Class: 9 Geography Solutions
মানৱ ভূগোল
| 1 | ● Text Books Question Answer |
| 2 | ● Additional Question Answer |
| 3 | ● Your Chapter PDF |
| 4 | ● MCQ Question Answer |
পাঠ্যপুথিৰ প্ৰশ্নাৱলীঃ
১। 'মানৱ ভূগোল'ৰ এটি সংজ্ঞা দিয়া আৰু ইয়াৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা।
উত্তৰ: ভূগোলৰ যি বিভাগত প্ৰাকৃতিক পৰিৱেশৰ লগত মানুহৰ সম্পৰ্ক আৰু ইয়াৰ ফলত মানুহে সৃষ্টি কৰা মানৱ পৰিৱেশৰ বিষয়ে স্থান-কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে মানৱ ভূগোল বোলে। ইয়াৰ প্ৰধান শাখাবোৰ হ’ল— বসতি ভূগোল, সমাজ ভূগোল, অৰ্থনৈতিক ভূগোল, সাংস্কৃতিক ভূগোল, ৰাজনৈতিক ভূগোল, নগৰীয় ভূগোল, জনসংখ্যা ভূগোল আদি।
২। মানৱ ভূগোলৰ বিষয়বস্তু সম্পর্কে চমুকৈ লিখা।
উত্তৰ: মানৱ ভূগোলৰ বিষয়বস্তু অতি বিশাল। ই মূলতঃ প্ৰাকৃতিক পৰিৱেশৰ লগত মানুহৰ সম্পৰ্ক, মানুহৰ দৈহিক গঠন, জনসংখ্যাৰ বৃদ্ধি, বিতৰণ, প্ৰব্ৰজন, মানুহৰ অৰ্থনৈতিক কার্যকলাপ, সমাজ আৰু সংস্কৃতিৰ বিকাশ আদি বিষয়সমূহৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।
৩। 'মানৱ জাতি' বুলিলে কি বুজা চমুকৈ লিখা।
উত্তৰ: প্রায় একে দৈহিক গঠন আৰু ছালৰ ৰং বিশিষ্ট এক থুপ মানুহে যেতিয়া সাধাৰণ জন্ম প্ৰক্ৰিয়াৰ জৰিয়তে বংশানুক্রমে এনে বৈশিষ্ট্যবোৰ কঢ়িয়াই তাকে 'মানৱ জাতি' বা 'মানব গোষ্ঠী' বোলা হয়।
৪। কি কি ভিত্তিত মানৱজাতিক বিভাজন কৰা হয় চমুকৈ লিখা।
উত্তৰ: মানৱজাতিক মূলতঃ দৈহিক বৈশিষ্ট্যৰ আধাৰত বিভাজন কৰা হয়। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল— ছালৰ বৰণ, চুলিৰ ধৰণ (পোণ বা কেঁকোৰা), নাকৰ আকৃতি, মুখমণ্ডলৰ গঠন, উচ্চতা আদি।
৫। মানুহ আৰু মানৱজাতিৰ সৃষ্টি সম্পর্কে চমুকৈ আলোচনা কৰা।
উত্তৰ: পৃথিৱীত মানুহৰ সৃষ্টি এক দীর্ঘদিনীয়া বিৱৰ্তনৰ ফল। বিজ্ঞানীসকলৰ মতে, প্ৰায় ২০-৫০ লাখ বছৰৰ আগতে আফ্ৰিকা মহাদেশত মানুহৰ পূৰ্বপুৰুষ প্ৰাইমেট জাতীয় প্ৰাণীৰ পৰা আধুনিক মানুহৰ ক্ৰমবিকাশ আৰম্ভ হৈছিল। পৰিৱেশৰ পৰিৱৰ্তনৰ লগে লগে এই প্ৰাণীবোৰে নিজকে খাপ খুৱাবলৈ থিয় হৈ খোজ কঢ়া, হাতৰ ব্যৱহাৰ আৰু মগজুৰ বিকাশ ঘটিবলৈ ধৰে। জলবায়ুৰ পৰিৱৰ্তন আৰু ভৌগোলিক অৱস্থানৰ পাৰ্থক্যৰ বাবে মানুহৰ দৈহিক গঠনত ভিন্নতা আহি পৰিছিল। এই বিৱৰ্তনৰ ধাৰাটোক নৃ-বিজ্ঞান বা নৃতত্ত্বৰ জৰিয়তে অধ্যয়ন কৰা হয়। কালক্ৰমত এই শাৰীৰিক পৰিৱৰ্তনবোৰ বংশগতিৰ ধাৰাৰে পৰৱৰ্তী প্ৰজন্মলৈ প্ৰবাহিত হৈ পৃথিৱীৰ বিভিন্ন প্ৰান্তত বিভিন্ন দৈহিক বৈশিষ্ট্যৰ মানৱগোষ্ঠী বা মানৱজাতিৰ সৃষ্টি কৰিলে।
৬। দৈহিক বৈশিষ্ট্যৰ পাৰ্থক্য অনুসৰি মানৱজাতিৰ বিভাজন:
উত্তৰ: চুলি, নাক, মুখ, উচ্চতা আৰু ছালৰ ৰঙৰ আধাৰত মানুহক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰিব পাৰি: ককেছীয় (Caucasian), মঙ্গোলীয় (Mongoloid) আৰু নিগ্র’ইড (Negroid)।
৭। পৃথিৱীৰ প্ৰধান মানৱজাতি তিনিটাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰ: দৈহিক বৈশিষ্ট্যৰ আধাৰত পৃথিৱীৰ মানৱজাতিৰ মূল তিনিটা গোষ্ঠী হৈছে— ককেছীয়, মঙ্গোলীয় আৰু নিগ্ৰ’ইড। ইহঁতৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ’ল:
১. ককেছীয় গোষ্ঠী:
এই গোষ্ঠীৰ মানুহ মূলতঃ ইউৰোপ, উত্তৰ আমেৰিকা, পশ্চিম এছিয়া আৰু ভাৰতৰ কিছু অংশত বাস কৰে। ইহঁতৰ প্ৰধান দৈহিক বৈশিষ্ট্যসমূহ হ’ল—
● ছালৰ বৰণ সাধাৰণতে বগা বা ঈষৎ বগা।
● চুলি দীঘল আৰু পাতল (কেতিয়াবা ঢৌখেলোৱা)।
● নাক দীঘল আৰু ঠেক।
● মূৰৰ গঠন আৰু মুখমণ্ডল আন গোষ্ঠীৰ তুলনাত অধিক দীঘল।
২. মঙ্গোলীয় গোষ্ঠী:
এই গোষ্ঠীৰ মানুহ মূলতঃ এছিয়া মহাদেশৰ পূব আৰু উত্তৰ অংশত (যেনে— চীন, জাপান, কোৰিয়া) বাস কৰে। ইহঁতৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল—
● ছালৰ বৰণ হালধীয়া বা ঈষৎ ৰঙা।
● চুলি পোন আৰু ডাঠ ক’লা।
● মুখমণ্ডল বহল আৰু চেপেনা।
● চকুৰ কোণবোৰ প্ৰায়ে কিছু হেলনীয়া বা সৰু ধৰণৰ হয়।
৩. নিগ্ৰ’ইড গোষ্ঠীঃ
এই গোষ্ঠীৰ মানুহৰ আদি বাসস্থান আফ্ৰিকা মহাদেশ। বৰ্তমান তেওঁলোক বিশ্বৰ বিভিন্ন প্ৰান্তত বিস্তৃত। ইহঁতৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল—
● ছালৰ বৰণ গাঢ় ক’লা বা অতি ক’লা।
● চুলি চুটি, ডাঠ আৰু অতি কেঁকোৰা।
● নাক বহল আৰু চেপেটা।
● ওঁঠ দুটা ডাঠ আৰু বাহিৰলৈ ওলাই থকা।
● শৰীৰৰ গঠন মজবুত আৰু পেশীবহুল।
এই বৈশিষ্ট্যসমূহে প্ৰতিটো মানৱ গোষ্ঠীৰ দৈহিক পৰিচয় দাঙি ধৰে, যি বংশগতিৰ ধাৰাৰে নিৰ্ধাৰিত হয়।

৮। পৃথিৱীৰ কোন কোন অঞ্চলত প্ৰথমতে মানুহৰ সৃষ্টি হোৱা বুলি ধৰা হয়? চিত্ৰসহ প্ৰধান মানৱ গোষ্ঠীসমূহৰ বিস্তাৰ আৰু বিতৰণ সম্পৰ্কে চমুকৈ লিখা।
উত্তৰ: বিজ্ঞানীসকলৰ মতে, আফ্ৰিকা মহাদেশেই মানুহৰ আদিম জন্মস্থান। ইয়াৰ পৰাই মানুহে প্ৰায় এক লাখ বছৰ আগৰ পৰা সমগ্ৰ পৃথিৱীলৈ প্ৰব্ৰজন কৰিবলৈ আৰম্ভ কৰিছিল।
বিতৰণ: ককেছীয় গোষ্ঠী প্ৰধানকৈ ইউৰোপ, উত্তৰ আফ্ৰিকা, পশ্চিম এছিয়া আৰু উত্তৰ ভাৰতত পোৱা যায়। মঙ্গোলীয় গোষ্ঠীৰ মানুহ এছিয়াৰ পূব আৰু উত্তৰ অংশত (যেনে- চীন, জাপান, কোৰিয়া) বেছিকৈ দেখা যায়। নিগ্ৰ’ইড গোষ্ঠী মূলত: আফ্ৰিকা মহাদেশত কেন্দ্ৰীভূত যদিও তেওঁলোকৰ বিস্তাৰ দক্ষিণ-পূব এছিয়াৰ দ্বীপসমূহলৈকো হৈছে। এই বিস্তাৰ মূলতঃ মানুহৰ প্ৰব্ৰজন আৰু পৰিৱেশৰ লগত অভিযোজনৰ ফলত হৈছিল।

৯। পৃথিৱীৰ প্ৰধান ধৰ্মবোৰ কি কি? এই ধৰ্মসমূহৰ জনসংখ্যাকে ধৰি বিতৰণ আৰু মূল বৈশিষ্ট্য সম্পর্কে আলোচনা কৰা।
উত্তৰ: পৃথিৱীৰ প্ৰধান ধৰ্মসমূহ হৈছে খ্ৰীষ্টান, ইছলাম, হিন্দু আৰু বৌদ্ধ ধৰ্ম।
খ্ৰীষ্টান ধৰ্ম: ই পৃথিৱীৰ সৰ্ববৃহৎ ধৰ্ম (প্ৰায় ২১৩ কোটি অনুগামী)। ইয়াৰ মূল গ্ৰন্থ বাইবেল আৰু ই ইউৰোপ, আমেৰিকা আৰু অ'চেনিয়াত প্ৰধানকৈ বিৰাজ কৰে।
ইছলাম ধৰ্ম: মধ্য-প্ৰাচ্যত জন্ম হোৱা এই ধৰ্মৰ অনুগামী প্ৰায় ১৪০০ বছৰৰ ভিতৰত আফ্ৰিকা, দক্ষিণ আৰু দক্ষিণ-পূব এছিয়ালৈ প্ৰসাৰিত হৈছে। ইয়াৰ মূল গ্ৰন্থ কোৰআন।
হিন্দু ধৰ্ম: প্ৰায় ৯০ কোটি অনুগামী থকা এই প্ৰাচীন ধৰ্মৰ মূল গ্ৰন্থ বেদ। ই মূলত: দক্ষিণ এছিয়াত কেন্দ্ৰীভূত।
বৌদ্ধ ধৰ্ম: ভাৰতত জন্মলাভ কৰা এই ধৰ্মৰ মূল লক্ষ্য অহিংসা আৰু শান্তিপূৰ্ণ জীৱন। ই দক্ষিণ-পূব এছিয়াৰ বহু দেশত প্ৰধান ধৰ্ম।

১০। ভাৰতবৰ্ষৰ জনসংখ্যাৰ ধৰ্মীয় গাঁথনি আৰু বিতৰণ সম্পর্কে চমুকৈ লিখা।
উত্তৰ: ভাৰতবৰ্ষ এক বিশাল আৰু বৈচিত্ৰ্যময় দেশ, য’ত প্ৰাচীন কালৰে পৰা বিভিন্ন ধৰ্ম আৰু সংস্কৃতিৰ মানুহে সম্প্ৰীতিৰে বাস কৰি আহিছে। ভাৰতীয় জনসংখ্যাৰ ধৰ্মীয় গাঁথনিৰ মূল বৈশিষ্ট্যসমূহ হ’ল:
● হিন্দু ধৰ্ম: ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় সম্প্ৰদায় হ’ল হিন্দু ধৰ্ম। দেশৰ প্ৰায় সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই ধৰ্মাৱলম্বী লোকৰ সংখ্যাই সৰ্বাধিক।
● ইছলাম ধৰ্ম: হিন্দু ধৰ্মৰ পাছতেই ইছলাম ধৰ্ম ভাৰতৰ দ্বিতীয় বৃহত্তম ধৰ্মীয় গোট।
● খ্ৰীষ্টান ধৰ্ম: এই ধৰ্মৰ লোকসকল প্ৰধানকৈ দক্ষিণ ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলত অধিক সংখ্যকভাৱে বাস কৰে।
● অন্যান্য ধৰ্ম: শিখ, বৌদ্ধ আৰু জৈন ধৰ্মৰ লোকসকল ভাৰতৰ বিভিন্ন অঞ্চলত বসবাস কৰে।

১১। চমুটোকা লিখা:
(ক) মানুহ আৰু মানৱ ভূগোল:
মানৱ ভূগোলৰ মূল কেন্দ্ৰবিন্দু হ’ল মানুহ। প্ৰকৃতিৰ বিভিন্ন অৱস্থাৰ সৈতে খাপ খুৱাই লৈ মানুহে নিজৰ প্ৰয়োজন অনুসৰি যিমানবোৰ পৰিৱৰ্তন সাধন কৰে, সেইসমূহ মানৱ ভূগোলৰ অন্তৰ্গত। ই মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ, সমাজ আৰু পৰিৱেশৰ মাজত থকা নিবিড় সম্পৰ্কক ব্যাখ্যা কৰে।
(খ) মানৱ জাতি:
একে প্ৰকাৰৰ দৈহিক বৈশিষ্ট্য যেনে— ছালৰ বৰণ, চুলিৰ গঠন, নাক আৰু মুখৰ আকৃতিৰ মিল থকা একোটা বৃহৎ জনগোষ্ঠীক মানৱ জাতি বা গোষ্ঠী (Race) বোলে। এই বৈশিষ্ট্যসমূহ বংশগতিৰ ধাৰাৰে পৰৱৰ্তী প্ৰজন্মলৈ প্ৰবাহিত হয়। মঙ্গোলীয়, ককেছীয় আৰু নিগ্ৰ’ইড হ’ল এনে প্ৰধান মানৱ গোষ্ঠী।
(গ) নিগ্র’ইড গোষ্ঠী:
এই গোষ্ঠীৰ মানুহৰ আদিম বাসস্থান মূলতঃ আফ্ৰিকা মহাদেশ। তেওঁলোকৰ দৈহিক বৈশিষ্ট্যসমূহৰ ভিতৰত উল্লেখযোগ্য হ’ল— গাৰ ছাল অতি ক’লা বা ডাঠ বৰণৰ, চুলি চুটি আৰু কেঁকোৰা, নাক বহল আৰু ওঁঠ ডাঠ। বৰ্তমান তেওঁলোক আফ্ৰিকাৰ উপৰিও বিশ্বৰ বিভিন্ন প্ৰান্তত বিস্তৃত হৈ আছে।
(ঘ) ধর্মীয় গাঁথনি:
কোনো এটা নিৰ্দিষ্ট ভৌগোলিক অঞ্চল বা দেশত বাস কৰা মুঠ জনসংখ্যাৰ ভিতৰত বিভিন্ন ধৰ্মাৱলম্বী লোকৰ সংখ্যাৰ অনুপাতকে ধৰ্মীয় গাঁথনি বোলে। এই গাঁথনিয়ে এখন দেশৰ সামাজিক আৰু সাংস্কৃতিক পৰিৱেশক প্ৰভাৱিত কৰে। চৰকাৰী লোকপিয়ল বা সেন্সাচৰ জৰিয়তে এই তথ্য সংগ্ৰহ কৰা হয়।
(ঙ) বৌদ্ধ ধর্ম:
গৌতম বুদ্ধৰ দ্বাৰা প্ৰচাৰিত এই ধৰ্মই বিশ্বৰ বিভিন্ন প্ৰান্তত এক ডাঙৰ জনসংখ্যাৰ আধ্যাত্মিক পথ প্ৰদৰ্শক। ইয়াৰ মূল লক্ষ্য হ’ল অহিংসা, শান্তি, মৈত্রী আৰু নিৰ্বাণ প্ৰাপ্তি। এছিয়াৰ বহু দেশত, বিশেষকৈ চীন, জাপান, শ্ৰীলংকা আৰু দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহত ইয়াৰ প্ৰভাৱ অতি গভীৰ।
(চ) ভাৰতবৰ্ষত খৃষ্টানধর্মীয় লোক:
ভাৰতৰ সমাজ ব্যৱস্থাত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে এক গুৰুত্বপূৰ্ণ অৱস্থান দখল কৰি আছে। বিশেষকৈ ঔপনিৱেশিক কালত মিছনেৰীসকলৰ শিক্ষা আৰু স্বাস্থ্য সেৱাৰ জৰিয়তে এই ধৰ্ম প্ৰসাৰিত হৈছিল। বৰ্তমান কেৰালা, গোৱা আৰু উত্তৰ-পূব ভাৰতৰ জনজাতীয় অঞ্চলসমূহত খ্ৰীষ্টান ধৰ্মৰ লোকৰ সংখ্যা তুলনামূলকভাৱে অধিক। এই লোকসকলে ভাৰতৰ শিক্ষা আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ যথেষ্ট অৱদান আগবঢ়াইছে।

১২। শুদ্ধ উত্তৰটো বাছি উলিওৱা:
(ক) পৃথিৱীত মানুহৰ সৃষ্টি কেতিয়া হৈছিল?
(১) ৫-৬ লাখ বছৰ পূৰ্বে
(২) ১-২ লাখ বছৰ পূৰ্বে
(৩) ৫০-৬০ লাখ বছৰ পূৰ্বে
(৪) ১০-১২ লাখ বছৰ পূৰ্বে
উত্তৰ: (৩) ৫০-৬০ লাখ বছৰ পূৰ্বে
(খ) জনসংখ্যা হিচাবে পৃথিৱীৰ বৃহত্তম ধর্মীয় গোষ্ঠীটো কি?
(১) ইছলাম ধর্ম
(২) হিন্দু ধর্ম
(৩) খ্রীষ্টান ধর্ম
(৪) চীনদেশী লোক ধর্ম
উত্তৰ: (৩) খ্রীষ্টান ধর্ম।
(গ) মানুহৰ সৃষ্টি প্রথমে কোন মহাদেশত হৈছিল?
(১) এছিয়া মহাদেশ
(২) আফ্রিকা মহাদেশ
(৩) ইউৰোপ মহাদেশ
(৪) ওচেনিয়া মহাদেশ
উত্তৰ: (২) আফ্রিকা মহাদেশ।
(ঘ) চীনদেশৰ লোকসকল কোন মানৱগোষ্ঠীৰ অন্তৰ্গত?
(১) ককেছীয় গোষ্ঠী
(২) নিগ্র'ইড গোষ্ঠী
(৩) মঙ্গোলীয় গোষ্ঠী
(৪) অস্ট্রেল'ইড গোষ্ঠী
উত্তৰ: (৩) মঙ্গোলীয় গোষ্ঠী।
(১) ৫-৬ লাখ বছৰ পূৰ্বে
(২) ১-২ লাখ বছৰ পূৰ্বে
(৩) ৫০-৬০ লাখ বছৰ পূৰ্বে
(৪) ১০-১২ লাখ বছৰ পূৰ্বে
উত্তৰ: (৩) ৫০-৬০ লাখ বছৰ পূৰ্বে
(খ) জনসংখ্যা হিচাবে পৃথিৱীৰ বৃহত্তম ধর্মীয় গোষ্ঠীটো কি?
(১) ইছলাম ধর্ম
(২) হিন্দু ধর্ম
(৩) খ্রীষ্টান ধর্ম
(৪) চীনদেশী লোক ধর্ম
উত্তৰ: (৩) খ্রীষ্টান ধর্ম।
(গ) মানুহৰ সৃষ্টি প্রথমে কোন মহাদেশত হৈছিল?
(১) এছিয়া মহাদেশ
(২) আফ্রিকা মহাদেশ
(৩) ইউৰোপ মহাদেশ
(৪) ওচেনিয়া মহাদেশ
উত্তৰ: (২) আফ্রিকা মহাদেশ।
(ঘ) চীনদেশৰ লোকসকল কোন মানৱগোষ্ঠীৰ অন্তৰ্গত?
(১) ককেছীয় গোষ্ঠী
(২) নিগ্র'ইড গোষ্ঠী
(৩) মঙ্গোলীয় গোষ্ঠী
(৪) অস্ট্রেল'ইড গোষ্ঠী
উত্তৰ: (৩) মঙ্গোলীয় গোষ্ঠী।
| 1 | ● Text Books Question Answer |
| 2 | ● Additional Question Answer |
| 3 | ● Your Chapter PDF |
| 4 | ● MCQ Question Answer |
SEBA Class 9 Geography Elective Subject Solution Assam
CONTENT
| S. No |
SEBA Solutions for Class 9 Geography - All Chapters |
|---|---|
| 1 | প্ৰাকৃতিক ভূগোলঃ বতৰ আৰু জলবায়ু |
| 2 | মানৱ ভূগোলঃ পৃথিৱীৰ মানুহ |
| 3 | জনসংখ্যা বৃদ্ধি আৰু বিতৰণ |
| 4 | জনবসতি |
| 5 | অৰ্থনৈতিক ভূগোল |
| 6 | অৰ্থনৈতিক কাৰ্য বা বৃত্তি |
| 7 | কৃষি |
| 8 |
উদ্যোগ
|
Class 9 Geography Solution in Details
Lesson 1 ─ প্ৰাকৃতিক ভূগোলঃ বতৰ আৰু জলবায়ু
● Text Books Question Answer
Lesson 2 ─ মানৱ ভূগোলঃ পৃথিৱীৰ মানুহ
● Text Books Question Answer
Lesson 3 ─ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ
● Text Books Question Answer
Lesson 4 ─ জনবসতি
● Text Books Question Answer
Lesson 5 ─ অৰ্থনৈতিক ভূগোল
● Text Books Question Answer
Lesson 6 ─ অৰ্থনৈতিক কাৰ্য বা বৃত্তি
● Text Books Question Answer
Lesson 7 ─ কৃষি
● Text Books Question Answer
Lesson 8 ─ উদ্যোগ
● Text Books Question Answer ইয়াত SEBA Class 9 Geography Elective Subject ৰ সকলো Lesson ৰ সহজ আৰু সম্পূৰ্ণ Question Answer দিয়া হৈছে। এই Website টোত Textbook Question Answer, Additional Question Answer, MCQ Question Answer আৰু PDF Notes সহজ ভাষাত উপলব্ধ। ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ বাবে সহজে প্ৰস্তুতি ল'ব পৰাকৈ প্ৰতিটো অধ্যায় বিশদভাৱে সাজি দিয়া হৈছে।
ইয়াত বতৰ আৰু জলবায়ু, জনসংখ্যা, কৃষি, উদ্যোগ আদি সকলো অধ্যায়ৰ সমাধান Assamese Medium ত পোৱা যাব। লগতে Additional Questions আৰু MCQ Questions সমূহো অন্তর্ভুক্ত কৰা হৈছে যাতে তোমালোকৰ পৰীক্ষাৰ প্ৰস্তুতি অধিক সহজ হয়।
SEBA Class 9 Solutions
Get SEBA Solution for Class 9 All Subject like Maths, Science, Social Science, English, Assamese, Geography and Hindi. ইয়াত SEBA Textbook PDF, Read Books PDF আৰু সকলো Subject ৰ সহজ Question Answer পোৱা যাব। সকলো Solutions সহজ ভাষাত কৰা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে Homework, Exam Preparation আৰু Quick Revision সহজে কৰিব পাৰে।
CONTENT
| S. No | Subjects |
|---|---|
| 1 | English (ইংৰাজী) |
| 2 | Assamese (অসমীয়া) |
| 3 | Social Science (সমাজ বিজ্ঞান) |
| 4 | Science (বিজ্ঞান) |
| 5 | Maths (গণিত) |
| 6 | English Supplementary (ইংৰাজী পৰিপূৰক) |
| 7 | বৈচিত্ৰ ময় অসম |
| 8 | Hindi (EL) (হিন্দী) |
| 9 | Commerce (EL) (বাণিজ্য) |
| 10 | Advance Mathematics (EL) (উচ্চ গণিত) |
| 11 | Geography (EL) (ভূগোল) |
| 12 | Beauty and Wellness (EM) (সৌন্দৰ্য্য আৰু সুস্থতা) |
| 13 | Sanskrit (EM) (সংস্কৃত) |
| 14 | Computer Science (EL) (কম্পিউটাৰ বিজ্ঞান) |
| 15 | Information Technology (EM) (তথ্য প্ৰযুক্তি) |
ইয়াত SEBA Class 9 ৰ সকলো Subject ৰ সহজ আৰু সম্পূৰ্ণ Question Answer দিয়া হৈছে। এই Website টোত Textbook Question Answer, Additional Question Answer, MCQ Question Answer আৰু PDF Notes সহজ ভাষাত উপলব্ধ। ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ বাবে সহজে প্ৰস্তুতি ল'ব পৰাকৈ প্ৰতিটো অধ্যায় বিশদভাৱে সাজি দিয়া হৈছে।

No comments:
Post a Comment
Please do not enter any spam link in the comment box.