলত অতিপাত ঠাণ্ডা পৰে। সেয়েহে অক্ষাংশ সাপেক্ষে কোনো এখন ঠাইৰ জলবায়ু উষ্ণ, নাতিশীতোষ্ণ বা শীতল হয়।

(চ) জলবায়ুৰ ওপৰত উদ্ভিদৰ প্ৰভাৱ:

উদ্ভিদে কোনো এখন ঠাইৰ জলবায়ুৰ ওপৰত প্রত্যক্ষ প্ৰভাৱ পেলায়। উদ্ভিদৰে পূৰ্ণ অৰণ্য অঞ্চলে বৃষ্টিপাত হোৱাত যথেষ্ট সহায় কৰে। অৰণ্য অঞ্চলৰ বায়ুৰাশি তুলনামূলকভাৱে চেঁচা হোৱাৰ বাবে ই জলীয় বাষ্পৰ ঘনীভৱন প্ৰক্ৰিয়াত সহায় কৰে আৰু ফলত এনে অঞ্চলত সঘনে বৰষুণ হয়। ইয়াৰ বিপৰীতে, উদ্ভিদ নথকা অঞ্চলত বৃষ্টিপাতৰ পৰিমাণ কম হয়। পৃথিৱীৰ বিভিন্ন ঠাইত দেখা গৈছে যে, বনাঞ্চল ধ্বংস হোৱাৰ বাবে সেইবোৰ ঠাইত বৃষ্টিপাত কমি গৈছে আৰু ফলস্বৰূপে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি পাইছে।

(ছ) মৌচুমী জলবায়ু:

এই প্ৰকাৰৰ জলবায়ু সাধাৰণতে ১০°ৰ পৰা ৩০° উত্তৰ আৰু দক্ষিণ অক্ষাংশৰ মাজত অৱস্থিত দেশবোৰৰ প্ৰধানকৈ পূব অংশত বিৰাজ কৰে। উত্তৰ গোলাৰ্ধত বিশেষকৈ ভাৰতবৰ্ষ, বাংলাদেশ, আৰু দক্ষিণ-পূব এছিয়াত এই জলবায়ু অনুভূত হয়। মৌচুমী জলবায়ুৰ প্ৰধান বৈশিষ্ট্য হৈছে গ্ৰীষ্মকালত অধিক উত্তাপ (প্ৰায় ২৭° ৰ পৰা ৩২° চেন্টিগ্ৰেড) আৰু প্ৰচুৰ বৰষুণ, আৰু শীতকালত কম উত্তাপ আৰু কম বৰষুণ। বছৰি গড় ২০০ ছেঃমিঃৰ অধিক বৰষুণ হোৱা ঠাইবোৰত চিৰসেউজীয়া উদ্ভিদ আৰু ১০০-২০০ ছেঃমিঃ বৰষুণ হোৱা ঠাইত পর্ণপাতী উদ্ভিদ পোৱা যায়।

(জ) টাইগা জলবায়ু:

পৃথিৱীৰ ৫০° আৰু ৬৫° অক্ষাংশৰ মাজৰ উপ-মেৰু অঞ্চলবোৰত এই জলবায়ু বিৰাজ কৰে বাবে ইয়াক উপ-মেৰুদেশীয় জলবায়ু বুলিও জনা যায়। গ্ৰীষ্মকালত এই জলবায়ু অঞ্চলত উত্তাপ ১৫°ৰ পৰা ৩০° চেন্টিগ্ৰেডৰ ভিতৰত থাকে আৰু সামান্য বৰষুণ হয়। কিন্তু শীতকালত ইয়াৰ উত্তাপ অতিমাত্ৰা কমি যায় (সাধাৰণতে ২.৫° চেন্টিগ্ৰেডৰো তলত থাকে) আৰু প্ৰচুৰ তুষাৰপাত হয়। এই জলবায়ুত সৰলবর্গীয় উদ্ভিদ বিস্তৃতভাৱে গজে। এনে সৰলবর্গীয় উদ্ভিদক চাইবেৰিয়াত 'টাইগা' বুলি কোৱা হয়, যাৰ পৰাই এই জলবায়ুৰ নাম টাইগা জলবায়ু হৈছে।

(ঝ) ভূমধ্যসাগৰীয় জলবায়ু:
বিষুৱৰ উত্তৰ আৰু দক্ষিণৰ ৩০°ৰ পৰা ৪৫° অক্ষাংশৰ মাজত অৱস্থিত মহাদেশসমূহৰ পশ্চিম উপকূল অঞ্চলসমূহত এই জলবায়ু বিৰাজ কৰে। গ্ৰীষ্মকালত ইয়াত গড় উত্তাপ ২১°ৰ পৰা ২৭° চেন্টিগ্ৰেড আৰু শীতকালত গড় উত্তাপ ১০°ৰ পৰা ১৫° চেন্টিগ্ৰেড হয়। এই জলবায়ু অঞ্চলবোৰত চিৰসেউজীয়া আৰু পর্ণপাতী উদ্ভিদ দেখা যায়। বিশেষকৈ ফল-মূলৰ খেতিৰ বাবে এই জলবায়ু অতিশয় উপযোগী আৰু সেয়েহে ভূমধ্যসাগৰীয় জলবায়ু অঞ্চলবোৰত যথেষ্ট পৰিমাণে ফল-মূলৰ উৎপাদন হয়।

(ঞ) ছাভানা জলবায়ু:
ছাভানা জলবায়ুক চুডান জলবায়ু বুলিও জনা যায় আৰু এই জলবায়ু প্ৰধানকৈ চুডান, মধ্য ভাৰত, আফ্ৰিকাৰ উত্তৰ আৰু মধ্য ভাগ, ব্ৰাজিলৰ দক্ষিণাংশ আদি অঞ্চলত পোৱা যায়। ইয়াত গ্ৰীষ্মকালৰ গড় উত্তাপ ২৭°-২৮° চেন্টিগ্ৰেড আৰু শীতকালৰ উত্তাপ ১০°-১৫° চেন্টিগ্ৰেড। বার্ষিক গড় হিচাপত ইয়াত ২৫ৰ পৰা ৫০ ছেঃমিঃ বৰষুণ হয়। বৰষুণৰ পৰিমাণ কম হোৱাৰ ফলত ইয়াত গছ-গছনিৰ পৰিবৰ্তে ওখ ঘাঁহ আৰু জোপোহা উদ্ভিদ বেছিকৈ গজে। এনে বিস্তৰ ঘাঁহনি অঞ্চলবোৰক আফ্ৰিকাত ছাভানা আৰু ব্ৰাজিলত কেম্প'চ বুলি জনা যায়।

(ট) তুন্দ্রা জলবায়ু:
পৃথিৱীৰ একেবাৰে উত্তৰ আৰু দক্ষিণৰ সুমেৰু আৰু কুমেৰু বৃত্তৰ অন্তৰ্গত অঞ্চলবোৰত (যেনে- কানাডা, এছিয়া আৰু এন্টার্কটিকাৰ অংশবিশেষত) তুন্দ্ৰা জলবায়ু বিৰাজ কৰে। ইয়াত বছৰৰ ছমাহ অতি ক্ষীণ সূৰ্যৰ পোহৰ পৰে আৰু বাকী ছমাহ একেৰাহে ৰাতি হয়। গ্ৰীষ্মকালত উত্তাপ কেৱল ১০° চেন্টিগ্ৰেডলৈকে উঠে আৰু শীতকালত ই ০° চেন্টিগ্ৰেডতকৈ বহু তললৈ নামি যায়। ভূপৃষ্ঠভাগ বছৰৰ প্ৰায় ৯ মাহ ধৰি বৰফেৰে আবৃত হৈ থাকে বাবে ইয়াত কেৱল শেলুৱৈজাতীয় উদ্ভিদহে গজে আৰু জনবসতি অতিশয় সেৰেঙা।

(ঠ) পার্বত্য জলবায়ু:

পৃথিৱীৰ সাধাৰণ জলবায়ুৰ শ্ৰেণীবিভাজনৰ বাহিৰেও, সুউচ্চ পর্বত-পাহাৰবিলাকত (যেনে- হিমালয়, আল্পচ আদি) উচ্চতাৰ ওপৰত নিৰ্ভৰ কৰি যি এক সুকীয়া জলবায়ু অনুভূত হয়, তাকে পার্বত্য জলবায়ু বোলে। এই জলবায়ু অক্ষাংশৰ ভিত্তিত শ্ৰেণীভুক্ত কৰিব নোৱাৰি, ই সম্পূৰ্ণৰূপে উচ্চতা ভিত্তিক। পৰ্বতৰ পাদদেশৰ পৰা ক্ৰমে উচ্চতা বাঢ়ি যোৱাৰ লগে লগে বায়ু ঠাণ্ডা হৈ আহে। প্ৰায় ৫৫০০ মিটাৰ উচ্চতাত তুষাৰ ৰেখাৰ ওপৰত তুন্দ্ৰা জলবায়ু আৰু তুষাৰ ৰেখাৰ ঠিক তলত আল্পীয় জলবায়ু পোৱা যায়, য'ত ঘাঁহজাতীয় জোপোহা আৰু সৰলবৰ্গীয় উদ্ভিদ গজে।

১৩। চমুকৈ উত্তৰ দিয়া।

(ক) বায়ুমণ্ডল ভূপৃষ্ঠৰ কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আছে? 

বায়ুমণ্ডল ভূপৃষ্ঠৰ প্ৰায় ১০,০০০ কি.মি. উচ্চতালৈ প্ৰসাৰিত হৈ আছে।

(খ) ত্রুটি-হাৰ কি? 

ওপৰলৈ প্ৰতি এক কিলোমিটাৰত বায়ুৰ উত্তাপ ৬° ছেলচিয়াছ হাৰত হ্রাস পোৱাকে ত্রুটি-হাৰ বোলে।

(গ)সাগৰপৃষ্ঠত বায়ুমণ্ডলৰ চাপ গড় হিচাপে কিমান?

সাগৰপৃষ্ঠত বায়ুমণ্ডলৰ চাপ ১০১৩.২ মিলিবাৰ।

(ঘ)বায়ুৰ আৰ্দ্ৰতা বুলি কি বুজা?

বায়ুত মিহলি হৈ থকা জলীয়বাষ্পৰ পৰিমাণকে বায়ুৰ আৰ্দ্ৰতা বোলে।

(ঙ)সংপৃক্ত বায়ু কাক বোলে?

নির্দিষ্ট উষ্ণতাত বায়ুৱে সৰ্বাধিক জলীয়বাষ্প ধাৰণ কৰিলে তাক সংপৃক্ত বায়ু বোলে।

(চ)বিষুবীয় জলবায়ুৰ অক্ষাংশ বিস্তৃতি কিমান?

বিষুবীয় জলবায়ুৰ বিস্তৃতি ১০° উত্তৰ আৰু ১০° দক্ষিণ অক্ষাংশলৈ।

(ছ)কেম্প'চ ঘাঁহনি অঞ্চল কোন জলবায়ু অঞ্চলৰ অন্তৰ্গত?

কেম্প'চ ঘাঁহনি অঞ্চল ছাভানা জলবায়ুৰ অন্তৰ্গত।

(জ)নাতিশীতোষ্ণ মৰু জলবায়ু অঞ্চলৰ অক্ষাংশ বিস্তৃতি উল্লেখ কৰা।

নাতিশীতোষ্ণ মৰু জলবায়ু ৩০° ৰ পৰা ৪০° অক্ষাংশৰ মাজত অৱস্থিত।

(ঝ)চীনদেশীয় জলবায়ুক কি জলবায়ু বুলি কোৱা হয়?

চীনদেশীয় জলবায়ুক নাতিশীতোষ্ণ আর্দ্র জলবায়ু বুলি কোৱা হয়।

(ঞ)অনিয়মিত বতাহৰ এটা উদাহৰণ দিয়া।

অনিয়মিত বতাহৰ উদাহৰণ — ঘূর্ণী বতাহ।

(ট)উষ্ণ বায়ুৰাশিৰ জলীয় বাষ্প ধাৰণ ক্ষমতা কিয় বেছি?

উষ্ণ বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা বেছি।

(ঠ)বায়ুমণ্ডলৰ নিম্নভাগত বায়ুৰ চাপ কিয় বেছি?

বায়ুমণ্ডলৰ নিম্নভাগত বায়ুৰ চাপ বেছি হয় কাৰণ তলৰ বায়ু অধিক সংকোচিত হয়।

১৪ আৰু ১৫ নম্বৰ প্ৰশ্নৰ বাবে নিৰ্দেশনা

১৪ নং প্ৰশ্ন: পাঠ্যপুথিত থকা বেৰোমিটাৰৰ চিত্র আঁকিবা আৰু শিক্ষকৰ সহায় লৈ তথ্য সংগ্ৰহ কৰিবা।

১৫ নং প্ৰশ্ন: ৰেডিঅ' বা টিভিৰ বতৰৰ খবৰ শুনি বহীত লিখি ৰাখিবা আৰু পিছদিনাৰ বতৰৰ সৈতে তুলনা কৰিবা।





No comments:

Post a Comment

Please do not enter any spam link in the comment box.